মোদীয়ে কিয় ক’লে ‘পাৰমাণৱিক ব্লেকমেইল’ৰ কথা! আক্ৰমণৰ ভাবুকি দিছিল নেকি পাকিস্তানে?
সোমবাৰে দেশবাসীক সম্বোধন কৰি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্দাত্ত কণ্ঠৰে পাকিস্তানক সকীয়নি প্ৰদান কৰে। তেওঁ লগতে নিজ ভাষণত ‘ভাৰতে পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে’ বুলি স্পষ্ট কৰি দিয়ে। মোদীৰ এই সকীয়নিমূলক বাক্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছত সোমবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্দাত্ত কণ্ঠৰে পাকিস্তানক সকীয়নি প্ৰদান কৰে। তেওঁ লগতে নিজ ভাষণত ‘ভাৰতে পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে’ বুলি স্পষ্ট কৰি দিয়ে। মোদীৰ এই সকীয়নিমূলক বাক্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। পহলগাম আক্ৰমণৰ পিছত অধিক অৱনতি ঘটে ভাৰত-পাকিস্তানৰ সম্পৰ্ক। ভাৰতে এই আক্ৰমণৰ প্রতিশোধ লোৱাৰ পিছতে উত্তেজনা চৰম শিখৰত উপনীত হয়৷
ভাৰতৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ পিছতে পাকিস্তানে সীমান্তত আক্ৰমণ আৰম্ভ কৰে আৰু তেনে পৰিস্থিতিত ভাৰতেও চলায় প্ৰত্যাক্ৰমণ। ইফালে তাৰ মাজতে ৰাছিয়াত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাবুকিপূৰ্ণ স্বৰেৰে কয় যে ভাৰতে যদি আক্ৰমণ কৰে তেতিয়া পাকিস্তানে সম্পূৰ্ণ শক্তিৰে প্ৰতিশোধ ল’ব। আনকি পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি মন্তব্য কৰে পাক ৰাষ্ট্ৰদূতগৰাকীয়ে।
এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ মুখত শুনা গ’ল এই বিষয়ত স্পষ্ট বাৰ্তা। মোদীয়ে স্পষ্ট ভাষাৰে কয় যে ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। সন্ত্ৰাসবাদীয়ে ভাৰতত আক্ৰমণ কৰিলে উপযুক্ত উত্তৰ দিয়া হ’ব বুলি তেওঁ সকীয়াই দিয়ে। সূত্ৰ অনুসৰি যুদ্ধবিৰতিৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই পাকিস্তানী সেনা প্ৰধান অসীম মুনিৰৰ সৈতে যোগাযোগ কৰিছিল কৰিছিল। মুনিৰে তেতিয়া পৰিস্থিতিৰ অৱনতি ঘটিলে পাকিস্তানে পাৰমাণৱিক যুদ্ধৰ দিশে আগবাঢ়িব বুলি উল্লেখ কৰাৰ কথা প্ৰকাশ পাইছে।
ইফালে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা লৈ দুয়ো দেশক যুদ্ধবিৰতিৰ ক্ষেত্ৰত সন্মত কৰোৱাৰ পিছত নিজ মুখে দুয়োখন দেশৰ মাজত পাৰমাণৱিক যুদ্ধ ৰোধ কৰা বুলি মন্তব্য কৰিছে। উল্লেখ্য যে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানত মুঠ ৮টা এয়াৰবেছ ধ্বংস কৰা বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত সৰগোধা বায়ুসেনা ঘাটিতো আক্ৰমণ সংঘটিত হয়। এই ঘাটিৰ সৈতে কিৰানা পাহাৰৰ ভূগৰ্ভস্থ পাৰমাণৱিক শক্তি কেন্দ্ৰটো সংযুক্ত বুলি একাংশই দাবী কৰে।
কিন্তু ভাৰতীয় সেনাই কিৰানা পাহাৰত কোনো পাৰমাণৱিক কেন্দ্ৰ আছে নে নাই সেই বিষয়ে জ্ঞাত নহয় বুলি উল্লেখ কৰিছে যদিও পাকিস্তানে ভাৰতে কিৰানা পাহাৰ আক্ৰমণ কৰি পাৰমাণৱিক যুদ্ধৰ উচটনি দিছে বুলি দাবী কৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে কালিৰ ভাষণত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ ব্লেকমেইল কৰাৰ প্ৰয়াস আৰু এইক্ষেত্ৰত তেওঁলোক কেতিয়াও সফল নহ’ব বুলি স্পষ্ট কৰি দিছে।