লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২ জোৱান…

শোকাৱহ পথ দুৰ্ঘটনাত দুজনকৈ সেনা জোৱান নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ নাম হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰ ।

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২ জোৱান...

ফাইল ফটো

Published: 

22 Mar 2025 07:41 AM

লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই মৰ্মান্তিক দুৰ্ঘটনাত দুজনকৈ সেনা জোৱান নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ নাম হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰ। এই দুই শ্বহীদৰ মৃতদেহ ইতিমধ্যে তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লাডাখৰ নিৰাপত্তাৰ দায়িত্বত থকা সেনাৰ Fire and Fury Corps য়ে জোৱান দুজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শুকুৰবাৰে এক্সৰ এটা পোষ্টত Fire and Fury Corps য়ে প্ৰকাশ কৰা অনুসৰি, ২০ মাৰ্চ ২০২৫ তাৰিখে লাডাখত কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ কৰা হাবিলদাৰ কিশোৰ বাৰা আৰু কনিষ্টবল সুৰজ কুমাৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ জিলাত সংঘটিত পথ দুৰ্ঘটনাত দুজন সেনা জোৱান শ্বহীদ হয়। এই জোৱান দুজনৰ নাম হাবিলদাৰ কিশোৰ বৰা আৰু কনিষ্টবল সুৰজ কুমাৰ। শুকুৰবাৰে কৰ্পছ কমাণ্ডাৰে জোৱানসকলৰ ত্যাগ আৰু দেশৰ প্ৰতি তেওঁলোকৰ অৱদানক শ্ৰদ্ধা জনায়।

একে সময়তে সেনাবাহিনীৰ উত্তৰ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰেও তেওঁলোকৰ বীৰত্বৰ প্ৰশংসা কৰে। লাডাখৰ পি আৰ অ’ ডিফেন্স লেফটেনেণ্ট কৰ্ণেল পি এছ সিদ্ধুৱে কয় যে, এখন সামৰিক বাহন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে দুজন সামৰিক জোৱান নিহত হয়।

উল্লেখ্য় যে,  দুৰ্ঘটনাত নিহত সেনা জোৱানসকলৰ ঠিকনাৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য পোৱা নাই।

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...