ইঞ্জিনিয়াৰ হোৱা বাবে দিছিল বিয়া! এমাহ পাছত ভয়ংকৰ কাণ্ড, উদ্ধাৰ ন-বিবাহিতাৰ মৃতদেহ…

বিয়াৰ কেইটামান মাহ পাছতেই এগৰাকী মহিলাই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। জানিব পৰা মতে, মহিলাগৰাকীক পৰিয়ালৰ লোকে চৰকাৰী চাকৰি থকা দৰা চাই বিয়া দিছিল। কিন্তু বিয়াৰ এমাহ পাছতেই তেওঁলোকে দেখুৱাইছিল অন্য এটা ৰূপ।

ইঞ্জিনিয়াৰ হোৱা বাবে দিছিল বিয়া! এমাহ পাছত ভয়ংকৰ কাণ্ড, উদ্ধাৰ ন-বিবাহিতাৰ মৃতদেহ...

স্বামী-স্ত্ৰী

Published: 

27 Nov 2025 | 09:47 AM

বিয়া এখনক লৈ প্ৰায় বহুতৰে নিজা নিজা সপোন থাকে। কিন্তু প্ৰশ্ন হয়, কিমান সমস্যা বা কষ্টত বিয়াৰ কেইটামান মাহ পাছতেই এগৰাকী যুৱতীয়ে নিজৰ জীৱন ত্যাগ কৰিব পাৰে? জানিব পৰা মতে, পিতৃ-মাতৃয়ে ভাল দৰা বিচাৰি যুৱতীগৰাকীক বিয়া দিছিল। কিন্তু বিয়াৰ পাছতেই আৰম্ভ হৈছিল যৌতুকক লৈ অত্যাচাৰ। সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে পুখুৰীত জঁপিয়াই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ শিৱমেগ্গাৰ ভদ্ৰা নামৰ অঞ্চলত।

ন-কইনাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে শহুৰেকৰ ঘৰৰ মানুহে পলায়ন কৰে। বৰ্তমান সময়তো অফ হৈ আছে স্বামীৰ ফোন। ইফালে ঘটনাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

তথ্য অনুসৰি, ১৪ এপ্ৰিল, ২০২৫ ত যুৱতীগৰাকীয়ে গুৰুৰাজ নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। গুৰুৰাজ ভদ্ৰা ডেমৰ কেপিচিএলত ইঞ্জিনিয়াৰ পদত কৰ্মৰত। গুৰুৰাজে চৰকাৰী চাকৰি কৰিছিল, যাৰ বাবে বিয়াৰ সময়ত যুৱতীগৰাকীৰ পৰিয়ালে বহু পৰিমাণৰ যৌতুক দিছিল। তেওঁলোকে গুৰুৰাজক ৩০ গ্ৰাম সোণৰ গহনা আৰু ১০ লাখ টকা নগদৰ সৈতে প্ৰায় ৬০ লাখ টকাৰ সা-সামগ্ৰী দিছিল।

এই বৃহৎ পৰিমাণৰ যৌতুক লাভ কৰাৰ পাছতো গুৰুৰাজৰ পৰিয়ালে ন-বিবহিতাগৰাকীক আৰু অধিক যৌতুকৰ বাবে হাৰাশাস্তি কৰি আছিল। বিয়াৰ মাত্ৰ এমাহ পাছতেই তেওঁলোকে পুনৰ যৌতুক বিচাৰিবলৈ আৰম্ভ কৰিছিল। ইমানেই নহয়, কইনাগৰাকীক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল।

ইমান দিন মহিলাগৰাকীয়ে সকলো সহ্য কৰি আছিল যদিও ২৩ নৱেম্বৰত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। মহিলাগৰাকীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে তেওঁ এখন নোট লিখি থৈ যায়। য’ত উল্লেখ কৰিছে যে, তেওঁৰ স্বামীৰ অন্য যুৱতীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। ইয়াৰোপৰি যৌতুকৰ বাবে সকলোৱে তেওঁক অত্যাচাৰ কৰিছিল। এই নোটত মহিলাগৰাকীয়ে স্বামী গুৰুৰাজা, তেওঁৰ ভগ্নী, শাহুৱেক, ভগ্নীৰ স্বামী কৃষ্ণাপ্পাক দোষাৰোপ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পুনৰ গ্ৰেপ্তাৰ এজন,দিল্লীত বিস্ফোৰণ সংঘটিত কৰা ওমৰক কি সহায় কৰিছিল শ্বোয়েবে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...