বহি আছিল প্ৰেমিকৰ সৈতে, প্ৰথমে অপহৰণ, তাৰ পিছত কলেজীয়া ছাত্ৰীৰ সৈতে…

বিমানবন্দৰত প্ৰায় ১১ বজাত প্ৰেমিকৰ সৈতে গাড়ীত বহি আছিল যুৱতীগৰাকী । সেই সময়তে অভিযুক্তই গাড়ীৰ খিৰিকী ভাঙি দুয়োকে আক্ৰমণ কৰে। অভিযুক্তই চোকা অস্ত্ৰৰে প্ৰেমিকক আক্ৰমণ কৰি যুৱতীগৰাকী অপহৰণ কৰে।

বহি আছিল প্ৰেমিকৰ সৈতে, প্ৰথমে অপহৰণ, তাৰ পিছত কলেজীয়া ছাত্ৰীৰ সৈতে...

প্ৰতীকি ফটো

Published: 

04 Nov 2025 14:45 PM

নিশা এগৰাকী কলেজীয়া ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে নিশা বিমানবন্দৰৰ সমীপত তিনিজন লোকে এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে। এতিয়া আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তামিলনাডুৰ কইম্বাটুৰৰ বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

বিমানবন্দৰত প্ৰায় ১১ বজাত প্ৰেমিকৰ সৈতে গাড়ীত বহি আছিল যুৱতীগৰাকী । সেই সময়তে অভিযুক্তই গাড়ীৰ খিৰিকী ভাঙি দুয়োকে আক্ৰমণ কৰে। অভিযুক্তই চোকা অস্ত্ৰৰে প্ৰেমিকক আক্ৰমণ কৰি যুৱতীগৰাকী অপহৰণ কৰে। ইয়াৰ পিছতে দলবদ্ধ ধৰ্ষণ কৰি পলায়ন কৰে। পিছদিনা পুৱা যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু আৰক্ষীয়ে অভিযুক্তক বিচাৰিবলৈ সাতটাকৈ দল গঠন কৰে।

আৰক্ষীক আক্ৰমণ কৰে অভিযুক্তই

সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰে তিনিওজন অভিযুক্তক। অৱশ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপস্থিত হোৱাৰ লগে লগে পলাবলৈ চেষ্টা কৰি আৰক্ষীক আক্ৰমণ কৰে। তাৰ পিছত আৰক্ষী গুলীয়ে তিনিওটাৰে ভৰিত আঘাত কৰে। কইম্বাটুৰ চহৰৰ আৰক্ষী আয়ুক্তই কয় যে, অভিযুক্তই পলায়নৰ চেষ্টা কৰিছিল, সেয়েহে আৰক্ষীয়ে ভেলাকিনাৰু অঞ্চলত তেওঁলোকৰ ভৰিত গুলীচালনা কৰিবলগীয়া হৈছিল।

আহতসকলৰ ভিতৰত আছে গুনা, কৰুপ্পাছামী, আৰু কাৰ্তিক ওৰফে কালিশ্বৰণ। সকলোকে চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।  ঘটনাত এজন হেড কনিষ্টবলও আহত হয়। জানিব পৰা মতে, অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰাৰ ফলত হেড কনিষ্টবলজন আহত হয়।

তিনি অভিযুক্তৰ ভিতৰত এজনৰ এখন ভৰিত গুলী লাগিছিল, আনহাতে বাকী দুজনৰ দুয়োখন ভৰিত গুলী লাগিছিল। পিলামেডু আৰক্ষীয়ে চিচিটিভি ফুটেজ ব্যৱহাৰ কৰি তিনিওজন অভিযুক্তক বিচাৰি উলিয়ায়। ভেলাকিনাৰুৰ এক নিৰ্জন অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ হয় তিনিওকে।

বিনিয়োগ কৰি ৫ বছৰত লাভ কৰিব ১৭ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে ?
শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...