সমুখত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনঃ মোদী-নড্ডাৰ ওপৰতে আস্থা NDA সাংসদৰ, লোৱা হৈছে এনে পদক্ষেপ

ইফালে এন ডি এৰ সাংসদসকলৰ বাবে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলিও সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু নিৰ্বাচনৰ বাবে পুনৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা কিয় আহিল?

সমুখত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনঃ মোদী-নড্ডাৰ ওপৰতে আস্থা NDA সাংসদৰ, লোৱা হৈছে এনে পদক্ষেপ

মোদী-নড্ডাৰ ওপৰত আস্থা শাসকীয় মিত্ৰজোঁটৰ

Updated On: 

08 Aug 2025 | 09:38 PM

জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ পিছত খালী হৈ আছে দেশৰ উপ-ৰাষ্ট্ৰপতি আসন ইতিমধ্যে নিৰ্বাচন আয়োগে জগদীপ ধনখড়ৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী আৰু জে পি নড্ডাৰ ওপৰতে আস্থা প্ৰকাশ কৰিছে শাসকীয় এন ডি এৰ সাংসদসকলে। বুধবাৰে শাসকীয় মিত্ৰজোঁটৰ সাংসদসকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কৌশল সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকত মিলিত হয়।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, ৰাসায়নিক আৰু সাৰ মন্ত্ৰী তথা বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাও উপস্থিত থাকে। সূত্ৰ অনুসৰি এই বৈঠকত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰাৰ্থী বাছনি সন্দৰ্ভত কৌশল ৰচনা কৰা হয়।

বৈঠকত এন ডি এৰ সাংসদসকলে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ সভাপতি জে পি নড্ডাৰ ওপৰতে আস্থা প্ৰকাশ কৰে। অৰ্থাৎ তেওঁলোকৰ সিদ্ধান্ত প্ৰাৰ্থী নিৰ্বাচনত চূড়ান্ত হিচাপে গ্ৰহণ কৰা হ’ব। ইফালে এন ডি এৰ সাংসদসকলৰ বাবে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

কিন্তু নিৰ্বাচনৰ বাবে পুনৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা কিয় আহিল? স্বাভাৱিকতেই সংসদলৈ নিৰ্বাচিত প্ৰতিজন লোকেই ভোট দিব জানে। অৱশ্যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আন কোনো নিৰ্বাচনী প্ৰক্ৰিয়াৰ দৰে নহয়। এই ভোটদান গোপন বেলটৰ জৰিয়তে কৰা হয়। সেয়ে গেৰুৱা শিবিৰে এই প্ৰক্ৰিয়াত যাতে কোনো ভুল নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছে

সেই উদ্দেশ্যেই শাসকীয় মিত্ৰজোঁটে সাংসদসকলক এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সাজু কৰিব বিচাৰিছে উল্লেখ্য যে অহা ৯ ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ৭ আগষ্টৰ পৰা আৰম্ভ হব নিৰ্বাচনী প্ৰক্ৰিয়া। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছত ২২ আগষ্টত মনোনয়নৰ পৰীক্ষণ কৰা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...