১৭ বছৰৰ বিবাহ এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ! আৰক্ষীৰ সন্মুখতে স্বামীৰ ভয়ংকৰ কাণ্ড…

এগৰাকী পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ। জানিব পৰা মতে, মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে পলাই গৈছিল। এই কথা সহ্য কৰিব পৰা নাছিল স্বামীয়ে। যাৰ বাবে সংঘটিত কৰে এক ভয়ংকৰ কাণ্ড। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১৭ বছৰৰ বিবাহ এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ! আৰক্ষীৰ সন্মুখতে স্বামীৰ ভয়ংকৰ কাণ্ড...

ঘটনাস্থলী

Published: 

12 Jan 2026 | 03:37 PM

পুনৰ এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। বিশ্বাসঘাটকতাৰ প্ৰতিশোধ ল’বলৈ এগৰাকী স্বামীয়ে অতি নৃশংসভাৱে হত্যা কৰে নিজ পত্নীক। আচৰিত কথা এয়াই যে, আৰক্ষী থানা এলেকাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে।  ভয়ংকৰ এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো বহু প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হৰদয় জিলাত।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰায় ১৭ বছৰ পূৰ্বে মহিলাগৰাকীয়ে অনুপৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ইমান বছৰলৈতে সকলো ঠিকে চলি আছিল। কিন্তু ৭ জানুৱাৰীত মহিলাগৰাকীয়ে স্বামীক এৰি প্ৰেমিক সুৰজিতৰ সৈতে পলায়ন কৰে। মহিলাগৰাকীক বিচাৰিবলৈ স্বামীয়ে থানাত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত কালি আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে।

পিছে সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মহিলাগৰাকীয়ে থানাৰ কেন্টিনলৈ খাদ্য আনিবলৈ গৈ থকা অৱস্থাত স্বামীয়ে অবৈধ অস্ত্ৰৰে তেওঁক গুলীয়ায়। লগে লগে তেজেৰে লুতুৰী পুতুৰী হৈ মহিলাগৰাকী মাটিত ঢলি পৰে। গুলী লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকীক লগে লগে হাস্পাতালত লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত মৃত্যু হয়।

এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবৈধ অস্ত্ৰৰে কেনেকৈ অনুপে থানা এলেকাৰ ভিতৰত এই কাণ্ড সংঘটিত কৰিলে তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰি কয় যে, পত্নীয়ে তেওঁক বিশ্বাসঘাটকতা কৰিছিল, গতিকে তেওঁ প্ৰতিশোধ বিচাৰি এই কাম কৰিছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰেমিকৰ সৈতে পলাই যোৱা হ’ল কাল! কিশোৰীৰ সৈতে পৰিয়ালৰ ভয়ংকৰ কাণ্ড…

বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
শীতকালত নিয়মিত খাওক এনে খাদ্যবস্তু; নাথাকে ৰক্তচাপ বৃদ্ধিৰ ভয়, থাকিব নিয়ন্ত্ৰণত
শীতকালত লিভাৰ সুস্থ ৰাখিবলৈ কি কি খাব? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ