ধুনীয়া হোৱাৰ বাবে ৪ শিশুৰ সৈতে ভয়ংকৰ কাণ্ড! এগৰাকী মহিলাৰ নৃশংসতাই বুকু কপাই তুলিব আপোনাৰ…

এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। কেৱল ধুনীয়া হোৱা বাবেই এগৰাকী মহিলাই ৪টাকৈ শিশুক হত্যা কৰে। ইয়াৰ ভিতৰত তেওঁৰ এটি নিজৰ সন্তানো আছে। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধুনীয়া হোৱাৰ বাবে ৪ শিশুৰ সৈতে ভয়ংকৰ কাণ্ড! এগৰাকী মহিলাৰ নৃশংসতাই বুকু কপাই তুলিব আপোনাৰ...

মহিলাগৰাকী

Updated On: 

04 Dec 2025 11:14 AM

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা পোহৰলৈ আহে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব আপোনাৰ। ৪টাকৈ শিশুৰ মৃত্যু পৰিয়ালৰ লোকে এক দুৰ্ঘটনা বুলি ভাবি আছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে যে, এয়া আচলতে দুৰ্ঘটনা নহয়, এয়া হত্যাকাণ্ড। ধুনীয়া শিশুৰ প্ৰতি এগৰাকী মহিলাৰ থকা ঈৰ্ষাৰ বাবে এই জঘন্য কাণ্ড সংঘটিত হয়। এই ঘটনা পোহৰলৈ আহিছে হাৰিয়ানাৰ পানিপটৰ পৰা।

মহিলাগৰাকীয়ে বিশেষকৈ ছোৱালীসকলক লক্ষ্য কৰি লৈছিল। কিন্তু তেওঁ নিজৰ পুত্ৰ সন্তানকো হত্যা কৰিছিল। এই কাহিনী ৩২ বছৰীয়া চাইকো কিলাৰ পুনমৰ। যেতিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁৰ মুখত নাছিল অনুশোচনা। আৰক্ষীৰ জেৰাত তেওঁ কৈছিল যে, ধুনীয়া ল’ৰা-ছোৱালী দেখিলে ঈৰ্ষা হয় বাবে তেওঁ ৪টাকৈ শিশুক হত্যা কৰিছে। ইয়াৰ ভিতৰত এজন তেওঁ নিজ পুত্ৰ। মহিলাগৰাকীয়ে কয় যে, পৰিয়ালৰ কোনো লোকে যাতে সন্দেহ নকৰে তাৰ বাবে তেওঁ নিজ পুত্ৰক হত্যা কৰিছে। তেওঁ শিশুকেইটাত পানীত ডুবাই মাৰিছিল যাতে নিশ্চিত হয় তেওঁলোকৰ মৃত্যু হোৱা বুলি।

চাৰিটাকৈ হত্যাকাণ্ড

মহিলাগৰাকীয় প্ৰথম দুটা হত্যাকাণ্ড সংঘটিত কৰিছিল ২০২৩ চনত। তেওঁ নিজ পুত্ৰ আৰু ননদৰ কন্যাক পানীৰ টেংকিত ডুবাই হত্যা কৰিছিল। এই সন্দৰ্ভত পানীপটৰ আৰক্ষী অধীক্ষক ভূপেন্দ্ৰ সিঙে কয় যে, ২০২৩ চনত পুনমে প্ৰথমে ভৱদস্থিত শহুৰেকৰ ঘৰত দুটা নিৰীহ সন্তানক হত্যা কৰিছিল।তাৰ ভিতৰত এটা আছিল পুনমৰ নিজৰ পুত্ৰ , যাৰ বয়স মাত্ৰ ৩ বছৰ আছিল। আনজন আছিল ৯ বছৰীয়া কন্যা। পৰিয়ালে যাতে সন্দেহ নকৰে তাৰ বাবে পুত্ৰক হত্যা কৰিছিল। এনে ক্ষেত্ৰত পৰিয়ালে সেয়া দুৰ্ঘটনা বুলিয়ে ধৰি লৈছিল।

ইয়াৰ পাছত তৃতীয়টো হত্যাকাণ্ড তেওঁ ২০২৫ চনৰ আগষ্ট মাহত সংঘটিত কৰে। সেই সময়ত মহিলাগৰাকী মাকৰ ঘৰলৈ গৈছিল। তাতেই তেওঁ সম্পৰ্কীয় ভাতৃৰ ৬ বছৰীয়া কন্যাক পানীৰ টেংকিত ডুবাই হত্যা কৰিছিল। একাংশই সেই ঘটনাটোত সন্দেহ কৰিছিল যদিও পাছলৈ এয়া এক দুৰ্ঘটনা বুলি সকলোৱে ৰীতি-নীতি সম্পন্ন কৰে।

ইয়াৰ পাছত ২০২৫ চনৰ ১ ডিচেম্বৰত মহিলাগৰাকীয়ে চতুৰ্থটো হত্যাকাণ্ড সংঘটিত কৰে। কিন্তু এইবাৰ তেওঁ ধৰা পৰা। ঘটনাৰ দিনা মহিলাগৰাকী এখন বিয়ালৈ গৈছিল। বিয়াৰ কামত সকলো ব্যস্ত আছিল। কিন্তু তাৰ মাজতে মহিলাগৰাকীয়ে ৬ বছৰীয়া এটি শিশুক পানীৰ টেংকিত ডুবাই হত্যা কৰে।

কেনেকৈ ধৰা পৰে

বিবাহ অনুষ্ঠানৰ পৰা যেতিয়া শিশুটি নোহোৱা হয় তেতিয়া বিচাৰ খোচৰ লাগে। বহু বিচৰাৰ অন্তত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ সকলোকে সোধা পোচা কৰাৰ লগতে সেই মহিলাগৰাকীকো জেৰা কৰে। জেৰাৰ সময়ত তেওঁ কয় যে, সেই চাৰিটা শিশুক তেওঁৱে হত্যা কৰিছে।

জেৰাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে কয় যে, বিবাহৰ পাছত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। কিন্তু সকলোৱে ঠাট্টা কৰিছিল যে মহিলাগৰাকীৰ সন্তানতকৈ আন ল’ৰা-ছোৱালীবোৰ বেছি ধুনীয়া। যাৰ বাবে মহিলাগৰাকী মানসিকভাৱে ভাগি পৰিছিল আৰু অন্য শিশুলৈ ঈৰ্ষা আৰম্ভ হৈছিল। তাৰ পাছতে হত্যাকাণ্ড সংঘটিত কৰিছিল তেওঁ। ইমানেই নহয়, মহিলাগৰাকীয়ে নিজৰ ১৮ মহীয়া সন্তানক টাৰ্গেট কৰিছিল। কিন্তু বৰ্তমান জেলত আছে মহিলাগৰাকী। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ! ১০৮ সেৱাৰ পৰা অব্যাহতি প্ৰায় ৫০০ কৰ্মচাৰীক…

এই ৫ টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক চাণক্য নীতিৰ পৰা...
ৰাছিয়াত মুছলিম জনসংখ্যা কিমান? জানক...
গুপ্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? জানক ঘৰতে কেনেকৈ দূৰ কৰিব এই সমস্যা
মাহেকীয়াৰ পূৰ্বে পেট ফুলা যেন অনুভৱ হয় নেকি? জানক কেনেকৈ দূৰ কৰিব এই সমসা
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ