দিল্লীত গ্ৰেপ্তাৰ হোৱা আছমা বেগম কোন ? ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আছিল গুৱাহাটীৰ এইগৰাকী মহিলা…

আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আছিল আছমা বেগমৰ গতিবিধি। দিল্লী ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁক বৰ্তমান ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

দিল্লীত গ্ৰেপ্তাৰ হোৱা আছমা বেগম কোন ? ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আছিল গুৱাহাটীৰ এইগৰাকী মহিলা...
Published: 

25 Jan 2026 | 01:06 PM

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি হৈ পৰা আছমা বেগমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ ক্ৰাইম ব্ৰান্সে। বিদেশী দূতাবাসৰ ভুৱা নম্বৰ প্লেটযুক্ত বাহন লৈ ঘূৰা-ফুৰা কৰিছিল গুৱাহাটীৰ স্থানীয় বাসিন্দা আছমা বেগমে। বিশেষকৈ আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আছিল আছমা বেগমৰ গতিবিধি। দিল্লী ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁক বৰ্তমান ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। কোন আছমা বেগম ?

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰায় ৪৫ বছৰীয়া আছমা বেগম স্নাতক আৰু বিগত চাৰি বছৰ ধৰি নিজকে এটা ৰাজনৈতিক দলৰ সৰ্বভাৰতীয় সম্পাদিকা বুলি দাবী কৰি আহিছিল। ২০২৩-২৪ চনত বিদেশী দূতাবাসৰ পৰামৰ্শদাতা হিচাপে কাম কৰি প্ৰতিমাহে ১.৫ লাখ টকা লাভ কৰা বুলিও দাবী কৰিছে আছমাই। ইয়াৰ উপৰিও তেওঁ ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (ইউ এছ টি এম)ৰ সৈতে জড়িত হৈ আছে, ক্ৰীড়া গাইড হিচাপে কাম কৰি আহিছে আৰু বিদেশী ছাত্ৰ-ছাত্ৰীক, বিশেষকৈ আফ্ৰিকান ৰাষ্ট্ৰৰ পৰা নামভৰ্তিৰ বাবে পৰামৰ্শদাতা সেৱা আগবঢ়াই আহিছে, যাৰ বাবে তেওঁ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল লাভ কৰা বুলি কোৱা হৈছে।

গুৱাহাটী নিবাসী আছমা বেগম (৪৮) নামৰ মহিলাগৰীৰ পৰা আৰক্ষীয়ে তিনিখন ভুৱা বিদেশী দূতাবাসৰ নম্বৰ প্লেট, এটা মোবাইল ফোন, বাহনৰ লগতে বাহনখনৰ বিক্ৰীৰ নথি-পত্ৰ উদ্ধাৰ কৰে।

ক্ৰাইম ব্ৰাঞ্চৰ এণ্টি এক্সটৰ্চন এণ্ড কিডনেপিং চেলে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। প্ৰাথমিক সোধা-পোছাৰ সময়ত অভিযুক্তই প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা দূতাবাসটোক চিনাক্ত কৰিব নোৱাৰিলে বা কোনো বৈধ কূটনৈতিক প্ৰমাণপত্ৰ বা বাহন পঞ্জীয়নৰ নথি দাখিল কৰিব নোৱাৰিলে। পিছত তদন্তকাৰীক জনোৱা মতে, ২০২৪ চনৰ নৱেম্বৰ মাহত বিদেশী দূতাবাসৰ পৰা এছ ইউ ভিখন ক্ৰয় কৰিছিল যদিও পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাছিল।

জেৰাৰ সময়ত ইনোভা গাড়ীখনত ভুৱা বৈদেশী দূতাবাসৰ নম্বৰ প্লেট ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰে। ২০২৪ চনৰ নৱেম্বৰ মাহত বিদেশী দূতাবাসৰ পৰা গাড়ীখন ক্ৰয় কৰা বুলি প্ৰকাশ কৰে যদিও সংশ্লিষ্ট দূতাবাসে তেওঁৰ নামত গাড়ীখন পঞ্জীয়ন নকৰাৰ বাবে চাণক্যপুৰী থানাত এজাহাৰ দাখিল কৰাৰ পিছত মূল দূতাবাসৰ নম্বৰ প্লেট আঁতৰাই চৰকাৰী কূটনৈতিক প্লেটৰ সৈতে ওতঃপ্ৰোতভাৱে মিল থকা 144 CD 54 নম্বৰৰ ভুৱা প্লেট তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

তদন্তকাৰীৰ মতে, আৰক্ষীৰ চেক বাছিবলৈ, কূটনৈতিক অঞ্চললৈ সহজে প্ৰৱেশ কৰিবলৈ, বিভিন্ন বিদেশী দূতাবাস থকা অঞ্চলত বাধাহীনভাৱে চলাচল কৰাটো নিশ্চিত কৰিবলৈ এই ভুৱা প্লেট ব্যৱহাৰ কৰা হৈছিল। গাড়ীখন পৰিদৰ্শন কৰাৰ লগে লগে গাড়ীৰ ভিতৰৰ পৰা মূল নম্বৰ প্লেটসমূহো উদ্ধাৰ কৰা হয়।

২০২৬ চনৰ ১৫ জানুৱাৰীত দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ এণ্টি-এক্সটৰ্চন এণ্ড কিডনেপিং চেলে (এইকেচি) নতুন দিল্লীৰ ভুৱা দূতাবাসৰ নম্বৰ প্লেট থকা বাহন ব্যৱহাৰ কৰি সঘনাই নতুন দিল্লীত থকা বিদেশী দূতাবাসলৈ যোৱা এগৰাকী মহিলাৰ সন্দৰ্ভত গোপন ইনপুটৰ ওপৰত অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: নিজকে কূটনীতিবিদ হিচাপে দিছিল পৰিচয়, দিল্লীত অসমৰ মহিলাক গ্ৰেপ্তাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...