পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহৰ সিদ্ধান্ত! পিছে বিয়াৰ এঘন্টা পূৰ্বে যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড দৰাৰ…
বিয়াৰ পূৰ্বে এগৰাকী যুৱতীক অতি নৃশংসভাৱে হত্যা কৰা এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, সামান্য বিবাদৰ পৰিণতিতে এই কাণ্ড সংঘটিত হয়। এই কাণ্ডৰ পাছতে এতিয়া দৰা পলাতক অৱস্থাত আছে।

যুৱতীগৰাকী আৰু অভিযুক্ত
বিবাহক লৈ প্ৰায় সকলোৰে নিজা নিজা সপোন থাকে। কিন্তু বিয়াৰ এঘন্টা পূৰ্বেই এগৰাকী যুৱতীৰ সেই সপোন ভাঙি চুৰমাৰ হয়। হ’বলগীয়া স্বামীৰ হাতত মৃ্ত্যু হয় যুৱতীগৰাকীৰ। জানিব পৰা মতে, বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। কিন্তু বিয়াৰ মাত্ৰ এঘন্টা পূৰ্বে হ’বলগীয়া পত্নীক নৃশংসভাৱে হত্যা কৰে দৰাই। শাৰী আৰু টকাৰ বাবে তেওঁলোকৰ কাজিয়া লাগিছিল, যাৰ পৰিণতিত এই কাণ্ড সংঘটিত হয়। হত্যাৰ পাছতে অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভৱনগৰৰ টেকৰি চ’কত।
আৰক্ষীৰ মতে, মৃত যুৱতীগৰাকী আৰু অভিযুক্ত সাজনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। যোৱা ডেৰ বছৰ ধৰি দুয়ো একেলগে বাস কৰিছিল। পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল। কিন্তু তাৰ পাছতে দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি, ১৫ অক্টোবৰৰ নিশা দুয়োৰে বিবাহৰ দিন আছিল। বিয়াৰ প্ৰায়ভাগ অনুষ্ঠান প্ৰায় সম্পূৰ্ণ হৈছিল। কিন্তু তাৰ পাছতে সংঘটিত হয় এক জঘন্য কাণ্ড।
আৰক্ষীয়ে জনাই যে, বিয়াৰ কেইটামান ঘন্টা আগতে শাৰী আৰু টকাক লৈ দৰা-কইনাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ পৰিণতিতে সাজনে প্ৰথমে যুৱতীগৰাকীৰ লোৰ ৰডেৰে আক্ৰমণ কৰে আৰু পাছত বেৰত মূৰ বেৰত থেতেলিয়াই হত্যা কৰে।
বিয়াৰ পূৰ্বে হত্যা
হ’বলগীয়া পত্নীক হত্যা কৰাৰ পাছত সাজনে সেই স্থানৰ পৰা পলায়ন কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ভৱনগৰৰ ডি এছ পি আৰ আৰ সিংঘালে কয় যে, পৰিয়ালৰ আপত্তিৰ পাছতো দুয়ো বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। দুয়ো ডেৰ বছৰ ধৰি একেলগে আছিল। শনিবাৰে তেওঁলোকৰ বিয়াৰ দিন আছিল। কিন্তু বিয়াৰ কেইটামান ঘন্টা পূৰ্বে সাজনে অতি নৃশংসভাৱে যুৱতীগৰাকীক হত্যা কৰে। সাজনে ইমান নৃশংসভাৱে আক্ৰমণ কৰিছিল যে যুৱতীগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, অভিযুক্ত সাজন আৰু প্ৰেমিকাৰ ওচৰ-চুবুৰীয়াৰ এজনৰ সৈতেও কাজিয়া হৈছিল। তেওঁৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত দৰা। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ প্ৰথমে গ’ল ঘৰলৈ,পাছত বিধৱা প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড স্বামী-স্ত্ৰীৰ…