দেৱী বিসৰ্জনৰ সময়তে ঘটিল ভয়ংকৰ দুৰ্ঘটনাঃ নদীত ডুবি প্ৰাণ গ’ল ১০ জনৰ, কেইবাজনো সন্ধানহীন
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত এতিয়াও অভিযান অব্যাহত থকা বুলি স্থানীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

দশমীৰ দিনটোতে ভয়ংকৰ দুৰ্ঘটনা
আজি দেশজুৰি দেখা গ’ল বিজয়া দশমী তথা দশেৰা উদযাপনৰ এক পৰিচিত দৃশ্য। দেৱী দুৰ্গাৰ গমনৰ সময়তে পিছে মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যখনৰ খাণ্ডৱা জিলাত দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়তে সংঘটিত এই দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ১০ জনকৈ লোকে। মূৰ্তি বিসৰ্জনৰ পৰা উভতি অহা একাংশ লোকক কঢ়িয়াই অনা এখন ট্ৰেক্টৰ-ট্ৰলী নদীত বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা ঘটে। দুৰ্ঘটনাত দহজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত এতিয়াও অভিযান অব্যাহত থকা বুলি স্থানীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পাণ্ডানা আৰক্ষী থানা এলেকাৰ জামালিৰ সমীপৰ অবনা নদীত সংঘটিত হয় এই ঘটনা।
বিজয়া দশমী উপলক্ষে আজি স্থানীয় লোকসকলে অবনা নদীত মূৰ্তি বিসৰ্জন কৰে। বিসৰ্জনৰ পিছত উভতি অহাৰ সময়তে একাংশ লোকে যাত্ৰা কৰা ট্ৰেক্টৰ-ট্ৰলী এখন দলঙৰ পৰা নদীত বাগৰি পৰে। ট্ৰেক্টৰ-ট্ৰলীখনত ২০ৰ পৰা ২২জন লোক আছিল বুলি জানিব পৰা গৈছে। হঠাতে এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ ফলত সেই স্থানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
বিসৰ্জনৰ বাবে নদীৰ পাৰত সেই সময়ত অজস্ৰ লোকৰ সমাগম ঘটিছিল। ঘটনাৰ পিছতে পাৰত থকা লোকসকল উদ্ধাৰৰ বাবে আগবাঢ়ি আহে। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী–প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত এই পৰ্যন্ত নদীৰ পৰা ১০ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ঘটনাত নিহতসকলৰ ভিতৰত অধিকাংশই শিশু বুলি জানিব পৰা গৈছে। ইফালে এইপৰ্যন্ত কেইবাজনো লোকৰ সন্ধান লাভ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। এই ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত কান্দোনৰ ৰোল উঠিছে। কান্দোনত ভাগি পৰিছে ঘটনাত ভুক্তভোগীসকলৰ পৰিয়াল।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীত এতিয়াও উপস্থিত আছে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া। নদীৰ পৰা জীৱন্তে উদ্ধাৰ হোৱা লোকসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি জানিব পৰা গৈছে।