গৈছিল গংগাত স্নান কৰিবলৈ! তীব্ৰবেগী ৰে’লৰ খুন্দা, সিঁচৰিত হৈ পৰিল ৰ’ল মৃতদেহ…
নিহত তীৰ্থযাত্ৰীসকল কাৰ্তিক পূৰ্ণিমাৰ দিনা গংগাত স্নান কৰিলৈ চুনাৰলৈ আহিছিল। ৪ নম্বৰ প্লেটফৰ্মত নামি ভক্তসকলে ৰে'লপথ পাৰ হৈ ৩ নম্বৰ প্লেটফৰ্মত উপস্থিত হৈছিল। সেইসময়তে কলকা মেইল (হাউৰা-কলকা এক্সপ্ৰেছ)খনে তীব্ৰ বেগেৰে কেইবাজনো ভক্তক খুন্দা মাৰে।

ৰে'লৰ খুন্দাত মৃত্যু ৬ তীৰ্থযাত্ৰীৰ
উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ চুনাৰ ষ্টেচনত বুধবাৰে পুৱা সংঘটিত হয় এক বৃহৎ ৰে’ল দুৰ্ঘটনা। হাওৰাৰ পৰা কলকালৈ গৈ থকা কলকা এক্সপ্ৰেছৰ খুন্দাত ছয়জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। দুৰ্ঘটনাটোৱে ষ্টেচন চৌহদত বিশৃংখলতাৰ সৃষ্টি কৰে। পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি সোণভদ্ৰাৰ পৰা অহা গোমোহ-চোপান যাত্ৰীবাহী ৰে’ল (প্ৰয়াগৰাজ বৰৱাড়ী যাত্ৰী) চুনাৰ ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মত উপস্থিত হৈছিল।
নিহত তীৰ্থযাত্ৰীসকল কাৰ্তিক পূৰ্ণিমাৰ দিনা গংগাত স্নান কৰিবলৈ চুনাৰলৈ আহিছিল। ৪ নম্বৰ প্লেটফৰ্মত নামি ভক্তসকলে ৰে’লপথ পাৰ হৈ ৩ নম্বৰ প্লেটফৰ্মত উপস্থিত হৈছিল। সেইসময়তে কলকা মেইল (হাউৰা-কলকা এক্সপ্ৰেছ)খনে তীব্ৰ বেগেৰে কেইবাজনো ভক্তক খুন্দা মাৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰেকত শৰীৰৰ অংগবোৰ সিঁচৰতি হৈ পৰিছিল। ঘটনাস্থলীত জি আৰ পি আৰু আৰ পি এফ জোৱান উপস্থিত হৈ মৃতদেহ সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ৰে’লৱেৰ সূত্ৰ অনুসৰি কলকা এক্সপ্ৰেছ ৰে’লখনৰ চুনাৰত ষ্টপেজ নাছিল। অৰ্থাৎ ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ৰে’লখনে ঘণ্টাত প্ৰায় ৬০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিছিল। অৰ্থাৎ ৰে’লখন তীব্ৰ বেগেৰে পাৰ হৈ গৈছিল। পণ্ডিত দীনদয়াল উপাধ্যায় জংচনৰ পৰা ৰাওনা হৈ মিৰ্জাপুৰ অভিমুখে গৈ আছিল ৰে’লখন। ৰে’লপথ পাৰ হৈ যোৱা লোকসকলে ৰে’লখনৰ গতিবেগ সন্দৰ্ভত অজ্ঞাত আছিল।
দুৰ্ঘটনাৰ লগে লগে ৰে’ল আৰক্ষী (আৰ পি এফ) আৰু জি আৰ পিৰ দল উপস্থিত হয়, আৰু সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ হয়। আহত ভক্তক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে শীঘ্ৰে সাহায্য কাম ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী যোগীয়ে ঘটনাস্থলীত এছডিআৰএফ আৰু এনডিআৰএফৰ দল মোতায়েন কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই পেলোৱা লোকসকলক চিনাক্ত কৰিছে ৰে’লৱেৰ বিষয়া আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই। আৰক্ষীয়ে জনোৱা মতে, মৃত আটাইকেইজন সোণভদ্ৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা আহি গংগাত গা ধুবলৈ চুনাৰলৈ আহিছিল।
মৃতকসকল ক’ৰ পৰা আহিছিল?
নিহত লোক কেইজন হৈছে মিৰ্জাপুৰৰ কমৰীয়া থানা এলেকাৰ বাসিন্দা সবিতা (২৮ বছৰ); সাধনা (১৬); শিৱ কুমাৰী (১২); আপ্পু দেৱী (২০); মহুৱাৰী থানা এলেকাৰ বাসিন্দা সুশিলা দেৱী (৬০); আৰু সোণভদ্ৰাৰ বাসৱা থানা এলেকাৰ বাসিন্দা কালাৱতী দেৱী (৫০)।
জয় প্ৰকাশ সিঙৰ প্ৰতিবেদন