সঁচাকৈয়ে বিৰল! এটা বিবাহ বিচ্ছেদৰ গোচৰে আচৰিত কৰিলে উচ্চতম ন্যায়ালয়ৰ বিচাৰকক

শেহতীয়াকৈ প্ৰায় প্ৰতিটো বিবাহ বিচ্ছেদৰ ঘটনাত, সেয়া চুবুৰীৰ ঘৰেই হওক বা চেলিব্ৰিটি দম্পতীয়েই হওক, সেইবোৰৰ মাজত এটা সাদৃশ্য আছে, সেয়া হ’ল আকাশলংঘী বিবাহ বিচ্ছেদৰ হাৰ। যিটো ভয়ত কিছুমান পুৰুষে বিবাহৰ প্ৰতি বিমুখ হৈ পৰিছে।

সঁচাকৈয়ে বিৰল! এটা বিবাহ বিচ্ছেদৰ গোচৰে আচৰিত কৰিলে উচ্চতম ন্যায়ালয়ৰ বিচাৰকক

বিবাহ বিচ্ছেদ

Updated On: 

14 Dec 2025 | 12:03 PM

সাধাৰণতে বিবাহ বিচ্ছেদৰ ঘটনাত এগৰাকী মহিলাৰ সমস্ত ভৰণ-পোষণৰ দায়িত্ব পুৰুষজনে বহন কৰিবলগা হয়। তাৰ উপৰিও বহু ধন আদায় দিবলগীয়া হয়। কিন্তু উচ্চতম ন্যায়ালয়ত দেখা গ’ল বিবাহ বিচ্ছেদৰ এটা বিৰল গোচৰ। ইমানেই বিৰল যে বিচাৰকসকলে সমগ্ৰ ঘটনাটোক ‘পূৰ্বে কেতিয়াও নেদেখা’ বুলি অভিহিত কৰিছিল। য’ত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ বাবে একো লোৱা নাছিল। আনকি বিয়াত শহুৰৰ ঘৰৰ পৰা পোৱা সোণৰ খাৰু  ঘূৰাই দিয়ে।

শেহতীয়াকৈ প্ৰায় প্ৰতিটো বিবাহ বিচ্ছেদৰ ঘটনাত, সেয়া চুবুৰীৰ ঘৰেই হওক বা চেলিব্ৰিটি দম্পতীয়েই হওক, সেইবোৰৰ মাজত এটা সাদৃশ্য আছে, সেয়া হ’ল আকাশলংঘী বিবাহ বিচ্ছেদৰ হাৰ। যিটো ভয়ত কিছুমান পুৰুষে বিবাহৰ প্ৰতি বিমুখ হৈ পৰিছে। কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত উত্থাপিত হোৱা বিবাহ বিচ্ছেদৰ ঘটনাটো আছিল কিছু পৃথক।

এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠত। শুনানিৰ পিছত তেওঁলোকে সমগ্ৰ গোচৰটোক ‘বিৰল নিষ্পত্তি’ বুলি অভিহিত কৰে। কিন্তু আদালতৰ কক্ষত কি হৈছিল? আদালতৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে প্ৰাক্তন স্বামীৰ পৰা কোনো ধৰণৰ ভৰণ-পোষণ বিচৰা নাছিল।

কোনো ধৰণৰ আৰ্থিক ক্ষতিপূৰণৰ দাবী কৰা নাছিল তেওঁ। মহিলাগৰাকীৰ অধিবক্তাই ক’লে, ‘ডিভিজন বেঞ্চে আশা কৰিছিল যে মোৰ ক্লায়েণ্টে হয়তো তেওঁৰ বিয়াৰ উপহাৰ, অৰ্থাৎ বিয়াৰ সময়ত পোৱা বস্তুবোৰ বিচাৰিব। কিন্তু তেওঁ শাহুৱেকে দিয়া সোণৰ খাৰু দুপাতো ঘূৰাই দিলে।’

আদালতে লক্ষ্য কৰিলে যে এই গোচৰটো সঁচাকৈয়ে বেনজিৰ পদ্ধতিৰে নিষ্পত্তি কৰা হৈছিল। তাত কোনো দাবী নাছিল। মহিলাগৰাকীয়ে হাতত থকা খাৰুবোৰো ঘূৰাই দিছিল। ইয়াৰ পাছতে মহিলাগৰাকীক সুখী জীৱন কামনা কৰি ন্যায়াধীশ জে বি পাৰ্দিৱালাই কয় যে, ‘এই গোচৰটো সঁচাকৈয়ে বিৰল। আপোনাৰ অতীত পাহৰি যাওক। ভৱিষ্যতৰ বাবে আপোনালোকলৈ শুভেচ্ছা থাকিল।’

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...