‘ধ্বংসই হ’ব ভাৰতৰ ওপৰত আক্ৰমণৰ একমাত্ৰ পৰিণাম’, স্পষ্ট হুংকাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাকিস্তান সংঘাতৰ পিছত আজি পুৱা ভাৰতীয় সেনাৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৈনিকসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বক্তব্য আগবঢ়াইছে। নিজ বক্তব্যত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ শত্ৰুক পুনৰ এবাৰ সকীয়নি দিছে

‘ধ্বংসই হ’ব ভাৰতৰ ওপৰত আক্ৰমণৰ একমাত্ৰ পৰিণাম’, স্পষ্ট হুংকাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

Updated On: 

13 May 2025 16:36 PM

ভাৰত-পাকিস্তান সংঘাতৰ পিছত আজি পুৱা পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আদমপুৰ এয়াৰবেছত সৈনিকসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলক সম্বোধন কৰে। নিজ বক্তব্যত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ শত্ৰুক পুনৰ এবাৰ সকীয়নি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত লগতে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিলে কেৱল ধ্বংসৰ ৰূপত পৰিণাম  দেখিবলৈ পোৱা যাব বুলি স্পষ্ট হুংকাৰ দিয়ে। তেওঁ লগতে ভাষণত অপাৰেচন সেন্দূৰৰ সফলতাৰ খতিয়ান দি সৈনিকসকলক পুনৰ এবাৰ চেল্যুট জনায়।

সৈনিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই ‘ভাৰত মাতা কি জয়’ শ্ল’গানৰ শক্তি দেখিছে। ‘ভাৰত মাতা কি জয়’ ধ্বনি শুনিলে শত্ৰুৱে কঁপিবলৈ আৰম্ভ কৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ‘ভাৰত মাতা কি জয়’ শ্ল’গান খেলপথাৰৰ লগতে মিছনতো প্ৰতিধ্বনি হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভাৰতৰ এই নতুন ৰূপ, এই নতুন ব্যৱস্থা বুজি পাই বিশ্বও আগবাঢ়িছে বুলি মন্তব্য কৰে।

ভাৰতীয় সেনাৰ সাহসক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে, “আজিৰ পৰা বহু দশকৰ পাছতো যেতিয়া ভাৰতৰ এই শৌৰ্যৰ বিষয়ে আলোচনা হ’ব, তেতিয়া আপোনালোক আৰু আপোনালোকৰ সংগীসকল ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায় হ’ব। আপোনালোক সকলোৱে বৰ্তমানৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এক নতুন প্ৰেৰণা হৈ পৰিছে। আজি এই বীৰ ভূমিৰ পৰা বায়ুসেনা, নৌসেনা আৰু সেনাবাহিনীৰ সকলো বীৰ জোৱান আৰু আমাৰ বি এছ এফৰ বীৰক প্ৰণাম জনাইছো।”

তেওঁ লগতে ভাৰতীয় সেনাৰ সাহসৰ বাবেই এতিয়া সমগ্ৰ বিশ্বতে অপাৰেচন সেন্দূৰৰ আলোচনা হৈছে বুলি উল্লেখ কৰে। প্ৰতিজন ভাৰতীয় এতিয়া সৈনিকসকলৰ লগত আছে আৰু দেশৰ প্ৰতিজন নাগৰিকে জোৱানসকলৰ পৰিয়াললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়। ইফালে অপাৰেচন সেন্দূৰক ভাৰতৰ নীতি, উদ্দেশ্য আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ সংগম বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

“ভাৰত যিদৰে যুদ্ধৰ দেশ আৰু লগতে সেইদৰে গুৰু গোবিন্দ সিং জীৰো দেশ। ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ অস্ত্ৰ তুলি লোৱাটো আমাৰ পৰম্পৰা। আমাৰ ভগ্নী-কন্যাৰ সেন্দূৰ কাঢ়ি নিয়াৰ সময়ত আমি সন্ত্ৰাসবাদীৰ ঘৰত প্ৰৱেশ কৰি বিধ্বস্ত কৰি পেলালো।”- এইদৰে লগতে উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অপাৰেচন সেন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক সন্মুখৰ পৰা আক্ৰমণ কৰি প্ৰাণ ল’লে আৰু লগতে সন্ত্ৰাসবাদৰ সকলো বৃহৎ ঘাটি ধ্বংস কৰি পেলালে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আতংকৰ মালিকসকলে এতিয়া বুজি পাইছে যে ভাৰতলৈ চকু দিলে এটাই ফলাফল হ’ব আৰু সেয়া হৈ ধ্বংস।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই পাকিস্তানী সেনাক পৰাস্ত কৰিছে বুলি উল্লেখ কৰে। তেওঁৰ ভাষ্য মতে, পাকিস্তানত সন্ত্রাসবাদীয়ে বহি শান্তিৰে উশাহ ল’ব পৰা স্থান নাই বুলি ভাৰতীয় সেনাই দেখুৱাই দিছে৷ অপাৰেচন সেন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীয়ে দেশৰ মনোবল বৃদ্ধি কৰাৰ সমান্তৰালকৈ দেশক একতাৰে সূতাৰে বান্ধিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ই ভাৰতৰ আত্মসন্মানক নতুন উচ্চতা প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

Related Stories
আঠবাৰ ভাৰত আক্ৰমণ কৰা ব্যক্তিৰ নামেৰে প্ৰতিযোগিতা, অৰ্ধশতকেৰে উজলিল দিল্লী কেপিটেলছৰ খেলুৱৈ
বিদায় পৰ্বত আৱেগিক CJI সঞ্জীৱ খান্নাঃ নিজ ভাষণত ক’লে প্ৰত্যাহ্বানজনক সময়ৰ কথা
পাকিস্তানক পুনৰ প্ৰদান কৰা হ’ব নেকি সিন্ধু জল চুক্তিৰ সুবিধা! বৈদেশিক মন্ত্ৰালয়ে ক’লে এইদৰে…
মোদীয়ে কিয় ক’লে ‘পাৰমাণৱিক ব্লেকমেইল’ৰ কথা! আক্ৰমণৰ ভাবুকি দিছিল নেকি পাকিস্তানে?
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানজনক মন্তব্য! অপাৰেচন সেন্দূৰৰ সৈতে জড়িত এইগৰাকী সাহসী নাৰীৰ বিৰুদ্ধে কি ক’লে বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহে?
জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ৩ জন
হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!