ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! কৰিছিল বিস্ফোৰণৰ পৰীক্ষণ, গ্ৰেপ্তাৰ ISIS ৰ ২ সদস্য…

দেশৰ প্ৰতিটো কোনত তীব্ৰতৰ কৰি তোলা হৈছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। ইয়াৰ মাজতে আৰক্ষীয়ে ISIS ৰ দুগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে। দুয়ো ভাৰতত কোনো কূটঘাটমূলক পৰিকল্পনা কৰি আছিল।

ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! কৰিছিল বিস্ফোৰণৰ পৰীক্ষণ, গ্ৰেপ্তাৰ ISIS ৰ ২ সদস্য...

প্ৰতীকী ছবি

Published: 

18 May 2025 19:51 PM

পুনৰ আৰক্ষীৰ বৃহৎ সফলতা। দেওবাৰে তেলেংগানা আৰক্ষীয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছ ( (ISIS) ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কাউন্টাৰ-ইন্টেলিজেন্স অপাৰেশ্যনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি,দুয়োজন সন্ত্ৰাসবাদীয়ে ভাৰতত কোনো ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে দুয়ো নিৰ্জন অঞ্চলত পৰীক্ষণমূলক বিস্ফোৰণ সংঘটিত কৰিছিল।

আৰক্ষীয়ে কয় যে, গোপন তথ্যৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত দুজনৰ নাম ছিৰাজ-উৰ-ৰহমান আৰু চৈয়দ সমীৰ। অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাৰ পৰা ছিৰাজক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ছিকেণ্ডৰাবাদৰ ভোইগুডাৰ পৰা সমীৰক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে শেহতীয়াকৈ দুয়ো অনলাইনত বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিছিল।

উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বিজয়নগৰমস্থিত ছিৰাজৰ বাসগৃহত অভিযান চলায় আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰে। এই দুই সন্ত্ৰাসবাদীয়ে বিজয়নগৰমৰ এটা নিৰ্জন ঠাইত বিস্ফোৰণৰ পৰীক্ষণ কৰিছিল। অৱশ্যে ভাৰতৰ কোনখন ঠাইত তেওঁলোকে এই বিস্ফোৰণ সংঘটিত কৰিব বিচাৰিছি এতিয়ালৈকে জানিব পৰা হোৱা নাই। গ্ৰেপ্তাৰৰ পাছতে দুয়োকে আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীৰ মতে, সামাজিক মাধ্যমৰ জৰিয়তে ছিৰাজ আৰু সমীৰ চিনাকী হৈছিল। পাছত দুয়ো চৌদি আৰৱৰ এজন হেণ্ডলাৰৰ সহায়ত বিস্ফোৰণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। হেণ্ডলাৰে ছিৰাজ আৰু সমীৰক বিস্ফোৰণ সংঘটিত কৰিবলৈ উচটনি দিছিল। তেওঁলোকৰ মতে, ISIS য়ে কত বিস্ফোৰণ সংঘটিত কৰিব বিচাৰিছিল সেয়া তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই। তেওঁলোকে কেৱল প্ৰস্তুতি চলাই আছিল।

আনহাতে সন্ত্ৰাসবাদী কেইজনে অনলাই অৰ্ডাৰ দি কৰপৰা বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছিল আৰু কত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল সেই সন্দৰ্ভত তদন্ত কৰি আছে। আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান তেওঁলোকে ছৌদি আৰৱৰ হেণ্ডেলাৰৰ তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলাই আছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ভিডিঅ’ আছিল অজুহাত! পাকিস্তানৰ খৰচত ভ্ৰমণ কৰিছিল দেশ-বিদেশ, জ্যোতি মালহোত্ৰাই ক’লে এই সত্য…

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…