পুত্ৰ বগা আৰু ধুনীয়া হোৱাৰ বাবে স্বামীৰ সন্দেহ! নিশা পত্নীৰ লগত সংঘটিত গাৰ নোম শিয়ৰি উঠা কাণ্ড…

সন্দেহ আৰু ওচৰ-চুুবুৰীয়াৰ ঠাট্টা-মস্কৰা সহ্য কৰিব নোৱাৰি এজন লোকে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। সন্তান বগা হোৱাৰ বাবে পত্নীক অতি নৃশংসভাৱে তেওঁ হত্যা কৰে। বৰ্তমান অভিযুক্ত পলাতক অৱস্থাত আছে।

পুত্ৰ বগা আৰু ধুনীয়া হোৱাৰ বাবে স্বামীৰ সন্দেহ! নিশা পত্নীৰ লগত সংঘটিত গাৰ নোম শিয়ৰি উঠা কাণ্ড...

মহিলাগৰাকীৰ পৰিয়াল

Published: 

21 Nov 2025 | 11:18 AM

তুমি ক’লা, তোমাৰ ল’ৰা কেনেকৈ বগা হ’ল…বন্ধু-বান্ধৱ তথা আত্মীয়ৰ ঠাট্টা-মস্কৰা সহ্য কৰিব নোৱাৰি এজন স্বামীয়ে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰে। পুত্ৰ কিয় ধুনীয়া হোৱাৰ বাবেই তেওঁ পত্নীৰ ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰ জিলাৰ আবাদপুৰ থানা এলেকাৰ নাৰায়ণপুৰ গাঁৱত। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

তথ্য় অনুসৰি, সুকুমাৰ দাস আৰু পত্নীৰ এখন সুখৰ সংসাৰ আছিল। প্ৰায় ৩ মাহ পূৰ্বে তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হয়। পূৰ্বৰে পৰা তেওঁলোকৰ অন্য এটি পুত্ৰ সন্তান আছিল। সেই সন্তানটি ক’লা আছিল। সুকুমাৰৰ দেহৰ বৰণো শ্যামবৰণীয়। তেনেস্থলত সৰু পুত্ৰ ধুনীয়া আৰু বগা হৈ জন্ম লাভ কৰিছিল। নৱজাতক সন্তানটিক ধুনীয়া আৰু বগা দেখি সুকুমাৰৰ পত্নীৰ ওপৰত সন্দেহ হ’বলৈ আৰম্ভ হয়। পাছত ওচৰ-চুবুৰীয়াই বিভিন্ন ঠাট্টা-মস্কৰা কৰি এই সন্দেহ দুগুণ বৃদ্ধি কৰে।

পত্নীৰ ল’লে প্ৰাণ

এনেদৰে কেইবাদিন পাৰ হ’ল। সুকুমাৰে ঠিক কৰি ল’লে যে সন্তানটি তেওঁৰ নহয়। ইয়াক লৈ তেওঁ প্ৰায়ে পত্নীৰ সৈতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। পত্নীয়ে সুকুমাৰক বুজাবলৈ চেষ্টা কৰিছিল যদিও কোনো লাভ হোৱা নাছিল। সেয়ে তেওঁ মাকৰ ঘৰলৈ গুচি যায়।

ইয়াৰ মাজতে বুধবাৰ (১৯ নৱেম্বৰ)য়ে সুকুমাৰে শহুৰেকৰ ঘৰলৈ যায় আৰু শিশুটি সন্দৰ্ভত কথা পাতে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ভাবে যে সকলো হয়তো ঠিক হ’ব।  কিন্তু সেই নিশাই সুকুমৰে পত্নীৰ ডিঙি কাটি হত্যা কৰে। ইমানেই নহয়, পত্নীৰ ব্যক্তিগত অংগতো একাধিকবাৰ আক্ৰমণ কৰে।

পাছদিনা যেতিয়া ঘৰৰ মানুহে কোঠাৰ দুৱাৰ খোলে তেতিয়া আচৰিত হৈ পৰে। কিয়নো কোঠাত পৰি আছিল মহিলাগৰাকীৰ তেজেৰে লুতুৰী-পুতুৰী দেহ। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান অভিযুক্ত পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ ফটো, বোমা নিৰ্মাণৰ প্ৰশিক্ষণ…গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ ফোনৰ পৰা উদ্ধাৰ ভয়ংকৰ তথ্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...