পথ দুৰ্ঘটনাৰ ভুক্তভোগীয়ে লাভ কৰিব ১.৫ লাখ পৰ্যন্ত চৰকাৰী চিকিৎসা ব্যয়; মাত্ৰ মানিব লাগিব এই বিশেষ নিয়ম

কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনাত পতিতসকলৰ চিকিৎসাৰ বাবে ৰূপায়ণ কৰিছে এখ নতুন আঁচনি । এই আঁচনিখনৰ নাম দিয়া হৈছে কেছলেছ ট্ৰীটমেন্ট । কি আছে এই আঁচনিত জানিবলৈ চাওক-

পথ দুৰ্ঘটনাৰ ভুক্তভোগীয়ে লাভ কৰিব ১.৫ লাখ পৰ্যন্ত চৰকাৰী চিকিৎসা ব্যয়; মাত্ৰ মানিব লাগিব এই বিশেষ নিয়ম

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

Updated On: 

09 Jan 2025 18:38 PM

পথ দুৰ্ঘটনাত পতিত ভুক্তভোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে এখন নতুন আঁচনি । এতিয়াৰে পৰা পথ দুৰ্ঘটনাত পতিত লোকে চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কিছু আৰ্থিক সকাহ লাভ কৰিব । কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত পতিত হোৱা লোকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে “নগদবিহীন চিকিৎসা” (Cashless Treatment) আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ।

এই আঁচনিৰ অধীনত চৰকাৰে ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলে সেই ভুক্তভোগীৰ ৭ দিনৰ বাবে ১.৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ খৰচ বহন কৰিব ।

দিল্লীৰ ভাৰত মণ্ডপমত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত ভাষণ দি গাডকাৰীয়ে হিট এণ্ড ৰান গোচৰত প্ৰাণ হেৰুওৱা ভুক্তভোগীৰ পৰিয়ালৰ বাবে ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও প্ৰকাশ কৰে ।

“আমি কেছলেছ ট্ৰীটমেণ্ট নামৰ নতুন আঁচনি এখন আৰম্ভ কৰিছো । ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰিলে চৰকাৰে ভুক্তভোগীৰ বাবে সাত দিন পৰ্যন্ত বা সৰ্বাধিক ১.৫ লাখ টকাৰ চিকিৎসাৰ খৰচ বহন কৰিব । ইয়াৰ উপৰিও হিট এণ্ড ৰাণ গোচৰত মৃতকৰ পৰিয়ালক ২ লাখ টকা দিয়া হ’ব ।”-গাডকাৰীয়ে কয় ।

২০২৪ চনৰ পথ দুৰ্ঘটনাৰ উদ্বেগজনক পৰিসংখ্যাৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে বুলি গুৰুত্ব আৰোপ কৰে । গাডকাৰীৰ মতে যোৱা বছৰ পথ দুৰ্ঘটনাৰ বাবে ১.৮ লাখ লোকৰ মৃত্যু হৈছিল, হেলমেট পৰিধান নকৰাৰ বাবে ৩০ হাজাৰ লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে । তেওঁ আলোকপাত কৰে যে এই দুৰ্ঘটনাসমূহত পতিত হোৱা ৬৬ শতাংশই ১৮ৰ ​​পৰা ৩৪ বছৰৰ ভিতৰৰ ব্যক্তি ।

বিদ্যালয়-মহাবিদ্যালয়ৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত ১০ হাজাৰ শিশুৰ মৃত্যু হোৱাৰ কথাও গডকাৰীয়ে আলোকপাত কৰে । “শিক্ষানুষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত অপৰ্যাপ্ত ব্যৱস্থাৰ বাবেই এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে । এই সমস্যা সমাধানৰ বাবে আমি এতিয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীক পৰিবহণ কৰা অটোৰিক্সা আৰু মিনিবাছৰ বাবে নিয়ম প্ৰৱৰ্তন কৰিছো ।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

এই বৈঠকে সমগ্ৰ দেশৰ পথ সুৰক্ষা উন্নত কৰাৰ বাবে পৰিবহণ নীতি আৰু কৌশল সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতামূলক আলোচনাৰ মঞ্চ হিচাপে কাম কৰিছে । গাডকাৰীয়ে দুৰ্ঘটনাজনিত “কাল অধ্যায়” চিনাক্ত আৰু সমাধানৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায় যাতে মৃত্যুৰ হাৰ কম হয় ।

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...