কুলংগাৰ পুত্ৰৰ জঘন্য কাণ্ড! জীৱিত অৱস্থাতে নৈত পেলাই দিলে জন্মদাত্ৰী মাতৃক, কাৰণ…
নিজ পুত্ৰই হত্যা কৰিলে অসুস্থ মাতৃক। কুলংগাৰ পুত্ৰই মাতৃক পেলাই দিলে নৈত। ইতিমধ্যে গোচৰটো ফাদিল কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অভিযুক্তৰ নাম ইৰোলা বালাইয়া।

প্ৰতীকি ফটো
কিমান নিৰ্দয় হ’ব পাৰে এজন পুত্ৰ? এই ঘটনা জানিলে হয়তো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। য’ত নিজ পুত্ৰই হত্যা কৰিলে অসুস্থ মাতৃক। কুলংগাৰ পুত্ৰই মাতৃক পেলাই দিলে নৈত। ইতিমধ্যে গোচৰটো ফাদিল কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অভিযুক্তৰ নাম ইৰোলা বালাইয়া। হত্যাকাণ্ডৰ লগত জড়িত তেওঁৰ সহযোগীকো আৰক্ষীয়ে আটক কৰি ৰাখিছে। তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
নিহত বৃদ্ধাগৰাকীৰ নাম সয়াব্বা (৭৭)। তেওঁ পিতলাম মণ্ডলৰ বলকাপল্লী গাঁৱৰ বাসিন্দা। ঘটনা অনুসৰি বিগত বৃহস্পতিবাৰে বলকাপল্লী গাঁৱৰ বাহিৰৰ মঞ্জিৰা নদীত উদ্ধাৰ হৈছিল এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ। তাৰ পিছত নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বনছোৱা মণ্ডলৰ কয়াগুটা চৌহদত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
লগতে এই অপৰাধত ব্যৱহৃত বাইক আৰু দুটা মোবাইল জব্দ কৰিছে আৰক্ষীয়ে। সোধা-পোছাৰ সময়ত পুত্ৰই স্বীকাৰ কৰে যে তেওঁৰ মাতৃ সয়াব্বা অসুস্থতাৰ বাবে বিচনাত পৰি আছিল আৰু তেওঁৰ যত্ন ল’বলৈ কোনো নাই। ৮ ছেপ্টেম্বৰৰ নিশা তেওঁ বাইকত মাতৃক বোলকপল্লী দলঙলৈ লৈ গৈ মঞ্জিৰা নদীত ঠেলি দিয়ে, যাৰ ফলত মাতৃগৰাকীৰ মৃত্যু হয়। তেওঁৰ লগত গৈছিল এজন কিশোৰ।
বালাইয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে কিশোৰজনক কিশোৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে। গাঁওখনত এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰা হৈছে। জানিব পৰা মতে অভিযুক্ত বলাইয়াৰ পত্নীয়ে ইতিমধ্যে আত্মহত্যা কৰিছিল। আৰক্ষী অধীক্ষক এম ৰাজেশ চন্দ্ৰই বানছোৱাদাৰ ডি এছ পি বিত্তল ৰেড্ডী, বনছোৱা গ্ৰাম্য চি আই তিৰুপথাইয়া, পিটলামৰ এছ আই ভেংকট ৰাও আৰু তেওঁলোকৰ দলটোৱে গোচৰটো সফলতাৰে সমাধান কৰাৰ বাবে প্ৰশংসা কৰে।