মিজোৰামৰ বুকুৰ পৰা ভাঁহি আহিব ৰে’লৰ উকি…ঝক্ ঝক্ শব্দ কৰি ছাইৰাং পাবগৈ ৰে’লগাড়ী

ঝক ঝক শব্দ কৰি মিজোৰামলৈ চলিব ৰে'ল। ইমান দিনে অসম-মিজোৰাম সীমান্তৰ বৈৰৱীলৈহে ৰে'লৰ সংযোগ আছিল। কিন্তু এতিয়া এই ৰে'লপথ সম্প্ৰসাৰণ কৰা হৈছে ছাইৰাঙলৈ। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব এই ৰে'লপথছোৱা।

মিজোৰামৰ বুকুৰ পৰা ভাঁহি আহিব ৰেলৰ উকি...ঝক্ ঝক্ শব্দ কৰি ছাইৰাং পাবগৈ ৰেলগাড়ী

মিজোৰামলৈ ৰে'লসেৱা

Updated On: 

02 Sep 2025 19:56 PM

উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰে গ্ৰহণ কৰিছিল ACT EAST পলিচী। যাৰ অধীনত উত্তৰ-পূব ভাৰতত ৰে’ল যাতায়ত উন্নীত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে কেন্দ্ৰই। এইবাৰ পূৰ্বোত্তৰৰ অন্যতম ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক অন্তৰ্ভুক্ত কৰা হ’ব দেশৰ ৰে’ল মানচিত্ৰত।

মিজোৰাম তথা আইজলৰ দৰে এক গুৰুত্বপূৰ্ণ স্থানক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তথা পৰ্যটনক মানুহৰ কাষলৈ লৈ যোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। অৱশ্য়ে সামৰিক বিশেষজ্ঞৰ মতে, কেৱল অৰ্থনৈতিক উন্নয়নেই নহয়, ম্যানমাৰ সীমান্তত নিয়োজিত নিৰাপত্তাবাহিনীক দ্ৰুতভাৱে ৰছদ-পাতি যোগান ধৰিবলৈও ৰে’লপথ সম্প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ আগলৈকে অসমৰ শিলচৰ-বদৰপুৰ লাইনেৰে অসম-মিজোৰাম সীমান্তৰ বৈৰৱী ষ্টেচনলৈকেহে আছিল ৰে’লপথ। মিজোৰামক ঢুকি পোৱা নাছিল ৰে’ল সেৱাই। বৈৰৱীৰ পৰা পথেৰে আইজল পাবলৈ সময় লাগে প্ৰায় ১০ ৰ পৰা ১২ ঘণ্টা। কিন্তু এতিয়া ৰে’ল চলাচল হোৱাৰ লগে লগে মাত্ৰ ৩০ ৰ পৰা ৪০ মিনিটতে গৈ পাব আইজল।

বৈৰৱীৰ পৰা আইজলৰ ছাইৰাঙলৈকে প্ৰায় ৫১.৩৮ কিঃমিঃ ৰে’লপথ স্থাপনৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰে’লপথ মুকলি কৰাৰ কথা। ১৯৯৯ চনত পৰিকল্পনা আৰম্ভ হৈছিল এই প্ৰকল্পৰ। প্ৰায় ২৬ বছৰ ধৰি নিৰ্মাণৰ কাম চলাৰ পাছত অৱশেষত সেই দিনটো কাষ চাপি আহিছে। ৰে’ল যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব মিজোৰামত।

প্ৰায় ৫ হাজাৰ ২১ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। অনে বাধা-বিপত্তি আহিলেও লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মীসকল। দুৰ্গম পাহাৰ কাটি, এটাৰ পাছত আনটো বাধা অতিক্ৰম কৰি তৈয়াৰ কৰা হ’ল এই ৰে’লপথ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যি সামগ্ৰীভৰ্তি বাহন শিলচৰৰ পৰা আইজল পাবলৈ ডেৰ-দুইদিন লাগে, সেই সামগ্ৰী ৰে’লপথেৰে মাত্ৰ ৩৫ মিনিটৰ ভিতৰতে আইজল পাবগৈ। এই ৰে’লপথ মিজোৰামবাসীৰ বাণিজ্য আৰু যোগাযোগৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হব বুলি আশা কৰিছে বিশেষজ্ঞই। ৰে’লপথ সাজু, এতিয়া অপেক্ষা মিজোৰামৰ পৰা ৰে’লৰ উকি ভাঁহি অহালৈ।

ছাইৰাঙলৈ নিৰ্মাণ কৰা ৰে’লপথ সন্দৰ্ভত কেইটামান তথ্য-

বৈৰৱীৰ পৰা আইজলৰ ছাইৰাঙৰ মাজত আছে মুঠ তিনিটা ষ্টেচন। হৰ্তকী, কাওণপুই, আৰু মুৱালখাং

দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰে’ল দলং স্থাপন। ১৯৬ নং খুটাৰ উচ্চতা ১১৪ মিটাৰ। ই কুটুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। দুৰ্গম পাহাৰ কাটি তৈয়াৰ কৰা এই ৰে’লপথত আছে মুঠ ৪৮ টা সুৰংগ। এই সুৰংগসমূহৰ ভিতৰত ৩ নং সুৰংগৰ দৈঘ্য সৰ্বাধিক প্ৰায় ২ কিলোমিটাৰ।

৫৫ খন ডাঙৰ আৰু ৮৭ খন সৰু ৰে’ল দলং আছে এই ৰে’লপথছোৱাত। তাৰোপৰি ৫ খন উৰণ সেতুৰ তলেৰে আৰু ৬ টা পথৰ ওপৰেৰে পাৰ হৈ গৈছে এই ৰে’লপথ।

চাৰিটা চেক্সনত যাৱতীয় প্ৰকল্পৰ কাম বিভক্ত কৰা হৈছে। সেয়া যথাক্ৰমে বৈৰৱী-হৰ্তকী, হৰ্তকী-কাওণপুই, কাওণপুই-মুৱালখাং আৰু মুৱালখাং-ছাইৰাং।

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...