“ৰঙা দলিচা পাৰি আদৰিব লাগে নেকি ৰোহিংগীয়াক?” অনুপ্ৰৱেশকাৰী ৰোহিংগীয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

আদালতে প্ৰশ্ন উত্থাপন কৰে যে ৰোহিংগীয়াসকলে কিয় সুৰংগ পথেৰে ভাৰতত প্ৰৱেশ কৰি তাৰ পিছত খাদ্য আৰু বাসস্থানৰ দৰে অধিকাৰৰ দাবী জনাইছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰথমে সুৰংগৰ মাজেৰে প্ৰৱেশ কৰে, তাৰ পিছত খাদ্য আৰু বাসস্থানৰ দৰে অধিকাৰ দাবী কৰে।

ৰঙা দলিচা পাৰি আদৰিব লাগে নেকি ৰোহিংগীয়াক? অনুপ্ৰৱেশকাৰী ৰোহিংগীয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ৰোহিংগীয়া সন্দৰ্ভত মুখ্য ন্যয়াধীশৰ প্ৰশ্ন

Published: 

02 Dec 2025 17:00 PM

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থী নিৰুদ্দেশৰ অভিযোগ উত্থাপন কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে। এই বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰি বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰে যে ন্যায়পালিকাই অবৈধভাৱে দেশত প্ৰৱেশ কৰাসকলক বিশেষ সুৰক্ষা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি নেকি? আদালতে কয়, “উত্তৰ-পূবৰ আমাৰ সীমান্ত অতি স্পৰ্শকাতৰ। এই বিষয়ত আমি কোনো ধৰণৰ ৰিস্ক ল’ব নোৱাৰো।”

বিচাৰপীঠৰ নেতৃত্ব দিয়া মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “আমি তেওঁলোকৰ বাবে ৰেড কাৰ্পেট পাৰি দিয়াতো আপুনি বিচাৰেনে?” আদালতে প্ৰশ্ন উত্থাপন কৰে যে ৰোহিংগীয়াসকলে কিয় সুৰংগ পথেৰে ভাৰতত প্ৰৱেশ কৰি তাৰ পিছত খাদ্য আৰু বাসস্থানৰ দৰে অধিকাৰৰ দাবী জনাইছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰথমে সুৰংগৰ মাজেৰে প্ৰৱেশ কৰে, তাৰ পিছত খাদ্য আৰু বাসস্থানৰ দৰে অধিকাৰ দাবী কৰে।

সেইবোৰ ৰখাটো আমাৰ দায়িত্ব নেকি? সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন

জনস্বাৰ্থৰ চিন্তাৰ সন্দৰ্ভত চিজেআইয়ে প্ৰশ্ন কৰে যে, “আপোনাৰ দুখীয়া সন্তান এই সুবিধাসমূহৰ অধিকাৰী নহয়নে? আমি আইনক ইমান দূৰলৈ টানিব লাগিবনে?” উচচতম ন্যায়ালয়ত ৫জন ৰোহিংগীয়া লোক আৰক্ষীৰ জিম্মাত নিৰুদ্দেশ হোৱা বুলি দাবী কৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছে। ১৬ ডিচেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

শুনানিৰ সময়ত বিচাৰপীঠে বিশেষকৈ দেশৰ উত্তৰ সীমান্তত অবৈধ প্ৰব্ৰজনৰ সৈতে জড়িত নিৰাপত্তাজনিত উদ্বেগক আলোকপাত কৰে। আদালতে প্ৰশ্ন কৰে, “উত্তৰ ভাৰতত আমাৰ অতি ভংগুৰ সীমা আছে। যদি কোনো অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে দেশত প্ৰৱেশ কৰে, তেন্তে তেওঁক ইয়াত ৰখাটো আমাৰ দায়িত্ব নেকি?” ৰোহিংগীয়াসকল অহৰহ নিৰুদ্দেশ হৈ থকাৰ অভিযোগ উত্থাপন কৰি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে।

“অবৈধ উপায়েৰে সোমাই আহে আৰু তাৰ পিছত অধিকাৰ দাবী কৰে”

চিজেআইয়ে আৰু প্ৰশ্ন উত্থাপন কৰে যে “শৰণাৰ্থী” শব্দটো সুনিৰ্দিষ্ট নেকি? “কোনটো অধিসূচনাই তেওঁলোকক শৰণাৰ্থী বুলি সংজ্ঞায়িত কৰিছে কওকচোন।” অধিবক্তাই উত্তৰ দিলে, “আমি বিতাড়নক প্ৰত্যাহ্বান জনোৱা নাই। আমি জিম্মাত নিৰুদ্দেশ হোৱাৰ বিষয়টো বিবেচনা কৰিছো।”

মুখ্য ন্যায়াধীশ সূৰ্য কান্তে সুধিলে, “কোনোবা যদি অনুপ্ৰৱেশকাৰী হয়, তেন্তে তেওঁলোকক ভিতৰত ৰখাটো আমাৰ দায়িত্ব নেকি?” লগতে তেওঁ কয় যে যদি কোনোবাই অবৈধভাৱে দেশত প্ৰৱেশ কৰে তেন্তে পিছত তেওঁলোকে আইনৰ অধীনত নিজৰ অধিকাৰ দাবী কৰিবলৈ আৰম্ভ কৰে।

কিন্তু শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আবেদনখনৰ মূল ভিত্তিক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে এই আবেদন এনে কোনো ব্যক্তিয়ে দাখিল কৰিছে, যাৰ এনে বিষয় উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। তেওঁ কয় যে, “ৰোহিংগীয়া সম্প্ৰদায়ৰ সৈতে কোনো সম্পৰ্ক নথকা এই জনস্বাৰ্থৰ আবেদনকাৰীয়ে এই বক্তব্যসমূহ দিছে, আৰু আদালতক আবেদনখন গ্ৰহণ নকৰিবলৈ মেহতাই অনুৰোধ জনায়। অৱশ্যে চমু শুনানিৰ অন্তত বিচাৰপীঠে গোচৰটো স্থগিত ৰাখি ১৬ ডিচেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি কয়।

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
দৰিদ্ৰতা অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই ৩ সংকেত...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী