বিয়াৰ এমাহেই নহ’ল, নিজহাতেৰে স্বামীক বিহ খুৱাই হত্যা কৰিলে সুনীতাই, এমাহত চাৰিবাৰ কৰিছিল হত্যাৰ চেষ্টা

ৰাতিৰ আহাৰত গিৰিয়েকৰ বাবে কুকুৰাৰ মাংস ৰান্ধে সুনীতাই। স্বামীৰ ভাগৰ কুকুৰাৰ মাংসত বিহ মিহলাই দিলে তেওঁ। এই কথা একেবাৰেই গম পোৱা নাছিল বুদনাথে। পত্নীয়ে ৰান্ধি দিয়া কুকুৰাৰ মাংস তৃপ্তিৰে খাইছিল বুদনাথে। তাৰ পাছত শুবলৈ যায়। সেয়াই বুদনাথৰ অন্তিম শয়ন হৈ পৰিল।

বিয়াৰ এমাহেই নহল, নিজহাতেৰে স্বামীক বিহ খুৱাই হত্যা কৰিলে সুনীতাই, এমাহত চাৰিবাৰ কৰিছিল হত্যাৰ চেষ্টা

প্ৰতীকী ছবি

Published: 

24 Jun 2025 14:12 PM

সোনম ৰঘুবংশীৰ ঘৃণনীয় কাণ্ডক মানুহে এতিয়াও পাহৰা নাই। বিয়াৰ এমাহ নৌহওঁতেই সুপৰিকল্পিতভাৱে স্বামীক হত্যা কৰোৱাই নিজৰ শিৰৰ সেন্দূৰ নিজেই মচিছিল সোনমে। তাৰ আঁৰৰ কাৰণ আছিল, আন যুৱকৰ সৈতে প্ৰেম। এই ক্ষেত্ৰত বহুকেইটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আশ্চৰ্যজনকভাৱে সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে।

এইবাৰ ঘটনাৰ স্থান ছত্তীশগড়। ৰাজ্যখনৰ বলৰামপুৰ জিলাৰ এজন যুৱকে বৰ আশাৰে বিয়া কৰাইছিল এগৰাকী যুৱতীক। কিন্তু সেই যুৱকজনে জনা নাছিল যে যাৰ সৈতে তেওঁ ৭ জনম এক হৈ থকাৰ শপত লৈছিল, সেই যুৱতীয়েই কাল হ’ব তেওঁৰ বাবে। সোনমৰ দৰেই এইগৰাকী যুৱতীয়েও অতি নৃশংসভাৱে হত্যা কৰিলে নিজৰ স্বামীক। কিন্তু সোনমতকৈও এখোপ চৰা আছিল এইগৰাকী যুৱতী। এমাহৰ ভিতৰত তিনিবাৰকৈ পতিক হত্যাৰ চেষ্টা কৰিছিল নৱবিবাহিতাগৰাকীয়ে। কিন্তু তিনিবাৰেই তেওঁ বিফল হয়। অৱশেষত চতুৰ্থবাৰত স্বামীক হত্যা কৰিবলৈ সক্ষম হ’ল এইগৰাকী যুৱতী।

কুকুৰাৰ মাংসত বিহ মিলাই স্বামীক খাবলৈ দিছিল যুৱতীগৰাকীয়ে। পত্নীয়ে আদৰেৰে দিয়া মাংস তৃপ্তিৰে খাইছিল স্বামীয়ে। জীৱন লগৰী বুলি মানি লোৱা ছোৱালীজনীয়ে যে খাবলৈ বিহ দিব, সেয়া হয়তো কল্পনাও কৰিব পৰা নাছিল যুৱকজনে।

ইতিমধ্যে এইগৰাকী নৱবিবাহিতা বোৱাৰীক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। তথ্য অনুসৰি ২২ বছৰীয়া বুদনাথে যোৱা ১১ মে’ত বলৰামপুৰৰ বিষাণপুৰ গাঁৱৰ সুনীতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত সুনীতা কিছুদিন শহুৰেকৰ ঘৰত আছিল, তাৰ পিছত অজুহাত দেখুৱাই মাক-দেউতাকৰ ঘৰলৈ যায়। শহুৰেকে সুনীতাক বাৰে বাৰে ঘৰলৈ উভতি আহিবলৈ কৈছিল, কিন্তু সুনীতা উভতি আহিব খোজা নাছিল।

ইতিমধ্যে সুনীতাৰ স্বামী আৰু পৰিয়াল তেওঁৰ পিতৃগৃহলৈ আহে। সুনীত কিয় স্বামীগৃহলৈ যাব খোজা নাই সেই বিষয়ে তেওঁলোকে জানিব বিচাৰে। কিন্তু সুনীতাই একো নক’লে। হতাশ হৈ দৰা পৰিয়ালে ৫ জুনত পঞ্চায়তলৈ ফোন কৰে। পঞ্চায়তত সিদ্ধান্ত লোৱাৰ পিছত সুনীতাই শহুৰেকৰ ঘৰলৈ আহিব লগা হয়। সুনীতা ঘূৰি আহিছিল যদিও, মনত লৈ আহিছিল এক পৰিকল্পনা। স্বামীৰ লগত থাকিবলৈ মন নাছিল তেওঁৰ। কিবা সুধিলেও একো নকয়, মৌন হৈ আছিল সুনীতা। কিন্তু এই মৌনতাৰ আঁৰত আছিল এক নিকৃষ্ট পৰিকল্পনা।

স্বামীৰ চেহেৰা পছন্দ নাছিল সুনীতাৰ

আচলতে সুনীতাই স্বামীক পছন্দ কৰা নাছিল। স্বামীৰ মুখখন তেওঁ ঘৃণা কৰিছিল। আনকি তেওঁ বুদনাথৰ সৈতে বিয়া হ’বলৈও অস্বীকাৰ কৰিছিল যদিও পৰিয়ালে জোৰ দিয়াত সুনীতাই তেওঁৰ সৈতে বিয়াত বহিছিল। বিয়াৰ মাত্ৰ তিনি-চাৰি দিনৰ পাছতেই সুনীতাই স্বামীৰ পৰা মুক্তি পাবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। ইয়াৰ আগতেও তিনিবাৰ স্বামীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল সুনীতা।

কুকুৰাৰ মাংসত মিলালে বিহ

যেতিয়া সুনীতাই শহুৰেকৰ ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ প্ৰথমে বজাৰলৈ গৈছিল। বজাৰৰ পৰা কীটনাশক কিনিছিল। তাৰ পিছত শহুৰেকৰ ঘৰলৈ গৈ ৰাতিৰ আহাৰত গিৰিয়েকৰ বাবে কুকুৰাৰ মাংস ৰান্ধে। সুনীতাই স্বামীৰ ভাগৰ কুকুৰাৰ মাংসত বিহ মিহলাই দিলে। এই কথা একেবাৰেই গম পোৱা নাছিল বুদনাথে। পিতৃগৃহৰ পৰা ঘূৰি আহি পত্নীয়ে ৰান্ধি দিয়া কুকুৰাৰ মাংস তৃপ্তিৰে খাইছিল বুদনাথে। তাৰ পাছত শুবলৈ যায়। সেয়াই বুদনাথৰ অন্তিম শয়ন হৈ পৰিল। পিছদিনা বুদনাথৰ মাতৃয়ে আৰক্ষীক অভিযোগ কৰি কয়, “মোৰ ল’ৰাটোৱে খাদ্য খাই শুইছিল, তাৰ পিছত সাৰ নাপালে।” পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সুনীতাক জিম্মাত লৈ জেৰা কৰে। আৰক্ষীয়ে মহিলাগৰাকীক কঠোৰভাৱে জেৰা কৰাত মহিলাগৰাকীয়ে সকলো স্বীকাৰ কৰে।

নাৰিকল তেল নে এলোভেৰা জেল, ছালৰ বাবে কোনটো উত্তম?
দাঁতৰ সমস্যা আছে নেকি? এই ৫ বিধ খাদ্যই নষ্ট কৰে আপোনাৰ দাঁত!
প্ৰস্ৰাৱ সংক্ৰমণ হ'লে কি কি সমস্যাৰ সৃষ্টি হয়? জানক...
হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম