গুগল মেপৰ ভুল তথ্যৰ বাবে আকৌ দুৰ্ঘটনা, কথমপি ৰক্ষা দুজনকৈ আৰোহী..

গুগল মেপ অনুসৰণ কৰি এখন বাহন দুৰ্ঘটনা পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে । এয়াৰবেগ খোল খোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল বাহনখনত থকা যাত্ৰীসকল ।

গুগল মেপৰ ভুল তথ্যৰ বাবে আকৌ দুৰ্ঘটনা, কথমপি ৰক্ষা দুজনকৈ আৰোহী..

দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন

Updated On: 

28 Dec 2024 | 07:44 PM

আকৌ গুগল মেপে প্ৰদান কৰিলে ভুল তথ্য । গুগল মেপ অনুসৰণ কৰাৰ বাবেই এখন বাহন দুৰ্ঘটনা পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে । এয়াৰবেগ খোল খোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল বাহনখনত থকা যাত্ৰীসকল । উল্লেখ্য় যে, গুগল মেপে প্ৰদান কৰা ভুল তথ্যৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা যায় ।

কিছুদিন পূৰ্বে গুগল মেপ অনুসৰণ কৰি নিৰ্মাণ কৰি থকা এখন দলঙৰ পৰা এখন গাড়ী বাগৰি পৰা ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল । একেদৰে মথুৰা-বেৰেইলী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। বৰেলীৰ পৰা মথুৰা-বৃন্দাবন ভ্ৰমণ কৰিবলৈ যোৱা দুজন যুৱকৰ গাড়ীখন নিৰ্মাণৰত পথত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ কাৰণ গুগল মেপে প্ৰদান কৰা ভুল দিশ আৰু ঘাইপথত ডাইভাৰচন বৰ্ডৰ অভাৱ বুলি কোৱা হৈছে।

বৰেলীৰ দুজন লোকে গুগল মেপৰ সহায় লৈ মথুৰালৈ গৈছিল। ঘাইপথত উপস্থিত হোৱাৰ পিছত গুগল মেপে তেওঁলোকক এটা পথলৈ লৈ যায়, যিটো পথ যাতায়তৰ বাবে উপযোগী নাছিল । পথটো নিৰ্মাণৰ কাম চলি থকাৰ বাবেই দুয়োজন যুৱক দুৰ্ঘটনাত বলি পতিত হয়।

প্ৰকাশিত খবৰ অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হৈছে হাথৰাছ জংচন থানা এলেকাত। মথুৰা-বেৰেইলী ঘাইপথৰ নিৰ্মাণকাৰ্য চলি থকাৰ পিছতো কোনো ডাইভাৰচন বৰ্ড বা সতৰ্কবাণী চিন নাছিল। গুগল মেপৰ পৰা পোৱা ভুল তথ্য আৰু পথত সুৰক্ষা ব্যৱস্থাৰ অভাৱে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ বুলি অভিযোগ উত্থাপন হৈছে  ।

ঘটনাৰ পাছতে স্থানীয় ৰাইজে সেই স্থানত সমবেত হৈ আহত দুয়োকে ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান দুয়োৰে চিকিৎসা চলি আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...