ৰতন টাটা জীয়াই থকাহেঁতেন… আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ আমেৰিকাৰ অধিবক্তাই ক’লে
বিগত ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু মিনিটৰ ভিতৰতে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমান । এই দুৰ্ঘটনাত এজন যাত্ৰীৰ বাহিৰে বিমানখনত থকা আটাইকেইজন যাত্ৰী, ক্ৰু মেম্বাৰ আৰু পাইলটসহ ২৬০ জন লোকৰ মৃত্যু হয়।

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা আৰু ৰতন টাটা
টাটা গ্ৰুপে ক্ৰমান্বয়ে অনুভৱ কৰিছে নেকি ৰতন টাটাৰ অভাৱ? আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত বিপদত পৰিছে টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়া । যাত্ৰীৰ সুৰক্ষাৰ উপৰিও দুৰ্ঘটনাত মৃত্যু হোৱা যাত্ৰীসকলৰ পৰিয়ালৰ সমালোচনাৰ সন্মুখীন হৈছে টাটা গ্ৰুপ। “ৰতন টাটা যদি জীয়াই থাকিলহেঁতেন, ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত হয়তো ইমান পলম নহ’লহেঁতেন”- এই মন্তব্য এগৰাকী অধিবক্তাৰ।
১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু মিনিটৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা এজন যাত্ৰীৰ বাহিৰে আন সকলো যাত্ৰী, ক্ৰু মেম্বাৰসহ ২গৰাকী পাইলটৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে টাটা গ্ৰুপে এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ২৬ জুলাইত এয়াৰ ইণ্ডিয়াই ১৪৭টা পৰিয়ালক অন্তৱৰ্তীকালীন সাহায্য হিচাপে ২৫ লাখ টকা আগবঢ়াইছিল। অৱশ্যে মৃত যাত্ৰীসকলৰ পৰিয়ালে এতিয়াও বাকী থকা ক্ষতিপূৰণ লাভ কৰা নাই।
৬৫টা পৰিয়ালৰ হৈ এই গোচৰটোৰ বাবে যুঁজি আছে আমেৰিকাৰ অধিবক্তা মাইক এণ্ড্ৰুজে । ক্ষতিপূৰণ দিয়াত পলম হোৱাৰ বাবে এয়াৰ ইণ্ডিয়াত বিৰক্তিৰ কথা প্ৰকাশ কৰি তেওঁ কয় যে ৰতন টাটা জীয়াই থকা হ’লে এনে আমোলাতন্ত্ৰিক প্ৰক্ৰিয়াৰ অস্তিত্ব নাথাকিলহেঁতেন। ৰতন টাটাৰ মমতা আৰু সহানুভূতিৰ উদ্ধৃতি দি তেওঁ কয় যে ৰতন টাটা যদি ইয়াত থাকিলহেঁতেন তেন্তে শোকসন্তপ্ত পৰিয়ালসমূহে এই বাধাৰ সন্মুখীন হ’ব নালাগিলহেঁতেন।
তেওঁ কয়, “আমেৰিকাতো সকলোৱে জানো যে ৰতন টাটা কোন আছিল? তেওঁৰ কৰ্মশৈলী, তেওঁৰ কৰ্মচাৰীসকলৰ যত্ন লোৱাৰ ধৰণ কেনো আছিল? গতিকে আমি বিশ্বাস কৰোঁ যে আজি তেওঁ ইয়াত থাকিলে মৃতকৰ পৰিয়াল আৰু কৰ্মচাৰীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগিলহেঁতেন।”
অধিবক্তাজনে আৰু কয়, “আমি এনে এটা পৰিয়ালক লগ পাইছিলো, য’ত পুত্ৰৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল বৃদ্ধা মাতৃগৰাকী বিচনাত পৰি আছে ।ইফালে পুত্ৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধন পোৱা নাই। এতিয়া কি কৰিব?”
ইফালে ইয়াৰ বাবে ‘দ্য এআই-১৭১ মেম’ৰিয়েল এণ্ড ৱেলফেয়াৰ ট্ৰাষ্ট’ স্থাপন কৰিছে টাটা গ্ৰুপে। মৃতকৰ পৰিয়ালে ১ কোটি টকাকৈ দিয়াৰ লগতে ধ্বংসপ্ৰাপ্ত বিজে মেডিকেল কলেজৰ হোষ্টেলৰ আন্তঃগাঁথনি নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছে।
লগতে পঢ়ক: লোকসভাত গৃহীত হ’ল ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক, চৰকাৰৰ অধিনলৈ আহিব BCCI! কি হ’ব ইয়াৰ প্ৰভাৱ?