শোকাৱহ! ছাগলী চৰাই থকাৰ সময়তে পানীত পৰি চাৰি শিশুসহ পাঁচজনৰ মৃত্যু

বিলৰ কাষত ছাগলী চৰাই থকাৰ সময়তে পাঁচজন ব্যক্তিৰ ভিতৰত এজন শিশু বিলখনত পৰি যায়। পানীত পৰা শিশুটিৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যে এজন এজনকৈ আনকেইটি শিশু আৰু মহিলাগৰাকীয়েও বিলত জাঁপ দিয়ে যদিও আটাইকেইজন দ পানীত ডুব যায়।

শোকাৱহ! ছাগলী চৰাই থকাৰ সময়তে পানীত পৰি চাৰি শিশুসহ পাঁচজনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Feb 2025 | 09:07 AM

গুজৰাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পথাৰত ছাগলী চৰাই থকাৰ সময়তে পানীত পৰি প্ৰাণ হেৰুৱাইছে চাৰি শিশুৰ লগতে এগৰাকী মহিলাই। ৰাজ্যখনৰ পাটন জিলাত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। পাটন আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, চানাছমা তালুকাৰ বাদাভাল গাঁৱৰ উপকণ্ঠ অঞ্চলত এইদৰে কৰুণ মৃত্যুক সাবটি লৈছে স্থানীয় চাৰি শিশু আৰু মহিলাগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বিলৰ কাষত তেওঁলোকৰ ছাগলী চৰাই থকাৰ সময়তে পাঁচজন ব্যক্তিৰ ভিতৰত এজন শিশু বিলখনত পৰি যায়। পানীত পৰা শিশুটিৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যে এজন এজনকৈ আনকেইটি শিশু আৰু মহিলাগৰাকীয়েও বিলত জাঁপ দিয়ে যদিও আটাইকেইজন দ পানীত ডুব যায়।

ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় বহু লোক সেই স্থানত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে শিশু চাৰিটা আৰু মহিলাগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰে। আটাইকেইজনকে লগে লগে চানাছমা কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে পাঁচোজনকে মৃত ঘোষণা কৰে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

এই শোকাৱহ ঘটনাত নিহত লোককেইজনক ছিমৰন চিপায় (১৩), মেহৰা মালেক (৯), আব্দুল মালেক (১০), সোহেইল কুৰেছী (১৬) আৰু ফিৰোজা মালেক (৩২) বুলি চিনাক্ত কৰা হৈছে। ইফালে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...