ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভা

১৩ ছেপ্টেম্বৰ আৰু ২০ ছেপ্টেম্বৰত এই উদ্গীৰণ সংঘটিত হৈছিল যদিও ইয়াক মৃদু প্ৰকৃতিৰ বুলি অভিহিত কৰা হৈছে। ওচৰৰ অঞ্চলৰ বাবে কোনো তাৎক্ষণিক ভাবুকি নাছিল বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।

ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভা

প্ৰতীকী ছবি

Published: 

23 Sep 2025 12:46 PM

আন্দামানৰ সমীপৰ বেৰেন দ্বীপত তথা ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটোত চলিত মাহত দুবাৰকৈ উদ্গীৰণ ঘটাৰ তথ্য পোৱা গৈছে। সোমবাৰে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে বিভাগীয় বিষয়াসকলে।

১৩ ছেপ্টেম্বৰ আৰু ২০ ছেপ্টেম্বৰত এই উদ্গীৰণ সংঘটিত হৈছিল যদিও ইয়াক মৃদু প্ৰকৃতিৰ বুলি অভিহিত কৰা হৈছে। ওচৰৰ অঞ্চলৰ বাবে কোনো তাৎক্ষণিক ভাবুকি নাছিল বুলি পিটিআইয়ে প্ৰকাশ কৰিছে। প’ৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ১৩৮ কিলোমিটাৰ উত্তৰ-পূবে আন্দামান সাগৰত অৱস্থিত বেৰেন দ্বীপত থকা এই আগ্নেয়গিৰিটো দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি।

প্ৰায় ৩ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দূৰৱৰ্তী দ্বীপটো আগ্নেয়গিৰিৰ লাভা আৰু ছাইৰে আবৃত, দূৰৰ পৰা খুব কম গছ-গছনি দেখা যায়। সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫৪ মিটাৰ উচ্চতাত থকা ই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এক আকৰ্ষণীয় ভূতাত্ত্বিক বৈশিষ্ট্য হিচাপে পৰিগণিত হৈ আহিছে।

৮.৩৪ বৰ্গ কিলোমিটাৰ এলেকা সামৰি লোৱা ই মানুহৰ বাসস্থানৰ পৰা বহু দূৰত আছে, ইয়াৰ ওচৰৰ দ্বীপ স্বৰাজ দ্বীপ (হেভলক দ্বীপ) আৰু নাৰ্কণ্ডাম দ্বীপ ১৪০-১৫০ কিলোমিটাৰ দূৰত অৱস্থিত।

আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ তথ্য অনুসৰি ১৭৮৭ চনত বেৰেন দ্বীপৰ আগ্নেয়গিৰিৰ কাৰ্যকলাপ আৰম্ভ হৈছিল। ইয়াৰ পিছত ১৯৯১, ২০০৫, ২০১৭ আৰু ২০২২ চনত উল্লেখযোগ্য বিস্ফোৰণ ঘটিছিল। শেহতীয়াকৈ এই বছৰৰ জুলাই মাহতো হৈছিল উদ্গীৰণ।

শেহতীয়া পৰিঘটনাসমূহক সৰু বুলি শ্ৰেণীভুক্ত কৰা হৈছে আৰু মানৱ বসতিৰ বাবে কোনো তাৎক্ষণিক বিপদৰ সৃষ্টি কৰা নাই যদিও বিষয়াসকলে দ্বীপটোৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!