১১ দিন পাছত আছিল বিয়া, ফটোশ্বুটৰ আছিল পৰিকল্পনা! পিছে তাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে যুৱতীয়ে…

বিয়াৰ প্ৰস্তুতি চলি আছিল এগৰাকী যুৱতীৰ। কিন্তু বিয়া হোৱাৰ পূৰ্বেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি ল'লে যুৱতীগৰাকীয়ে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১১ দিন পাছত আছিল বিয়া, ফটোশ্বুটৰ আছিল পৰিকল্পনা!  পিছে তাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে যুৱতীয়ে...

যুৱতীগৰাকী

Published: 

09 Sep 2025 | 01:31 PM

বিয়া বুলিলেই সকলোৰে গা সাতখন-আঠখন! কোনে নিবিচাৰে ধুমধামেৰে বিয়াত বহিব! এগৰাকী যুৱতী বা পৰিয়ালৰ বিয়াক লৈ বহু জল্পনা-কল্পনা থাকে। বহু পিতৃ-মাতৃয়ে বিচাৰে যে তেওঁৰ কন্য়া ভাল এঘৰ মানুহৰ ঘৰলৈ বিয়া হৈ যাওক আৰু সুখেৰে থাকক। কিন্তু সকলোৰে জানো এই সপোন পূৰণ হয়? কোৱা হয়, বিধিৰ বিধান নাযায় খণ্ডন। এগৰাকী যুৱতীৰ ক্ষেত্ৰতো যেন এনেকুৱাই হ’ল। বহু আশা বহুত বান্ধি পৰিয়ালে যুৱতীগৰাকীৰ বিয়া ঠিক কৰিছিল। কিন্তু বিয়াৰ কেইটামান দিন পূৰ্বে যুৱতীগৰাকীয়ে মৃত্যুক সাৱতি লয়।

জানিব পৰা মতে, সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এগৰাকী যুৱতীয়ে। নিহত যুৱতীগৰাকী কবিতা (২৬) বুলি চিনাক্ত হৈছে। এই মাহতে কবিতাৰ বিয়া হোৱাৰ কথা আছিল। কিন্তু কইনা সাজ পিন্ধাৰ পূৰ্বেই প্ৰাণ হেৰুৱাই যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ শিৱমোগ্গাত।

জানিব পৰা মতে, কবিতাই এখন হাস্পাতালত কাম কৰিছিল। কালি হাস্পাতালৰ পৰা যুৱতীগৰাকীয়ে বাইকেৰে ভাতৃৰ সৈতে ঘৰলৈ আহি আছিল। তেতিয়াই এখন টিভিএছ বাইকো আহি আছিল। এই বাইকখনত আছিল বহুত সা-সামগ্ৰী। দুৰ্ভাগ্যবশতঃ বাইকখনে কবিতাহঁতৰ বাইকত খুন্দা মাৰে। যাৰ বাবে কবিতাৰ ভাতৃ সন্তোষে ভাৰসাম্য হেৰুৱাই আৰু ৰাজপথত বাগৰি পৰে। সেই সময়তে পিছফালৰ পৰা এখন চিটিবাছ আহি আছিল। লগে লগে সেই বাছখন কবিতাৰ গাৰ ওপৰৰে উঠি যায়। যাৰ ফলত থিতাতে মৃত্যুক সাৱতি লয় যুৱতীগৰাকীয়ে।

এই ঘটনাত যুৱতীগৰাকীৰ ভাতৃ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কবিতাই এখন ব্যক্তিগত হাস্পাতালত ৰেডিঅ’লজিষ্ট হিচাপে কাম কৰিছিল। ৮ ছেপ্টেম্বৰৰ দিনটো আছিল হাস্পাতালক কাম কৰাৰ বাবে কবিতাৰ শেষ দিন। বিয়াৰ বাবে কালি এই হাস্পাতালখনৰ পৰা পদত্যাগ কৰিছিল কবিতাই। তথ্য অনুসৰি ২৪ ছেপ্টেম্বৰত কবিতাৰ বিয়া আছিল। কিন্তু চাকৰিৰ পৰা উভতাৰ পথতেই কবিতাই মৃত্যুক সাৱতি লয়।

জানিব পৰা মতে, ঘটনাৰ দিনা হাস্পাতালৰ পৰা উভতাৰ পাছত কবিতাৰ হ’বলগীয়া স্বামীৰ সৈতে ফটোশ্বুট কৰাৰ কথা আছিল। কিন্তু সকলো সপোন যেন মৰহি গ’ল। কবিতাৰ মৃত্যুৰ পাছতে এতিয়া বিয়াৰ ৰভাতলি মৰিশালীলৈ ৰূপান্তৰিত হৈছে।

 

অন্য খবৰ পঢ়ক- এছিয়াৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰভাৱিত! লোহিত সাগৰৰ তলত কোনে কাটিলে ইন্টাৰনেট সংযোগৰ তাঁৰ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...