আন এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাঃ যাত্ৰীবাহী ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ মালবাহী ৰে’লৰ, নিহত কেইবাজনো
গট’ৰা আৰু বিলাসপুৰ ষ্টেচনৰ মাজত প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰাথমিক তথ্য মতে এই দুৰ্ঘটনাত প্ৰায় ছয়জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত লগতে দুই-তিনিজন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

ৰে’ল দুৰ্ঘটনা
দেশত শেহতীয়া কিছুদিনত সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ কেইবাটাও ৰে’ল দুৰ্ঘটনা। এনে দুৰ্ঘটনাসমূহৰ ফলশ্ৰুতিত দেশৰ আটাইতকৈ ব্যৱহৃত পৰিবহণ মাধ্যম হিচাপে পৰিচিত ৰে’লৱেৰ ওপৰত উত্থাপন হৈছে প্ৰশ্নৰ। আজি পুনৰ আন এক ৰে’ল দুৰ্ঘটনাই জোকাৰিছে দেশ। এইবাৰ এই ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। ৰাজ্যখনৰ বিলাসপুৰ জিলাত আজি সংঘটিত হয় এক বৃহৎ ৰেল দুৰ্ঘটনা। সন্ধিয়া জয়ৰাম নগৰ ষ্টেচনৰ সমীপত এখন স্থানীয় ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন মালবাহী ৰে’লৰ।
প্ৰকাশিত খবৰ অনুসৰি গেভৰা ৰোড বিলাসপুৰ মেমু স্থানীয় ৰে’লৰ সৈতে এখন মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ হয়। গট’ৰা আৰু বিলাসপুৰ ষ্টেচনৰ মাজত প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰাথমিক তথ্য মতে এই দুৰ্ঘটনাত প্ৰায় ছয়জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত লগতে দুই-তিনিজন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।
উদ্ধাৰ অভিযান অব্যাহত
দুৰ্ঘটনাৰ পিছতে ৰে’ল কৰ্তৃপক্ষ তথা প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰে’ল কৰ্তৃপক্ষ তথা প্ৰশাসনিক দলে।
দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ বাবে আপ লাইনত ৰে’লৰ চলাচল ব্যাহত হৈছে। ৰে’লৱেই উপযুক্ত ব্যৱস্থাৰে আহত লোকসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। বিষয়াসকলে লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলিও সদৰী কৰে।
ৰে’ল দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বৃহৎ শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীৰ কাষ চাপি আহে আৰু ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। সংঘৰ্ষৰ পিছতে যাত্ৰীবাহী ৰে’লখনৰ এটা ডবা মালবাহী ৰে’লৰ ওপৰত বাগৰি পৰে। ইয়াৰ পিছতে ৰে’লৱে কৰ্তৃপক্ষ আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয়।
হেল্পলাইন নম্বৰ মুকলি
দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ জেনেৰেল মেনেজাৰৰ লগতে বিলাসপুৰ সংমণ্ডল ৰে’লৱেৰ প্ৰবন্ধক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ৰে’লৱেই লগতে ভুক্তভোগীসকলৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। যিকোনো ধৰণৰ সহায়ৰ বাবে ভুক্তভোগীৰ পৰিয়ালে ৮০৮৫৯৫৬৫২(চাম্পা জংচন), ৯৭৫২৪৮৫৬০ (ৰায়গড়), ৮২৯৪৭৩০১৬২ (পেণ্ড্ৰা ৰোড) নম্বৰত ফোন কৰিব পাৰে।