প্ৰথমে গ’ল ঘৰলৈ,পাছত বিধৱা প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামী-স্ত্ৰীৰ…

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এজন লোকে নিজ পত্নীৰ সৈতে মিলি বিধৱা প্ৰেমিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

প্ৰথমে গল ঘৰলৈ,পাছত বিধৱা প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামী-স্ত্ৰীৰ...

প্ৰেমিকাৰ সৈতে ভয়ংকৰ ঘটনা

Published: 

16 Nov 2025 21:55 PM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে আন এক ডাঙৰ কাণ্ড। বিবাদৰ পাছত প্ৰেমিকে সকলো সীমা অতিক্ৰম কৰি নিজৰ বিধৱা প্ৰেমিকাক পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়ে। এই কাণ্ডত অভিযুক্ত প্ৰেমিক মংগলা ডেহৰীত তেওঁৰ পত্নীয়ে সহায় কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বুকু কঁপাই যোৱা এই কাণ্ড সংঘটিত হৈছে ঝাৰখণ্ডৰ ডুমকা জিলাৰ শিকাৰিপাৰা আৰক্ষী থানা এলেকাত।

জানিব পৰা মতে, সীতাছাল গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ সৈতে বিগত তিনিবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল মংগলা ডেহৰী নামৰ লোকজন। প্ৰেমিক বিবাহিত আছিল। যাৰ বাবে এই কথাকলৈ প্ৰায়ে দুয়োৰে মাজত কাজিয়া লাগিছিল। কিন্তু মংগলাই পত্নীৰ লগতে প্ৰেমিকাৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰি গৈছিল।

কিন্তু ইয়াৰ মাজতে ১৩ নৱেম্বৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। পত্নীৰ সৈতে মিলি মংগলা নামৰ লোকজন বিধৱা প্ৰেমিকাৰ ঘৰলৈ যায়। তাৰ পাছত তাতেই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ পৰিণতিতে মংগলা আৰু তেওঁৰ পত্নীয়ে বিধৱা মহিলাগৰাকীক পেট্ৰ’ল ঢালি জুই লগাই পলায়ন কৰে।

এই ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে স্থানীয় লোকে মহিলাগৰাকীক হাস্পাতালত ভৰ্তি কৰায়। বৰ্তমান সময়তো তেওঁ চিকিৎসাধীন হৈ আছে যদিও অৱস্থা অতি সংকটজনক। এই ভয়ংকৰ কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সন্দৰ্ভত বিধৱা মহিলাগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূল অভিযুক্ত মংগলা ডেহৰীক। ইফালে তেওঁৰ অভিযুক্ত পত্নী এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাই আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

 

অন্য খবৰ পঢ়কঃ ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…

আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক
চুলিত লগাওক এইবিধ সামগ্ৰী, হৈ পৰিব দীঘল আৰু চিকমিকিয়া!
তেজৰ কৰ্কট ৰোগ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
শীতকালত চুগাৰৰ সমস্যা থকাসকল সাৱধান হওক, নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ ৬ টা পৰামৰ্শ