গৈছিল এবুকু সপোন লৈ, পিছে ঘৰলৈ উভতিল এটা নিথৰ দেহ হৈ…শৈক্ষিক প্ৰতিষ্ঠানত ভয়ংকৰ কাণ্ড…

বহু আশা বুকুত বান্ধি ছাত্ৰজনে অধ্যয়ন কৰিছিল। কিন্তু সেই ছাত্ৰজনে এতিয়া অকালতে মৃত্যুক সাৱতি লয়। IIITDM ত সংঘটিত ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গৈছিল এবুকু সপোন লৈ, পিছে ঘৰলৈ উভতিল এটা নিথৰ দেহ হৈ...শৈক্ষিক প্ৰতিষ্ঠানত ভয়ংকৰ কাণ্ড...

ছাত্ৰজন

Published: 

01 Oct 2025 | 11:04 PM

বহু সপোন বুকুত বান্ধি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় বা মহাবিদ্যালয়লৈ যায়। এনে বহু সপোন বুকুত বান্ধি IIITDM লৈ গৈছিল এজন ছাত্ৰ। পিছে সপোন পূৰণ নহ’ল। তেওঁ এটি মৃতদেহ হৈ ঘৰলৈ উভতিবলগীয়াত পৰে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত। জানিব পৰা মতে, ৰেগিঙৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি যুৱকজনে চৰম পন্থা গ্ৰহণ কৰে। পৰিয়ালে অভিযোগ কৰিছে যে এয়া ৰেগিঙৰ বাবে হোৱা কাণ্ড।

তথ্য অনুসৰি, ৩০ ছেপ্টেম্বৰৰ দুপৰীয়া ১২ মান বজাত IIITDM ৰ পানিনি হোষ্টেলৰ চতুৰ্থ মহলাৰ পৰা হঠাৎ বাগৰি পৰে উৎকৰ্ষ। লগে লগে তেওঁক হাস্পাতাললৈ লৈ যোৱা যদিও চিকিৎসাৰ সময়ত তেওঁ মৃত্যুক সাৱতি লয়। ১৯ বছৰীয়া উৎকৰ্ষ তিৱাৰী আছিল উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ বাসিন্দা।

বৰ্তমান এই গোচৰৰ তদন্ত আৰক্ষীয়ে কৰিছে যদিও বহু দিশৰ তথ্য হাতত পৰিছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই কৈছে যে, শিক্ষা ঋণৰ বাবে তেওঁ মানসিক চাপত ভুগি আছিল। যাৰ বাবে সম্ভৱত এই পদক্ষেপ গ্ৰহণ কৰে। কিন্তু পৰিয়ালে এই দাবী নাকচ কৰিছে।

ছাত্ৰজনৰ ভাতৃ ৰোহিত তিৱাৰীয়ে কয় যে, “মোৰ ভাইটী মানসিকভাৱে দুৰ্বল নাছিল। ঋণৰ দৰে কথাবোৰে তেওঁক কেতিয়াও আমনি দিয়া নাছিল। এয়া এক হত্যাৰ গোচৰ। তেওঁৰ চতুৰ্থ মহলাৰ পৰা ঠেলি দিয়া হৈছে”। ইয়াৰ লগতে ছাত্ৰজনৰ পিতৃয়ে কয় যে, এয়া এক হত্যাৰ গোচৰ। এই সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

পৰিয়ালে অভিযোগ কৰিছে যে, ৰেগিঙৰ ফলত মৃত্যু হৈছে। তেওঁলোকে সন্দেহ কৰিছে যে, প্ৰথম ছাত্ৰজনক আক্ৰমণ কৰে আৰু পাছত কোনোৱে ওপৰৰ মহলাৰ পৰা ঠেলি দিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছাত্ৰজনৰ মুখ আৰু পিঠিত গুৰুতৰভাৱে আঘাত পোৱাৰ কথাও প্ৰকাশ পাইছে। যাৰ বাবে ই এক হত্যাৰ গোচৰ বুলি সন্দেহ কৰা হৈছে।

বৰ্তমান আৰক্ষীয়ে প্ৰতিটো দিশৰ পৰা তদন্ত অব্যাহত ৰাখিছে।  প্ৰতিষ্ঠানটোৰ অন্য ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সোধা-পোছা কৰি আছে। হত্যা আৰু ৰেগিং দুয়োটা দিশ আগত ৰাখি তদন্ত চলাইছে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  ছাত্ৰজনে চৰম পন্থা গ্ৰহণ কৰিছে নে ৰেগিঙৰ নামত হত্যা কৰা গৈছে সেই সকলো এতিয়া তদন্ত কৰি থকা গৈছে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব প্ৰকৃততে ছাত্ৰজনৰ কি হৈছিল।

 

অন্য খবৰ পঢ়কঃ আৰক্ষীৰ প্ৰহাৰত মৃত্যু যুৱকৰ, ৰিজাৰ্ভ ক্ল’জ অ’চি কপিল বৰাক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...