পত্নীৰ সন্মতি অবিহনে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধ নহয়ঃ উচ্চ ন্যায়ালয়

পত্নীৰ সন্মতি অবিহনে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধ নহয়-এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিয়ে আদালতে অভিযুক্তক শাস্তিৰ পৰা ৰেহাই দিয়ে।

পত্নীৰ সন্মতি অবিহনে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধ নহয়ঃ উচ্চ ন্যায়ালয়

প্ৰতীকি ফটো

Published: 

12 Feb 2025 | 05:34 PM

পত্নীৰ অনুমতি অবিহনে অ-প্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে ন্যায়ালয়ে। ১০ ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি চত্তীশগড় উচ্চ ন্যায়ালয়ে কয় যে, পত্নীৰ অনুমতি অবিহনে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধ নহয়। ন্যায়ালয়ে কয় যে, কোনো প্ৰাপ্তবয়স্ক পত্নীৰ সৈতে সহমতি বা সহমতি অবিহনে যৌন সম্পৰ্ক স্থাপন কৰিলে স্বামীৰ ওপৰত ধৰ্ষণ বা অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপনৰ অভিযোগ উত্থাপন নহয়। লাইভ ল’ৰ ৰিপোৰ্ট অনুসৰি, ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ ব্যাসৰ এজনীয়া বিচাৰপীঠে কয় যে,যৌন সম্পৰ্ক বা অস্বাভাৱিক যৌন সম্পৰ্কত পত্নীৰ ‘সন্মতি’ গুৰুত্বপূৰ্ণ নহয়।

ন্যায়ালয়ে কয় যে, বৈবাহিক ধৰ্ষণক ভাৰতত আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰা নহয়। অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰি পত্নীক হত্যা কৰাৰ অভিযোগত ট্ৰায়েল কোৰ্টে এই গোচৰৰ অভিযুক্তক ১০ বছৰৰ শাস্তি প্ৰদান কৰিছিল যদিও উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ সকাহ লাভ কৰে।

ন্যায়ালয়ে কি কয়

বিচাৰপীঠে কয় যে, এই কথা স্পষ্ট যে যদি পত্নীৰ বয়স ১৫ বছৰৰ তলত নহয় তেন্তে স্বামীয়ে পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা ধৰ্ষণ বুলি ক’ব নোৱাৰি। কিয়নো অস্বাভাৱিক যৌন সম্পৰ্কৰ বাবে পত্নীৰ সহমতিৰ গুৰুত্ব নাথাকে। গতিকে ন্যায়ালয়ৰ মতে, আই পি চিৰ ৩৭৬ আৰু ৩৭৭ নং ধাৰাত কৰা আবেদনকাৰীৰ বিৰুদ্ধে অপৰাধ বুলি ক’ব নোৱাৰি।

ঘটনাটো কি

অভিযোগ অনুসৰি, ২০১৭ চনৰ ১১ ডিচেম্বৰৰ নিশা এজন পুৰুষে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ পাছত মহিলাগৰাকী চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল আৰু পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হৈছিল। মৃত্যুৰ পূৰ্বে দিয়া মন্তব্যত মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ লগত স্বামীয়ে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত চিকিৎসকে কৈছিল যে পেৰিট’নাইটিছ আৰু মলদ্বাৰৰ ছিদ্ৰৰ বাবে মহিলাগৰাকীৰ মৃত্য়ু হৈছে।

তথ্য অনুসৰি ন্যায়ালয়ে ৰায় দিছিল যে প্ৰাপ্তবয়স্ক পত্নীৰ সৈতে পুৰুষে স্থাপন কৰা যৌন সম্পৰ্ক ধৰ্ষণৰ ভিতৰত নপৰে। সেয়ে কোৱা হৈছে যে,যিকোনো অস্বাভাৱিক যৌন সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি। উচচ ন্যায়ালয়ে মহিলাগৰাকীৰ স্বামীক সকলো অভিযোগৰ পৰা মুক্ত কৰি দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...