ভয়ংকৰ ঘটনা! ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল সুৰংগ, আৱদ্ধ ১৯ জন শ্ৰমিক

এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে সুৰংগটোৰ মুখৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। এইপৰ্যন্ত ৮ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে আৰু বাকী থকা ১১ জন শ্ৰমিকৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।

ভয়ংকৰ ঘটনা! ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল সুৰংগ, আৱদ্ধ ১৯ জন শ্ৰমিক

অব্যাহত উদ্ধাৰ অভিযান

Updated On: 

31 Aug 2025 19:44 PM

দেশৰ ভিন্ন স্থানত শেহতীয়া কিছুদিনত প্ৰাকৃতিক দুৰ্যোগে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডতো বিগত সময়ছোৱাত দুৰ্যোগৰ ফলত বহু শোকাৱহ ঘটনা সংঘটিত হৈছে। এইবাৰ ৰাজ্যখনৰ পিথোৰাগড়ত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ফলত পিথোৰাগড়ৰ আইলাগাডত অৱস্থিত এন এইচ পি চি পাৱাৰ হাউছৰ সুৰংগৰ মুখ বন্ধ হৈ পৰে। এনে পৰিস্থিতিত সুৰংগটোৰ ভিতৰত কাম কৰি থকা ১৯ জন শ্ৰমিক আৱদ্ধ হৈ পৰে। সম্প্ৰতি প্ৰশাসনে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এইপৰ্যন্ত সুৰংগৰ ভিতৰৰ পৰা ৮ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ অভিযানকাৰী দলে। আনহাতে ১১ জন শ্ৰমিক এতিয়াও আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই শ্ৰমিকসকলকো উদ্ধাৰ বাবে অভিযানকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা সকলো শ্ৰমিক নিৰাপদ বুলি প্ৰশাসনে সদৰী কৰিছে।

তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া আইলাগাডত পাহাৰৰ এটা অংশ ভূমিস্খলনৰ বাবে বাগৰি পৰে। এই খহি অহা মাটি তথা শিলে এন এইচ পি চিৰ সুৰংগটোৰ মুখ বন্ধ কৰি দিয়ে। এই দুৰ্যোগৰ খবৰ লাভ কৰাৰ শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে তাৎক্ষণিকভাৱে উদ্ধাৰৰ অভিযান আৰম্ভ কৰা হয়।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে সুৰংগটোৰ মুখৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। এইপৰ্যন্ত ৮ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে আৰু বাকী থকা ১১ জন শ্ৰমিকৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।

এই ঘটনাৰ ফলত পাৱাৰ হাউছৰ কোনো বৃহৎ ক্ষতি হোৱা নাই বুলি আন এগৰাকী বিষয়াই সদৰী কৰে। দুৰ্ঘটনাটোৰ পিছত এতিয়াও সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল নিৰাপদ বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে পৰ্যাপ্ত যন্ত্ৰপাতিৰ সহায়ত CISF আৰু NDRF দলৰ নেতৃত্বত উদ্ধাৰ অভিযান চলাই থকা হৈছে অৱগত কৰে।

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!