লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২ জোৱান…

শোকাৱহ পথ দুৰ্ঘটনাত দুজনকৈ সেনা জোৱান নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ নাম হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰ ।

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২ জোৱান...

ফাইল ফটো

Published: 

22 Mar 2025 | 07:41 AM

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই মৰ্মান্তিক দুৰ্ঘটনাত দুজনকৈ সেনা জোৱান নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ নাম হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰ। এই দুই শ্বহীদৰ মৃতদেহ ইতিমধ্যে তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লাডাখৰ নিৰাপত্তাৰ দায়িত্বত থকা সেনাৰ Fire and Fury Corps য়ে জোৱান দুজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শুকুৰবাৰে এক্সৰ এটা পোষ্টত Fire and Fury Corps য়ে প্ৰকাশ কৰা অনুসৰি, ২০ মাৰ্চ ২০২৫ তাৰিখে লাডাখত কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ কৰা হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ জিলাত সংঘটিত পথ দুৰ্ঘটনাত দুজন সেনা জোৱান শ্বহীদ হয়। এই জোৱান দুজনৰ নাম হাবিলদাৰ কিশোৰ বৰা আৰু কনিষ্টবল সুৰজ কুমাৰ। শুকুৰবাৰে কৰ্পছ কমাণ্ডাৰে জোৱানসকলৰ ত্যাগ আৰু দেশৰ প্ৰতি তেওঁলোকৰ অৱদানক শ্ৰদ্ধা জনায়।

একে সময়তে সেনাবাহিনীৰ উত্তৰ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰেও তেওঁলোকৰ বীৰত্বৰ প্ৰশংসা কৰে। লাডাখৰ পি আৰ অ’ ডিফেন্স লেফটেনেণ্ট কৰ্ণেল পি এছ সিদ্ধুৱে কয় যে, এখন সামৰিক বাহন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে দুজন সামৰিক জোৱান নিহত হয়।

উল্লেখ্য় যে,  দুৰ্ঘটনাত নিহত সেনা জোৱানসকলৰ ঠিকনাৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য পোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...