শোকলৈ পৰিণত বিবাহৰ সুখ! কইনা ঘৰলৈ যোৱাৰ সময়তে ঘটিল দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে দৰা-ভগ্নীসহ পাঁচজনে

বিবাহৰ উদ্দেশ্যে কন্যা ঘৰলৈ যাত্ৰা কৰিছিল বৰযাত্ৰীৰ বাহন। পিছে বিবাহৰ সকলো আনন্দ ক্ষণিকৰ ভিতৰতে শোকলৈ পৰিণত কৰি তোলে এক ভয়ংকৰ পথ দুৰ্ঘটনাই। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে স্বয়ং দৰাৰে। লগতে দৰাৰ ভগ্নী আৰু তেওঁৰ দুই সন্তানসহ মুঠ ৫ জন লোকে থিতাতে প্ৰাণ হেৰুৱায় এই ভয়ংকৰ দুৰ্ঘটনাত

শোকলৈ পৰিণত বিবাহৰ সুখ! কইনা ঘৰলৈ যোৱাৰ সময়তে ঘটিল দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে দৰা-ভগ্নীসহ পাঁচজনে

দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল

Updated On: 

05 Jul 2025 09:54 AM

বিবাহৰ উদ্দেশ্যে কন্যা ঘৰলৈ যাত্ৰা কৰিছিল বৰযাত্ৰীৰ বাহন পিছে বিবাহৰ সকলো আনন্দ ক্ষণিকৰ ভিতৰতে শোকলৈ পৰিণত কৰি তোলে এক ভয়ংকৰ পথ দুৰ্ঘটনাই এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে স্বয়ং দৰাৰে লগতে দৰাৰ ভগ্নী আৰু তেওঁৰ দুই সন্তানসহ মুঠ ৫ জন লোকে থিতাতে প্ৰাণ হেৰুৱায় এই ভয়ংকৰ দুৰ্ঘটনাত শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ সম্ভল জিলাত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা। জানিব পৰা মতে, দৰাই যাত্ৰা কৰা বাহনখনে এখন শিক্ষানুষ্ঠানৰ দেৱালত খুন্দা মৰাৰ ফলত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হয়

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বলেৰ’ খনত মুঠ ১০ জন লোক আছিল। দুৰ্ঘটনাত লগতে ৫ জন লোক আহত হয় আহত লোকসকলক তাৎক্ষণিকভাৱে স্থানীয় এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখন সম্ভলৰ পৰা বোদন অভিমুখে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে যাত্ৰাপথতে বিবাহযাত্ৰীৰ বাহনখন এই মৰ্মান্তিক দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

গুনৌৰ তহচিল এলেকাৰ জুনৱাই থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰকাশিত খবৰ অনুসৰি হৰগোবিন্দপুৰ নামৰ এখন গাঁৱৰ পৰা বোদন জিলাৰ উঘাইটি থানা এলেকালৈ যাত্ৰা কৰিছিল এই বিবাহযাত্ৰাই। জুনৱাই থানা এলেকাত ঘাইপথেৰে আগবাঢ়ি যোৱাৰ সময়তে দৰাকে ধৰি মুঠ ১০ জন লোক থকা এখন বলেৰবাহনে ঘাইপথৰ কাষতে থকা শিক্ষানুষ্ঠানৰ দেৱালত খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় সেই সময়তে ঘাইপথেৰে পাৰ হৈ যোৱা একাংশ লোকে এই দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি দুৰ্ঘটনাত পতিত বলেৰ’ বাহনখনৰ পৰা ১০ জন লোকক উলিয়াই আনে

আৰক্ষীয়ে লগে লগে আটাইকেইজন লোককে স্থানীয় এখন চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে অৱশ্যে ইয়াৰে পাঁচজনক মৃত ঘোষণা কৰে চিকিৎসকে। আনহাতে আহত আনকেইজন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে বাহনখনৰ তীব্ৰ গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে সম্প্ৰতি দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বলেৰ’ বাহনখন দুৰ্ঘটনাত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। জেচিবিৰ সহায়ত দুৰ্ঘটনাস্থলীৰ পৰা বাহনখন উলিয়াই অনা হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে দুৰ্ঘটনাত নিহত লোকসকলক দৰা সুৰজপাল, তেওঁৰ ভগ্নী আশা, আশাৰ দুই সন্তান বুলি চিনাক্ত কৰা হৈছে নিহত আনটি শিশু তেওঁলোকৰে আত্মীয় বুলি জানিব পৰা গৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰে এতিয়া দৰাঘৰৰ লগতে কন্যা পৰিয়ালতো শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ
বাৰিষা কালত নিতৌ খাদ্যত ব্যৱহাৰ কৰা তেল বেয়া হ'ব পাৰে নেকি?