Bahraich Violence: দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে যোগী ৰাজ্যত হিংসাত্মক পৰিস্থিতি, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা

দুৰ্গা পূজাৰ মুৰ্তি বিসৰ্জনৰ সময়তে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ খবৰ প্ৰকাশ পাইছে । সোমবাৰে বিষয়াসকলে জনোৱা মতে, এখন গাঁৱত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা লগতে প্ৰায় ৩০ জন লোকক আটক কৰিছে আৰক্ষীয়ে। সূ

Bahraich Violence: দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে যোগী ৰাজ্যত হিংসাত্মক পৰিস্থিতি, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা

বাহৰাইচ হিংসা

Updated On: 

14 Oct 2024 | 01:55 PM

উত্তৰ-প্ৰদেশত দুৰ্গা পূজাৰ মুৰ্তি বিসৰ্জনৰ সময়তে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ খবৰ প্ৰকাশ পাইছে । সোমবাৰে বিষয়াসকলে জনোৱা মতে, এখন গাঁৱত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা লগতে প্ৰায় ৩০ জন লোকক আটক কৰিছে আৰক্ষীয়ে। সূত্ৰ খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাহৰেইচৰ মনছুৰ গাঁৱৰ মহৰাজগঞ্জ অঞ্চলত দেওবাৰে দুৰ্গা মূৰ্তি বিসৰ্জনৰ শোভাযাত্ৰা পাৰ হৈ গৈছিল । এই শোভাযাত্ৰা সময়তে একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ আৰু গুলীচালনা দৰে ঘটনা সংঘটিত কৰে । এই ঘটনাত প্ৰায় ডেৰ ডজন লোক আহত হয়।

এই হিংসাত ৰেহুৱা মনছুৰ গাঁৱৰ ৰাম গোপাল মিশ্ৰ নামৰ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ এজন সদস্যই জানিবলৈ দিছে । একাংশ লোকে সদৰী কৰা মতে তেওঁৰ ভৰিত গুলী লাগিছিল ।

ব্যক্তিজনৰ মৃত্যু হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰে ভৰি পৰে। সোমবাৰে দিনটোত একাংশ লোকে লাঠি-তৰোৱাল লৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বহু ঠাইত অগ্নিসংযোগ কৰাৰো খবৰ লাভ কৰা গৈছে । ক্ষুব্ধ লোকে দোকান-পোহাৰ, যান-বাহনত অগ্নিসংযোগ কৰে। আনকি মৃত ৰাম গোপালৰ শেষ ৰীতি-নীতি বন্ধ কৰা হয় বুলিও জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, এই হিংসাৰ বাবে বাহৰেইচত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা।

বাহৰেইচৰ আৰক্ষী অধীক্ষক বৃন্দা শুক্লাই কয় যে, এই ঘটনাৰ সৈতে জড়িত থকা সন্দেহত ২৫-৩০ জন লোকক আটক কৰা হৈছে আৰু অশান্তিৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাভাৱিক অৱস্থা অনাৰ প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ লগতে সেই অ়ঞ্চলত নিৰাপত্তা বজাই ৰাখিবৰ বাবে পৰ্যাপ্ত আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে বুলি আৰক্ষীৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে এই ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰা হ’ব বুলি আশ্বাস দিছে শুক্লাই । লগতে তেওঁ কয় যে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, ছলমান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ ঘৰৰ পৰাই বন্দুকৰ গুলী চলিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

মনকৰিবলগীয়া যে, ঘটনাৰ লগত জড়িত লোকসকলৰ পৰিচয় জানিব পৰা গৈছে আৰু একাংশ সন্দেহযুক্ত লোকক আটক কৰি ৰখা হৈছে বুলিও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখ্য যে, দেওবাৰে মুৰ্তি বিসৰ্জনৰ শোভাযাত্ৰাটো অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত লাউড স্পীকাৰত গান বজোৱাৰ বাবে মতানৈক্যৰ সৃষ্টি হৈছিল । ইয়াৰ পাছত এই পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লয় ।

উল্লেখ্য যে, বাহৰেইচৰ হিংসাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনৰ ডিজিপিৰ পৰা শেহতীয়া পৰিস্থিতিৰ তথ্য লৈছে। ইফালে ৰাম গোপালৰ শেষকৃত্যৰ বাবে সাজু হৈছে ভুক্তভোগী পৰিয়াল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...