শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়াও বজাৰত আছে প্ৰায় ৬০০০ কোটি টকাৰ ২০০০ৰ নোট! ক’ত?

যি সময়ত আৰ বি আইয়ে এই নোটসমূহ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল, সেই সময়ত বজাৰত মুঠ ৩,৫৬,০০০ কোটি টকাৰ ২০০০ নোট প্ৰচলিত হৈ আছিল। দেশৰ কেন্দ্ৰীয় বেংকৰ তথ্য অনুসৰি এতিয়ালৈকে ৯৮.৩৩ শতাংশ নোট দেশৰ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। যদি এই কথা সঁচা, তেন্তে প্ৰশ্ন উত্থাপন হয়, বাকী টকাবোৰ ক’লৈ গ’ল?

এতিয়াও বজাৰত আছে প্ৰায় ৬০০০ কোটি টকাৰ ২০০০ৰ নোট! ক’ত?
বজাৰত আছে প্ৰায় ৬০০০ কোটি টকাৰ ২০০০ৰ নোট!
trishna-kalita
Trishna Kalita | Published: 09 Sep 2025 12:43 PM

২০২৩ চনৰ ১৯ ​​মে’ত বজাৰৰ পৰা ২০০০ নোট ঘূৰাই লোৱাৰ কথা ঘোষণা কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে। কিন্তু এতিয়া তেওঁলোকে দিয়া আন এটা তথ্যই অর্থনৈতিক বিশেষজ্ঞৰ চকু কপালত তুলিছে৷ এই তথ্য অনুসৰি বজাৰৰ পৰা ঘূৰাই লোৱাৰ ঘোষণাৰ ২ বছৰতকৈও অধিক সময়ৰ পাছতো প্ৰায় ৫,৯৫৬ কোটি টকাৰ ২০০০ টকীয়া নোট মানুহৰ হাতত আছে।

যি সময়ত আৰ বি আইয়ে এই নোটসমূহ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল, সেই সময়ত বজাৰত মুঠ ৩,৫৬,০০০ কোটি টকাৰ ২০০০ নোট প্ৰচলিত হৈ আছিল। দেশৰ কেন্দ্ৰীয় বেংকৰ তথ্য অনুসৰি এতিয়ালৈকে ৯৮.৩৩ শতাংশ নোট দেশৰ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। যদি এই কথা সঁচা, তেন্তে প্ৰশ্ন উত্থাপন হয়, বাকী টকাবোৰ ক’লৈ গ’ল?

ৰিজাৰ্ভ বেংকে স্পষ্টকৈ উল্লেখ কৰিছে যে ২০০০ নোট এতিয়াও আইনগতভাৱে বৈধ। গতিকে, যদি এই নোটখন আপোনাৰ পৰা কেনেবাকৈ হেৰাই গৈছে, বা বিনিময় কৰা হোৱা নাই, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কিন্তু প্ৰশ্ন হয়, এই টকা আপুনি ব্যৱহাৰ কৰিব পাৰিবনে? আচলতে এই নোটখন একে মূল্যৰ নোটৰ সৈতে বিনিময় কৰিব লাগিব। কিন্তু ক’ত বিনিময় কৰিব?

যদি আপোনাৰ হাতত ২০০০ টকীয়া নোট আছে তেন্তে সমগ্ৰ দেশৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিকোনো কাৰ্যালয়ত জমা দিব পাৰিব। সমগ্ৰ দেশজুৰি কলকাতাৰ লগতে আন ১৮টা আৰ বি আইৰ কাৰ্যালয় আছে। আপুনি তাত গৈ সেই ধন আপোনাৰ বেংক একাউণ্টত জমা কৰিব পাৰে।

কিন্তু যদি ৰিজাৰ্ভ বেংকৰ কোনো কাৰ্যালয়লৈ যাব নোৱাৰে, তেতিয়া কি কৰিব? তেনে ক্ষেত্ৰত আন এটা উপায় আছে। আপুনি দেশৰ যিকোনো ডাকঘৰৰ পৰা ইণ্ডিয়া পোষ্টৰ জৰিয়তে আৰ বি আইৰ ১৯টা কাৰ্যালয়ৰ যিকোনো এটালৈ ২০০০ টকীয়া নোট প্ৰেৰণ কৰিব পাৰিব। তাত আপুনি নিজৰ বেংকৰ তথ্য দিব লাগিব। তেতিয়া টকাখিনি পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ’ব।