উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনঃ NDA আৰু INDIA লগত নথকা ৩৯ জন সাংসদে কাক ভোট দিলে?
৭৮১ জনৰ ভিতৰত ৪২৭ জন সাংসদ এন ডি এৰ আৰু ৩৫৪ জন সাংসদ বিৰোধীৰ। ইয়াৰে ৩১৫ জন সাংসদ ইণ্ডিয়া এলায়েন্সৰ। ৩৯ জন সাংসদ এন ডি এৰ সৈতেও নাই, ইণ্ডিয়া এলায়েন্সৰ সৈতেও নাই। এনে পৰিস্থিতিত এই ৩৯ জন সাংসদৰ স্থিতি কি আছিল তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে এন ডি এৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনে। বিৰোধী মিত্ৰজোঁট INDIA ৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীক ১৫২ টা ভোটত পৰাস্ত কৰে এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে। সাংসদসকলে ৰাধাকৃষ্ণনৰ সপক্ষে ৪৫২ টা ভোট দিয়াৰ বিপৰীতে সুদৰ্শন ৰেড্ডীৰ সপক্ষে ৩০০টা ভোট দিয়ে। ৰেড্ডীয়ে দাবী কৰাতকৈ কম ভোট লাভ কৰে। বিৰোধীৰ মিত্ৰজোঁটে আশা কৰা ধৰণে ভোট লাভ কৰাত ব্যৰ্থ হয়। বিৰোধীৰ ৩১৫ জন সাংসদ আছে। এনে পৰিস্থিতিত ১৫ ভোটৰ পৰা বঞ্চিত হয় বিৰোধী প্ৰাৰ্থীগৰাকী।
সন্ধিয়া ৫.১৪ বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কয় যে, বিৰোধী একত্ৰিত। ইয়াৰ ৩১৫ জন সাংসদ আটাইকেইজনেই ভোটদানৰ বাবে উপস্থিত আছিল। এয়া এক অভূতপূৰ্ব ১০০% ভোটদান। কিন্তু এই দাবীৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থীজনে ১৫টা ভোট কম পাইছিল।
আনহাতে এন ডি এৰ ৪২৭ জন সাংসদ আছে যদিও, ২৫ টা অতিৰিক্ত ভোট লাভ কৰিছে। লোকসভা আৰু ৰাজ্যসভাত মুঠ ৭৮৮জন সাংসদ আছে। ইয়াৰে মুঠ ৭৮১ জন সাংসদে ভোট দিবলগীয়া হৈছিল। ৭ খন আসন খালী হৈ আছে। ৭৮১ জনৰ ভিতৰত ৪২৭ জন সাংসদ এন ডি এৰ আৰু ৩৫৪ জন সাংসদ বিৰোধীৰ। ইয়াৰে ৩১৫ জন সাংসদ ইণ্ডিয়া এলায়েন্সৰ। ৩৯ জন সাংসদ এন ডি এৰ সৈতেও নাই, ইণ্ডিয়া এলায়েন্সৰ সৈতেও নাই। এনে পৰিস্থিতিত এই ৩৯ জন সাংসদৰ স্থিতি কি আছিল তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।
বিৰোধী ৩৯ জন সাংসদৰ ভিতৰত ১১ জন ৱাই এছ আৰ চি পি সাংসদে এন ডি এৰ সপক্ষে ভোটদান কৰে। ইয়াৰ পিছত বাকী থাকিল ২৮ জন। ইয়াৰে ৭ জন বিজু জনতা দলৰ, ৪ জন বি এছ আৰ, ১ জন আকালী দলৰ, ১ জন নিৰ্দলীয় আৰু এজন অমৃতপাল। এই সাংসদসকলে কাকো ভোট নিদিলে। অমৃতপাল জেলত আছে আৰু তেওঁ ডাক বেলটৰ জৰিয়তে কয় যে, তেওঁ কাকো ভোট নিদিয়ে।
২৮ জন সাংসদৰ পৰা এই ১৪ জনক আঁতৰোৱাৰ পিছত বাকী আকৌ ১৪ জন। এতিয়া এই ১৪ জনৰ কিছুমান ভোট বাতিল হ’ব পাৰে বা নিশ্চয় এন ডি এক ভোট দিছে। দৰাচলতে মুঠ ১৫টা ভোট বাতিল কৰা হৈছে। এই ভোটসমূহ দুয়োপক্ষৰ পৰাই দিয়া হৈছে। এনে পৰিস্থিতিত ক্ৰছ ভোটিং হোৱাটো নিশ্চিত কৰিছে বিশ্লেষকসকলে। এই সংখ্যা প্ৰায় ১০ হ’ব পাৰে। সূত্ৰ অনুসৰি, যিবোৰ ১৫টা ভোট বাতিল হৈছে, তাৰ ভিতৰত ১০টা এন ডি এৰ আৰু ৫টা বিৰোধীৰ।
চি পি ৰাধাকৃষ্ণনে তেওঁৰ বিজয়ক জাতীয়তাবাদী মতাদৰ্শৰ বিজয় বুলি অভিহিত কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰাৰ প্ৰতিজ্ঞা কৰে। তেওঁ কয়, “এয়া প্ৰতিজন ভাৰতীয়ৰ জয়, আমি সকলোৱে মিলি কাম কৰিব লাগিব । যদিহে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত কৰিব লাগে, তেন্তে আমি উন্নয়নৰ ওপৰত গুৰুত্ব দিব লাগিব।” ৰাধাকৃষ্ণনে কয় যে, তেওঁৰ নতুন ভূমিকাত তেওঁ জাতিৰ উন্নয়নৰ বাবে নিজৰ সৰ্বোত্তম অৱদান আগবঢ়াব। লগতে তেওঁ কয়, গণতন্ত্ৰত শাসকীয় দল আৰু বিৰোধী দুয়োটা দলেই গুৰুত্বপূৰ্ণ।
২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ১৫২ টা ভোটৰ ব্যৱধান বিৰোধী দলৰ পৰাজয়ৰ সৰ্বনিম্ন ব্যৱধান হিচাপে ধৰা হৈছে । ২০২২ চনৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী জগদীপ ধনখড়ে ৩৪৬ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আৰু ২০১৭ চনত ভেংকাইয়া নাইডুৱে ২৭২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল।