শুই থকা স্বামীৰ গাত ঢালিলে উতলা তেল, তাৰ পিছত জলকীয়াৰ গুড়ি…পত্নীৰ কাণ্ডত হতবাক আৰক্ষী

তেওঁ কয় যে, পুৱতি নিশা প্ৰায় ৩:১৫ বজাত তেওঁৰ পত্নীয়ে তেওঁৰ ওপৰত গৰম তেল ঢালি দিছিল। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই সাধনাই তেওঁৰ ঘাঁত জলকীয়াৰ গুড়ি ছটিয়াই দিলে। যন্ত্ৰনাত থকা দীনেশৰ চিঞৰ শুনি ঘৰৰ মালিকে লৰালৰিকৈ ওপৰলৈ উঠি আহি ততাতৈয়াকৈ দিনেশৰ ভাতৃ ৰামসাগৰক ফোন কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰে।

শুই থকা স্বামীৰ গাত ঢালিলে উতলা তেল, তাৰ পিছত জলকীয়াৰ গুড়ি...পত্নীৰ কাণ্ডত হতবাক আৰক্ষী

স্বামীৰ গাত উতলা তেল ঢালিলে পত্নীয়ে

Updated On: 

08 Oct 2025 15:48 PM

দক্ষিণ দিল্লীৰ আম্বেদকাৰ নগৰ অঞ্চলত বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিলে এগৰাকী পত্নীয়ে। স্বামীৰ ওপৰত গৰম তেল ঢালি দিয়াৰ পিছত সেই ঘাঁত জলকীয়াৰ গুড়ি ছটিয়াই দিলে। বৰ্তমান ছাফদাৰজং হাস্পতালৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজি আছে স্বামী।

ঘটনা অনুসৰি দীনেশ কুমাৰ (২৮) নামৰ ব্যক্তি এজনে পত্নী সাধনা আৰু তেওঁলোকৰ কণমানি কন্যাৰ সৈতে দক্ষিণ দিল্লীৰ মাদংগীৰ অঞ্চলত ভাড়াঘৰত বাস কৰে। তেওঁ এটা ঔষধ কোম্পানীত কাম কৰে। আৰক্ষীক দিয়া বিবৃতিত দীনেশে কয় যে, আনদ দিনৰ  দৰে ২ অক্টোবৰৰ নিশা কামৰ পৰা উভতি অহাৰ পিছত নিশাৰআহাৰ খাই সদায়ৰ দৰে শুই গৈছিল। তেওঁৰ পত্নী আৰু ছোৱালীজনীও ওচৰতে শুই আছিল।

তেওঁ কয় যে, পুৱতি নিশা প্ৰায় ৩:১৫ বজাত তেওঁৰ পত্নীয়ে তেওঁৰ ওপৰত গৰম তেল ঢালি দিছিল। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই সাধনাই তেওঁৰ ঘাঁত জলকীয়াৰ গুড়ি ছটিয়াই দিলে। যন্ত্ৰনাত থকা দীনেশৰ চিঞৰ শুনি ঘৰৰ মালিকে লৰালৰিকৈ ওপৰলৈ উঠি আহি ততাতৈয়াকৈ দিনেশৰ ভাতৃ ৰামসাগৰক ফোন কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰে। লগে লগে ৰামসাগৰ ঘটনাস্থলীত উপস্থিত হৈ দীনেশক মদন মোহন মালবিয়া হাস্পতাললৈ লৈ যায়, য’ত তেওঁৰ অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে চিকিৎসকে তেওঁক ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰে।

দীনেশৰ বক্তব্যৰ ভিত্তিত ৩ অক্টোবৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্দেহ অনুসৰি ঘৰুৱা কাৰণতে এই ঘটনা সংঘটিত হৈছে । দীনেশে উল্লেখ কৰে যে তেওঁ আঠ বছৰ আগতে সাধনাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুবছৰ পূৰ্বে পত্নীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল যদিও পিছত তেওঁলোকে বুজাবুজিত উপনীত হৈছিল। সম্প্ৰতি সাধনাই CAW (Crime Against Women) কোষত এজাহাৰ দাখিল কৰিছে। এই বিগত বিবাদৰ ভিত্তিত এতিয়া আৰক্ষীয়ে গোচৰৰ পটভূমিৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে ঘটনাৰ পিছতে স্তব্ধ হৈ পৰিছে দীনেশৰ পৰিয়াল। এই ঘটনাত চুবুৰীয়াসকলো স্তম্ভিত হৈ পৰিছে। সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত পত্নী সাধনাক জেৰাৰ বাবে সাজু হৈছে। বিষয়াসকলে কয় যে, তদন্তৰ পিছতহে স্পষ্ট হ’ব যে এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য কি আছিল— ব্যক্তিগত বিবাদ, মানসিক চাপ বা আন কোনো কাৰণ। এই গোচৰটোৱে ঘৰুৱা হিংসাৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ এক ভয়ানক ছবি দাঙি ধৰিছে, য’ত ঘৰুৱা বিসংগতিৰ ফলত কেতিয়াবা এনে মৰ্মান্তিক ঘটনা সংঘটিত হয়। বৰ্তমানো সংকটজনক  অৱস্থাত আছে দীনেশ। আৰক্ষীয়ে ঘটনাটো তদন্ত অব্যাহত ৰাখিছে।

পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...
বহি থকা অৱস্থাত ভৰি জোকাৰাটো অশুভ লক্ষণ নেকি? বাস্তু শাস্ত্ৰ, বিজ্ঞানৰ মতে জানক...
হেপাটাইটিছ B ৰ লক্ষণবোৰ কি কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক