SIRৰ সময়সীমা বৃদ্ধি, এই দিনটোলৈ জমা দিব পাৰিব প্ৰ-পত্ৰ…
ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ সময়সীমা এসপ্তাহ বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে। এতিয়া ৪ ডিচেম্বৰৰ পৰিৱৰ্তে ১১ ডিচেম্বৰলৈকে SIR প্ৰ-পত্ৰ জমা দিব পাৰিব। ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত তালিকা।

নিৰ্বাচন আয়োগ
বৰ্তমান দেশৰ ১২খন ৰাজ্যত চলি থকা SIRৰ প্ৰক্ৰিয়াৰ প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ আৰু ৪ ডিচেম্বৰ নহয়। চৰকাৰে এছ আই আৰৰ সময়সীমা আৰু ৭ দিন বৃদ্ধি কৰিছে। এতিয়া ১১ ডিচেম্বৰলৈকে SIRৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। বহু জিলা আৰু ৰাজ্যৰ BLOৰ কামৰ বোজা বৃদ্ধি পোৱাৰ খবৰ পোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে।
প্ৰথমে ২০২৫ চনৰ ৯ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া ভোটাৰ তালিকাৰ খচৰা এতিয়া এসপ্তাহ পিছুৱাই দিয়া হৈছে। এতিয়া ২০২৫ চনৰ ১৬ ডিচেম্বৰত প্ৰকাশ পাব খচৰা।
The Election Commission of India has announced a revised Schedule, extending the relevant dates by one week for the ongoing Special Intensive Revision (SIR) of Electoral Rolls in 12 States/UTs, with 01.01.2026 as the qualifying date. pic.twitter.com/sJB7nHH7A6
— ANI (@ANI) November 30, 2025
তাৰিখবোৰত কি কি পৰিৱৰ্তন হৈছে?
- খচৰা প্ৰকাশৰ সময়সীমা ২০২৫ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৬ ডিচেম্বৰলৈ সলনি কৰা হৈছে।
- দাবী আৰু আপত্তিৰ সময়সীমা ২০২৫ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৮ জানুৱাৰীলৈ, ২০২৫ চনৰ ১৬ ডিচেম্বৰলৈ, ২০২৬ চনৰ ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে।
- প্ৰথমে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত তালিকা প্ৰকাশ এতিয়া ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰীত হ’ব।এই সমগ্ৰ প্ৰক্ৰিয়াটো এসপ্তাহ পিছুৱাই দিয়া হৈছে।
BLOৰ ওপৰত চাপ হ্ৰাস
এই চৰকাৰী পদক্ষেপক বিএলঅ’সকলৰ বাবে সকাহ হিচাপে গণ্য কৰা হৈছে। কিয়নো ৪ ডিচেম্বৰৰ ভিতৰত এছআইআৰ প্ৰ-পত্ৰ জমা দিয়াৰ হেঁচাত বহু বিএলঅ’ৰ মাজত হাৰ্ট এটেক আৰু আত্মহত্যাৰ খবৰ প্ৰকাশ পাইছিল।এই চৰকাৰী সিদ্ধান্তই এতিয়া এছআইআৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়াসকলক অতিৰিক্ত এসপ্তাহৰ সময় প্ৰদান কৰিব। এতিয়াও দেশৰ বহু জিলাত SIR ফৰ্মৰ কামৰ ৫০% কামো সম্পূৰ্ণ হোৱা নাই। যিসকলে এতিয়ালৈ নথি-পত্ৰ সম্পূৰ্ণ কৰিব পৰা নাই, সেইসকল লোকৰ বাবেও এয়া এক সকাহৰ খবৰ।