বিহাৰত সোমাইছে তিনি জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদী, চোৰাংচোৱাৰ সকীয়নিৰ পাচতেই হাই এলাৰ্ট জাৰী

তিনিটা JeM সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ খবৰ পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ সীমান্তৱৰ্তী জিলা মধুবনী, সীতামৰ্হি সুপাল, আৰড়িয়া, পূব আৰু পশ্চিম চম্পাৰণত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হয়।

বিহাৰত সোমাইছে তিনি জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদী, চোৰাংচোৱাৰ সকীয়নিৰ পাচতেই হাই এলাৰ্ট জাৰী

প্ৰতীকী ছবি

Published: 

28 Aug 2025 16:27 PM

দেশত ধৰা পৰিছে জয়ছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী। নিৰ্বাচনমুখী বিহাৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। চোৰাংচোৱা সূত্ৰ অনুসৰি পাকিস্তান সমৰ্থিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ তিনিজন সদস্যই বিহাৰত প্ৰৱেশ কৰিছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে আন এক বৃহৎ আক্ৰমণৰ আশংকা কৰা হৈছে। জাৰি কৰা হৈছে এক সতৰ্কবাণী।

চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগষ্টৰ দ্বিতীয় সপ্তাহত নেপাল হৈ তিনিজন জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা সপ্তাহত বিহাৰত প্ৰৱেশ কৰিছিল এই তিনি সন্ত্ৰাসবাদীয়ে। বিহাৰৰ ভাগলপুৰত আৰক্ষী আৰু চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক সোধা-পোছা কৰি এই তিনি সন্ত্ৰাসবাদীৰ স্থিতি ধৰা পেলায়।

জানিব পৰা মতে, এই তিনি সন্ত্ৰাসবাদীৰ নাম হছনাইন আলী, আদিল হুছেইন আৰু মহম্মদ উছমান। পাকিস্তানৰ ৰাৱালপিণ্ডিৰ বাসিন্দা হাছনাইন, উমৰকোটৰ বাসিন্দা আদিল আৰু উছমান বাহাৱালপুৰৰ বাসিন্দা। এই সন্ত্ৰাসবাদীয়ে বিহাৰত বৃহৎ বিধ্বংসী কাৰ্যকলাপ চলাব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে আশংকা কৰিছে। লগতে দেশত সন্ত্ৰাসবাদীৰ শ্লীপাৰ চেল সক্ৰিয় কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে।

প্ৰকাশিত সন্ত্ৰাসবাদীৰ ছবি

ইতিমধ্যে বিহাৰৰ সকলো থানালৈ প্ৰেৰণ কৰা হৈছে সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ফটো। চোৰাংচোৱা সংস্থাসমূহে চোৰাংচোৱাগিৰিও বৃদ্ধি কৰিছে। কোনো সন্দেহজনক গতি-বিধি লক্ষ্য কৰিলে জিলা চোৰাংচোৱা ইউনিটৰ সদস্যসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

অপাৰেচন সেন্দূৰৰ পিছত যোৱা মে’ মাহৰ পৰা ভাৰত-নেপাল সীমান্ত আৰু সীমাঞ্চলৰ জিলাত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হয়। অনুপ্ৰৱেশৰ ভয় এই অংশৰ পৰাই প্ৰকাশ পাইছিল। সেই ভয়টো সঁচা হৈ পৰিল।

তিনিটা JeM সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ খবৰ পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ সীমান্তৱৰ্তী জিলা মধুবনী, সীতামৰ্হি সুপাল, আৰড়িয়া, পূব আৰু পশ্চিম চম্পাৰণত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হয়। মন কৰিবলগীয়া যে নেপালৰ সৈতে বিহাৰৰ ৭২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সম্পূৰ্ণ অসুৰক্ষিত সীমান্ত আছে। দীৰ্ঘদিন ধৰি ইয়াৰ পৰা অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন হৈ আহিছে।

এইসমূহ কাৰণত হ’ব পাৰে পিতৃ দোষ, বঞ্চিত হ’ব পূৰ্বপুৰুষৰ আশীৰ্বাদৰ পৰা
ওকণিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, জানক সহজ উপায়
প্ৰস্ৰাৱৰ পাছত পানী খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা, জানক...
চজিনা পাতৰো আছে অসামান্য গুণ, দূৰ কৰিব পাৰে দেহৰ এনে চিন্তনীয় সমস্যা