DRDO: ড্ৰোনৰ নিখুঁত লক্ষ্য, শত্ৰু নাশৰ বাবে ULPGM-V3 ৰ সফল পৰীক্ষণ!

DRDO: আজিও পৰীক্ষণৰ সময়ত কেইবাটাও টাৰ্গেট ৰখা হৈছিল। সূত্ৰ অনুসৰি, এই ক্ষেপণাস্ত্ৰই লক্ষ্যত নিখুঁতভাৱে আঘাত কৰে। মুঠতে ই প্ৰত্যক্ষ আঘাত নিশ্চিত কৰিব পাৰিছে। ই এক ডাঙৰ সফলতা।

DRDO: ড্ৰোনৰ নিখুঁত লক্ষ্য, শত্ৰু নাশৰ বাবে ULPGM-V3 ৰ সফল পৰীক্ষণ!

ড্ৰোনৰ নিখুঁত লক্ষ্য

Published: 

26 Jul 2025 12:51 PM

ভাৰতীয় সেনাই বৃদ্ধি কৰিছে শক্তি। ড্ৰোনৰ পৰা শত্ৰুৰ মিছাইল আক্ৰমণলৈ…। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই ইতিমধ্যে এই কাম কৰি আছে। অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলস্থিত National Open Area Range (NOAR)তো সফল পৰীক্ষা সম্পন্ন কৰা হৈছে। UAV Launched Precision Guided Missile (ULPGM)-V3 ৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে।

ULPGM-V3 হৈছে উচ্চ ক্ষমতা সম্পন্ন গাইডেড মিছাইল। আকাশৰ পৰা শত্ৰুৰ ক্ষেপণাস্ত্ৰক সঠিকভাৱে লক্ষ্য কৰি ল’বলৈ সক্ষম। ই সীমান্ত অঞ্চলত দ্ৰুত, সঠিক আক্ৰমণ কৰিবলৈও সক্ষম।

পৰীক্ষাৰ সময়ত ইয়াৰ ওচৰত কেইবাটাও টাৰ্গেট ৰখা হয়। সূত্ৰ অনুসৰি এই পৰীক্ষণত ক্ষেপণাস্ত্ৰই লক্ষ্যত সঠিকভাৱে আঘাত কৰে। অপাৰেচন সেন্দূৰৰ সময়ত ৭ মে’ৰ নিশা ভাৰতে একেধৰণৰ UAV-Launched ৰ দ্বাৰা ষ্ট্ৰাইক চলাইছিল। সেই আক্ৰমণত শত্ৰুৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ লঞ্চ পেড আৰু সকলো লজিষ্টিক ধ্বংস হৈছিল। সূত্ৰ অনুসৰি, সেই সময়ত ULPGM ৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। সামৰিক বিশেষজ্ঞসকলৰ মতে এই ULPGM প্ৰযুক্তিয়ে ভাৰতৰ ভৱিষ্যতৰ Loitering Munition আৰু Swarm Drone Warfare ৰ পথ আৰু অধিক শক্তিশালী কৰি তুলিব।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক