ৰেহাই নিদিলে পহলগামত নিহত লেফটেনেণ্টৰ পত্নীকো…অশ্লীল ভিডিঅ’ বনাই কৰিলে ভাইৰেল ! দুজনক গ্ৰেপ্তাৰ

পহলগামৰ উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নীৰ অশ্লীল ভিডিঅ’ ইউটিউবত ভাইৰেল কৰিলে দুজন লোকে । বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।

ৰেহাই নিদিলে পহলগামত নিহত লেফটেনেণ্টৰ পত্নীকো...অশ্লীল ভিডিঅ’ বনাই কৰিলে ভাইৰেল ! দুজনক গ্ৰেপ্তাৰ

প্ৰতীকী ফটো

Published: 

08 Jun 2025 | 03:17 PM

শ্বহীদৰ পত্নীৰ ভিডিঅ’ ভাইৰেল কৰি আৰক্ষীৰ জালত দুই পাষণ্ড । এই পাষণ্ড দুটাই শ্বহীদৰ পত্নীকো নিদিলে ৰেহাই । উল্লেখ্য যে, পহলগামৰ উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নীৰ অশ্লীল ভিডিঅ’ ইউটিউবত ভাইৰেল কৰিলে দুজন লোকে । বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে লোক দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

হাৰিয়ানা আৰক্ষীয়ে শনিবাৰে বিহাৰৰ গোপালগঞ্জৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ নাম মহিবুল হক আৰু গুলাম জিলানী। ধৃত দুয়োজনেই গোপালগঞ্জৰ মাঞ্জা থানা এলেকাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা। অভিযোগ অনুসৰি, এই দুজন লোকে পাহেলগামত নিহত হোৱা নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নী হিমাংশীৰ ছবি আৰু অশ্লীল ভিডিঅ’ বনাই ভাইৰেল কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে হিমাংশী আৰু নৰৱালৰ কিছুমান অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে। এই ভিডিঅ’ ইউটিউবত আপলোড কৰাৰ লগে লগে বিষয়টো পোহৰলৈ আহে। হিমাংশীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । তদন্তত বিহাৰৰ এই লোক দুজনৰ কৰ্মকাণ্ড পোহৰলৈ আহে।

প্ৰসংগক্ৰমে হাৰিয়ানাৰ নিবাসী নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱাল বিবাহৰ পিছত মধুচন্দ্ৰিকাৰ বাবে কাশ্মীৰলৈ গৈছিল। ২২ এপ্ৰিলত তেওঁ পহলগামৰ বৈসাৰণ ভ্ৰমণ কৰিবলৈ যায়। সেই সময়ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল বিনয় নৰৱালক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...