কিশোৰীক বিয়া, POCSO আইন আৰু এক ভয়ংকৰ কাণ্ড

আৰক্ষীয়ে জনাই যে, অভিযুক্তক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁ হত্যাকাণ্ডত ব্যৱহাৰ কৰা ছুৰী আৰু তেওঁৰ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে কৈছে যে জীতেন্দ্ৰক কঠোৰ শাস্তি বিহা হ'ব। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

কিশোৰীক বিয়া, POCSO আইন আৰু এক ভয়ংকৰ কাণ্ড

অভিযুক্ত

Published: 

08 Sep 2024 | 10:50 PM

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টো এটা নৃশংস হত্যাকাণ্ডৰ। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ ৰে’ল ষ্টেচনৰ বাহিৰৰ চাহ দোকানত এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৫৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে অভিযুক্তই বাৰে বাৰে ছুৰীৰে প্ৰহাৰ কৰি এজনলোকক হত্যা কৰিছে আৰু পাছত মৃতদেহ কান্ধত তুলি নি ৰাজপথত পেলাই দিছে।

ভিডিঅ’টোৰ ২১ ছেকেণ্ড যোৱাৰ পাছত দেখা যায় যে অভিযুক্ত জীতেন্দ্ৰ মৌৰ্যই ৰোহিত ওৰফে চনু যাদৱ নামৰ লোকজনক আক্ৰমণ কৰিছে। জীতেন্দ্ৰ চনুৰ ভিনিহিয়েক আছিল। ওচৰত থকা মানুহবোৰে ধৰিবই পৰা নাছিল কি হৈ আছিল। কিন্তু তেতিয়াই ৰোহিতৰ ডিঙিত জীতেন্দ্ৰই প্ৰহাৰ কৰি হত্যা কৰে আৰু মৃতদেহটো কান্ধত তুলি নি পেলাই দিয়ে।

হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত অভিযুক্তই থানালৈ গৈ আত্মসমৰ্পণ কৰে। লগে লগে আৰক্ষীয়ে জীতেন্দ্ৰ মৌৰ্যক জিম্মাত লয়। জীতেন্দ্ৰ থানাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ দেহত চনুৰ তেজ লাগি আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰোহিতৰ পৰিয়ালত শোকৰ ছা পেলাইছে। অভিযুক্ত জীতেন্দ্ৰ মৌৰ্য মূলতঃ বৰেলীৰ বাসিন্দা। প্ৰায় ২০ বছৰ ধৰি তেওঁ ইটাৱাৰ জেলৰ পিছফালে এখন নাৰ্চাৰী চলাই আছিল।

জানিব পৰা মতে ২০২৩ চনৰ ৩ জানুৱাৰীত জীতেন্দ্ৰ নামৰ লোকজনে ৰোহিতৰ কিশোৰী ভগ্নীক পলাই নি বিয়া পাতিছিল। ইয়াৰ পাছত ৰোহিতৰ পৰিয়ালৰলোকে POCSO আইনৰ অধীনত জীতেন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। গোচৰ ৰুজু হোৱাৰ ১৭ দিন পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৰোহিতৰ ভগ্নীক। পৰৱৰ্তী সময়ত আদালতত কিশোৰীগৰাকীয়ে মাকৰ লগত থাকিব বুলি কৈছিল আৰু আদালতে কিশোৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিছিল।

কিন্তু কিছুদিন পূৰ্বে জীতেন্দ্ৰই গম পাই যে ৰোহিতে তেওঁৰ ভগ্নীক অইন কাৰোবাৰ লগত বিয়া দিছে। ইয়াক লৈ জীতেন্দ্ৰ ক্ষোভিত হৈ পৰিছিল আৰু ইয়াকে লৈ জীতেন্দ্ৰই ৰোহিতক হত্যা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল পৰিকল্পনা অনুসৰি জীতেন্দ্ৰই ৰোহিতক চাহৰ দোকানখনলৈ মাতি আনে আৰু হত্যাকাণ্ড সংঘটিত কৰে। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। আৰক্ষীয়ে জনাই যে, অভিযুক্তক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁ হত্যাকাণ্ডত ব্যৱহাৰ কৰা ছুৰী আৰু তেওঁৰ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে কৈছে যে জীতেন্দ্ৰক কঠোৰ শাস্তি বিহা হ’ব। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...