যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰঃ প্ৰাণ হেৰুৱালে ৬ জনে, ১৮ জন গুৰুতৰভাৱে আহত
এখন দ্ৰুতবেগী ট্ৰাকে যাত্ৰীবাহী বাছ এখনত খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ৬ গৰাকী লোকে। ট্ৰাকৰ খুন্দাৰ ফলত বাছখন পথতে বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত বাছখনত থকা প্ৰায় ১৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এই লোকসকল।

প্ৰতিনিধিত্বমূলক ছবি
এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজস্থান। ৰাজ্যখনৰ বৰাণ জিলাৰ ছাহাবাদত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকে এখন যাত্ৰীবাহী বাছত খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ৬ গৰাকী লোকে। দ্ৰুতবেগী ট্ৰাকখনে ৰাজস্থান ৰোডৱেজৰ এখন বাছত জোৰেৰে খুন্দা মৰাৰ ফলত পথতে বাগৰি পৰে বাছখন। এই দুৰ্ঘটনাত বাছখনত থকা প্ৰায় ২৪ জন যাত্ৰী আহত হয়। ইয়াৰে ৬ জন লোকৰ চিকিৎসাৰ সময়ত মৃত্যু ঘটে।
এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে বৰাণ জিলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাত আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি তদন্তত নিয়োজিত হৈ আছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বৰাণ জিলা আৰক্ষীয়ে।
প্ৰকাশিত খবৰ অনুসৰি বৰাণ জিলাৰ ছাহাবাদৰ জিঅ’ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হোৱা ৰাজস্থান ৰোডৱেজৰ বাছখন চাহাবাদৰ পৰা বৰাণ অভিমুখে যাত্ৰা কৰি আছিল। বাছখনত ৩০ৰ পৰা ৩৫জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
বাছখন চাহাবাদ অঞ্চলত অৱস্থিত জিঅ’ পেট্ৰ’ল পাম্পৰ সমীপত উপস্থিত হোৱাৰ সময়তে এখন ট্ৰাকে প্ৰচণ্ড জোৰেৰে বাছখনত খুন্দা মাৰে। এই খুন্দাৰ ফলত বাছখন লগে লগে পথত বাগৰি পৰে। এনে পৰিস্থিতিত ঘটনাস্থলীত ব্যাপক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ঘটনাৰ লগে লগে স্থানীয় বহুলোক ঘটনাস্থলীৰ কাষ চাপি আহে।
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে বাছখনৰ পৰা উলিয়াই আনে যাত্ৰীসকলক। আৰক্ষীয়ে প্ৰায় ২৪ জন যাত্ৰীক এম্বুলেন্সৰ সহায়ত চিকিৎসাৰ বাবে চাহাবাদ চিকিৎসালয়ত ভৰ্তি কৰে।
কিন্তু চিকিৎসাৰ সময়ত ৬ জন যাত্ৰীৰ অৱস্থা সংকটজনক হোৱা দেখি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছে জিলা চিকিৎসালয়ত চিকিৎসাৰ সময়ত এই ৬ গৰাকী যাত্ৰীৰ মৃত্যু হয়। আৰক্ষীয়ে যাত্ৰীসকলৰ মৃতদেহ চিনাক্ত কৰি পৰিয়ালক অৱগত কৰাৰ লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে এই দুৰ্ঘটনাত আহত আন লোককেইজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বৰাণ আৰক্ষীয়ে। স্থানীয় আৰক্ষীয়ে এই দুৰ্ঘটনাত পতিত বাছখন ইতিমধ্যে ক্ৰেনৰ সহায়ত পথৰ পৰা আঁতৰাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে।