গৌৰৱান্বিত দেশবাসী! ইতিহাস ৰচনা কৰি মহাকাশৰ পৰা পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা…

Shubhanshu shukla: ইতিহাস ৰচনা কৰি অৱশেষত পৃথিৱীলৈ ঘূৰি আহিল শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী। এই অভিযান আছিল ভৰতৰ বাবে অতি বিশেষ। কিয়নো ১৯৮৪ চনৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী শুভাংশু শুক্লা।

গৌৰৱান্বিত দেশবাসী! ইতিহাস ৰচনা কৰি মহাকাশৰ পৰা পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা...

শুভাংশু শুক্লা

Published: 

15 Jul 2025 15:27 PM

ইতিহাস ৰচনা কৰি আজি (১৫ জুলাই) পৃথিৱীত উপস্থিত হ’ল শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী। এই অভিযানৰ সময়ত শুভাংশুয়ে প্ৰায় ১৮ টা দিন মহাকাশত কটায়। এই সময়চোৱাত তেওঁ বিভিন্ন গৱেষণাত অংশগ্ৰহণ কৰে। অভিযান সামৰি প্ৰায় ২৩ ঘণ্টাৰ যাত্ৰাৰ অন্তত তেওঁৰ ড্ৰেগন মহাকাশযানখনে কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰে। শুভাংশু শুক্লাই তেওঁৰ চাৰিজন মহাকাশচাৰীৰ সৈতে ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত আই এছ এছলৈ ৰাওনা হৈছিল। পৃথিৱীৰ পৰা ২৮ ঘণ্টীয়া যাত্ৰাৰ অন্তত তেওঁলোকে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল।

এইটো নাছা আৰু স্পেচএক্সৰ যৌথ অভিযান। এই মহাকাশ অভিযানত ৪ খন দেশৰ ৪ গৰাকী মহাকাশচাৰী জড়িত হৈ আছে। এই দেশসমূহ হ’ল ভাৰত, আমেৰিকা, পোলেণ্ড, হাংগেৰী। এই অভিযানৰ নেতৃত্ব প্ৰদান  কৰিছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক পেগী হুইটছনে। ইয়াৰ লগতে অভিযানটোত জড়িত আছে পোলেণ্ডৰ ই এছ এ (ইউৰোপীয় মহাকাশ সংস্থা) ৰ মহাকাশচাৰী শ্লোভোজ উজনানস্কি-উইছনিয়েভস্কি আৰু হাংগেৰীৰ হুন’ৰ মহাকাশচাৰী টিবোৰ কাপু ।

ক’ত অৱতৰণ কৰে

যোৱা ১৪ জুলাইৰ সন্ধিয়া ৪:৪৫ বজাত শুম্ভশু শুক্লাৰ সৈতে চাৰিজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ ৰাওনা হয়। তাৰ পাছতে ১৫ জুলাইত পৃথিৱীত উপস্থিত হয়। আজি কেলিফৰ্ণিয়াৰ উপকূলত বিয়লি প্ৰায় ৩ বজাত এই স্প্লেছডাউন হয়। ইয়াৰ পাছতে আটাইকেইজন মহাকাশচাৰীক সাগৰৰ পৰা উলিয়াই অনা হয়।

ইয়াৰ পূৰ্বে স্পেচএক্সে তথ্য শ্বেয়াৰ কৰি কৈছিল যে, মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰাৰ পথত। উল্লেখ কৰা প্ৰয়োজন যে, এই অভিযান সফল কৰিবলৈ ৬০টাতকৈও অধিক বৈজ্ঞানিক অধ্যয়ন আৰু ২০টাতকৈও অধিক আউটৰিচ কাৰ্যসূচী চলোৱা হৈছিল।

 কিয় বিশেষ

এই অভিযান ভাৰতৰ বাবে অতি বিশেষ। কাৰণ ১৯৮৪ চনৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী শুভাংশু শুক্লা। ৪১ বছৰ আগতে ৰাকেশ শৰ্মাই ১৯৮৪ চনত ছোভিয়েট ইউনিয়নৰ মহাকাশযানেৰে মহাকাশলৈ গৈছিল। শুভাংশুৰ এই অভিযানৰ পিছত ভাৰতে ভৱিষ্যতে এটা বাণিজ্যিক মহাকাশ কেন্দ্ৰ স্থাপন কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ মহাকাশতো নতুন প্ৰযুক্তিৰ পৰীক্ষা আৰু বিকাশ কৰাৰ সম্ভাৱনা আছে। এই অভিযানে ২০২৭ চনত মানৱ মহাকাশযান উৎক্ষেপণ কৰাত সহায় কৰিব।

শুভাংশু ভাৰতীয় বায়ুসেনাৰ স্ক্ৱাড্ৰন কমাণ্ডাৰ। তেওঁৰ ২০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। তেওঁ ৬০টাতকৈ অধিক গৱেষণাত অংশগ্ৰহণ কৰিছে। যত ভাৰতৰ পৰা ৭টা পৰীক্ষাও আছে। শুভাংশুৱে মহাকাশত মেথি আৰু সেউজীয়া চূণৰ গুটি খেতি কৰিছে। শেহতীয়াকৈ ইয়াৰ ছবি প্ৰকাশ পাইছিল।

 

অন্য খবৰ পঢ়কঃ Shubhanshu shukla: ঘন্টাত ৩০,০০০ কিলোমিটাৰ ! মহাকাশলৈ ৰাওনা হোৱা শুভাংশুই প্ৰেৰণ কৰিলে প্ৰথম বাৰ্তা, দেশবাসীক ক’লে…

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?