গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত শোকাৱহ ঘটনা, প্ৰাণ হেৰুৱালে ১০ সেনা জোৱানে
এজন বিষয়াই জনোৱা মতে, অজ্ঞাত কাৰণত গাড়ীখন পথৰ পৰা পিছলি পৰে। ঘটনাৰ লগে লগে উদ্ধাৰ আৰু সাহায্যকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। আহত জোৱানজনক দুৰ্ঘটনাস্থলীৰ পৰা উলিয়াই ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।

জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা
দেশত সম্প্ৰতি গণৰজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। ভাৰতীয় গণতন্ত্ৰৰ এই মহান উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে। পিছে এই প্ৰস্তুতিৰ মাজতে আজি জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এক অত্যন্ত হৃদয়বিদাৰক পথ দুৰ্ঘটনা। ডোডাত আজি সেনা কঢ়িয়াই নিয়া এখন বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন জোৱানে হৃদয়বিদাৰকভাৱে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাত লগতে আন ১০ জন জোৱান গুৰুতৰভাৱে আহত হৈছে।
দুৰ্ঘটনাৰ বিৱৰণ
সেনাৰ বাহনখন ডোডাৰ ভদ্ৰৱাহ-চম্বা পথেৰে গৈ থকাৰ সময়তে এই শোকাৱহ ঘটনা ঘটে। স্থানীয় লোকৰ মতে, এই পথছোৱাৰ অৱস্থা পূৰ্বৰে পৰাই অতি জৰাজীৰ্ণ আৰু বিপদসংকুল আছিল। জোৱানসকলক লৈ বাহনখন এটা ওখ পাহাৰীয়া পোষ্টৰ অভিমুখে গৈ থকাৰ সময়তে হঠাত চালকে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাহনখন প্ৰায় ২০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু সাহায্যকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ অভিযান আৰম্ভ কৰে। এজন বিষয়াই জনোৱা মতে, অজ্ঞাত কাৰণত গাড়ীখন পথৰ পৰা পিছলি পৰে। ঘটনাৰ লগে লগে উদ্ধাৰ আৰু সাহায্যকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। আহত জোৱানজনক দুৰ্ঘটনাস্থলীৰ পৰা উলিয়াই ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।
উপ-ৰাজ্যপালৰ শোকপ্ৰকাশ
এই শোকাৱহ ঘটনাত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, “ডোডাত সংঘটিত এই দুৰ্ঘটনাৰ বাতৰিয়ে মোক মৰ্মাহত কৰিছে। আমাৰ ১০ জন সাহসী জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছে। দেশৰ প্ৰতি তেওঁলোকৰ সৰ্বোচ্চ বলিদান আৰু সেৱাক আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰিম।”
সমগ্ৰ দেশ এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে থিয় দিছে বুলি তেওঁ লগতে কয়।আহত ১০ জন জোৱানক ততাতৈয়াকৈ বিমানযোগে (Airlift) হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকক উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে বুলি উপ-ৰাজ্যপাল মনোজ সিনহাই লগতে উল্লেখ কৰে।
ডোডাত বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি
শেহতীয়াকৈ ডোডা জিলাৰ নিৰাপত্তা পৰিস্থিতি অতি স্পৰ্শকাতৰ হৈ আছে। এই অঞ্চলটোৰ পাহাৰীয়া আৰু অৰণ্য এলেকাত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা বাহিনীৰ অভিযান তীব্ৰতৰ কৰা হৈছে। চোৰাংচোৱাৰ তথ্য অনুসৰি, ডোডা আৰু ইয়াৰ কাষৰীয়া কিষ্টৱাৰ জিলাৰ ঘন জংঘলত প্ৰায় ৩০-৩৫ জন পাকিস্তানী মূলৰ সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সম্ভাৱনা আছে। তেনে এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতে সেনাৰ জোৱানসকলৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।