ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! কৰিছিল বিস্ফোৰণৰ পৰীক্ষণ, গ্ৰেপ্তাৰ ISIS ৰ ২ সদস্য…

দেশৰ প্ৰতিটো কোনত তীব্ৰতৰ কৰি তোলা হৈছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। ইয়াৰ মাজতে আৰক্ষীয়ে ISIS ৰ দুগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে। দুয়ো ভাৰতত কোনো কূটঘাটমূলক পৰিকল্পনা কৰি আছিল।

ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! কৰিছিল বিস্ফোৰণৰ পৰীক্ষণ, গ্ৰেপ্তাৰ ISIS ৰ ২ সদস্য...

প্ৰতীকী ছবি

Published: 

18 May 2025 | 07:51 PM

পুনৰ আৰক্ষীৰ বৃহৎ সফলতা। দেওবাৰে তেলেংগানা আৰক্ষীয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছ ( (ISIS) ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কাউন্টাৰ-ইন্টেলিজেন্স অপাৰেশ্যনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি,দুয়োজন সন্ত্ৰাসবাদীয়ে ভাৰতত কোনো ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে দুয়ো নিৰ্জন অঞ্চলত পৰীক্ষণমূলক বিস্ফোৰণ সংঘটিত কৰিছিল।

আৰক্ষীয়ে কয় যে, গোপন তথ্যৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত দুজনৰ নাম ছিৰাজ-উৰ-ৰহমান আৰু চৈয়দ সমীৰ। অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাৰ পৰা ছিৰাজক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ছিকেণ্ডৰাবাদৰ ভোইগুডাৰ পৰা সমীৰক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে শেহতীয়াকৈ দুয়ো অনলাইনত বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিছিল।

উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বিজয়নগৰমস্থিত ছিৰাজৰ বাসগৃহত অভিযান চলায় আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰে। এই দুই সন্ত্ৰাসবাদীয়ে বিজয়নগৰমৰ এটা নিৰ্জন ঠাইত বিস্ফোৰণৰ পৰীক্ষণ কৰিছিল। অৱশ্যে ভাৰতৰ কোনখন ঠাইত তেওঁলোকে এই বিস্ফোৰণ সংঘটিত কৰিব বিচাৰিছি এতিয়ালৈকে জানিব পৰা হোৱা নাই। গ্ৰেপ্তাৰৰ পাছতে দুয়োকে আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীৰ মতে, সামাজিক মাধ্যমৰ জৰিয়তে ছিৰাজ আৰু সমীৰ চিনাকী হৈছিল। পাছত দুয়ো চৌদি আৰৱৰ এজন হেণ্ডলাৰৰ সহায়ত বিস্ফোৰণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। হেণ্ডলাৰে ছিৰাজ আৰু সমীৰক বিস্ফোৰণ সংঘটিত কৰিবলৈ উচটনি দিছিল। তেওঁলোকৰ মতে, ISIS য়ে কত বিস্ফোৰণ সংঘটিত কৰিব বিচাৰিছিল সেয়া তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই। তেওঁলোকে কেৱল প্ৰস্তুতি চলাই আছিল।

আনহাতে সন্ত্ৰাসবাদী কেইজনে অনলাই অৰ্ডাৰ দি কৰপৰা বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছিল আৰু কত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল সেই সন্দৰ্ভত তদন্ত কৰি আছে। আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান তেওঁলোকে ছৌদি আৰৱৰ হেণ্ডেলাৰৰ তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলাই আছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ভিডিঅ’ আছিল অজুহাত! পাকিস্তানৰ খৰচত ভ্ৰমণ কৰিছিল দেশ-বিদেশ, জ্যোতি মালহোত্ৰাই ক’লে এই সত্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...