ইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব UAE ৰ ৰাষ্ট্ৰপতি, বিভিন্ন দিশৰ ওপৰত হ’ব আলোচনা…

India-UAE: শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বেখ মহম্মদ বিল জায়েদ আল নাহিয়ানে। এই সময়চোৱাত বিভিন্ন দিশৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ই ভাৰত-UAE ৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব UAE ৰ ৰাষ্ট্ৰপতি, বিভিন্ন দিশৰ ওপৰত হব আলোচনা...

Modi Uae President

Published: 

18 Jan 2026 | 07:48 PM

ইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব সংযুক্ত আৰব আমিৰশ্বাহী(UAE)ৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বেখ মহম্মদ বিল জায়েদ আল নাহিয়ান। প্ৰাপ্ত খবৰ অনুসৰি, ৰাষ্ট্ৰপতিগৰাকী অহা ১৯ জানুৱাৰীত ভাৰত ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ তৃতীয়টো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিব। ইফালে বিগত দশকত এয়া তেওঁৰ পঞ্চমটো ভাৰত ভ্ৰমণ।

এই ভ্ৰমণে ভাৰত আৰু UAEৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ আশা কৰা হৈছে। এই সময়চোৱাত বিভিন্ন উচ্চ পৰ্যায়ৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে, য’ত CEPA, শক্তি সহযোগ, দেশীয় মুদ্ৰা আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব পাৰে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰত আবু ধাবিৰ ক্ৰাউন প্ৰিন্স আৰু ২০২৫ চনৰ এপ্ৰিলত ডুবাইৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পাছতে এতিয়া মহম্মদ বিন জায়েদে ভাৰত ভ্ৰমণ কৰিব। এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ বুলি আশা কৰা হৈছে। কিয়নো ইৰাণ সংকটৰ মাজতে এতিয়া বিশ্বৰ বিভিন্ন দেশৰ মাজত উত্তেজনাই বিৰাজ কৰি আছে।

শক্তিশালী হ’ব ভাৰত-UAEৰ সম্পৰ্ক

ৰাজনৈতিক, সাংস্কৃতিক আৰু বাণিজ্যৰ ফালৰ পৰা ভাৰত আৰু ইউ এ ইৰ মাজৰ সম্পৰ্ত অতি শক্তিশালী। দুয়োখন দেশে প্ৰধান বাণিজ্যিক অংশীদাৰ আৰু বিনিয়োগকাৰী। CEPA (Central Economic Cooperation Agreement)ৰ দুই দেশৰ বাণিজ্য সহজ কৰি তোলা হৈছে। LCS (স্থানীয় মুদ্ৰা ব্যৱস্থা)ৰ দ্বাৰা দুই দেশে নিজ নিজ মুদ্ৰাত লেনদেন কৰিব পাৰে। ইয়াৰোপৰি বিনিয়োগ চুক্তিসমূহে পৰস্পৰৰ মাজত বিনিয়োগ ক্ষেত্ৰত অধিক শক্তিশালী কৰি তুলিছে।

ইয়াৰোপৰি শক্তিক্ষেত্ৰত তেল আৰু গেছৰ যোগানৰ ক্ষেত্ৰত এক দীৰ্ঘদিনীয়া চুক্তি চলি আছে। গতিকে ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। বৈঠকৰ সময়ত দুয়োখন দেশে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ কি হ’ব চিকেন নেকৰ? বাংলাদেশ নিৰ্বাচনৰ পাছতে বিপদ বাঢ়িব নেকি ভাৰতৰ…

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি