মোদী-নাহিয়ানৰ চমু বৈঠকে দিলে ‘বন্ধুত্ব’ৰ বিশেষ মাত্ৰা, বিনিময় হ’ল শক্তিশালী ভৱিষ্যতৰ এনে ‘উপহাৰ’…

দেশৰ বিভিন্ন ৰাজ্যত বিনিয়োগৰ পৰা আৰম্ভ কৰি মহাকাশ গৱেষণালৈকে— এনে বহুতো গুৰুত্বপূৰ্ণ খণ্ডত ভাৰত আৰু আৰৱ আমিৰশ্বাহী একেলগে কাম কৰিবলৈ সাজু হৈছে। দুয়োখন দেশৰ মাজত এক ডজনৰো অধিক গুৰুত্বপূৰ্ণ চুক্তি আৰু বুজাবুজি স্বাক্ষৰিত হয়।

মোদী-নাহিয়ানৰ চমু বৈঠকে দিলে ‘বন্ধুত্ব’ৰ বিশেষ মাত্ৰা, বিনিময় হ’ল শক্তিশালী ভৱিষ্যতৰ এনে ‘উপহাৰ’...

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি নাহিয়ান

Updated On: 

20 Jan 2026 | 08:44 AM

প্ৰায় তিনি ঘণ্টাৰ এক চমু তথা গুৰুত্বপূৰ্ণ ভ্ৰমণেৰে সোমবাৰে ভাৰতত উপস্থিত হয় সংযুক্ত আৰৱ আমিৰশ্বাহীৰ (UAE) ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান। দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনাবলৈ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গাড়ীতেই দুয়োগৰাকী নেতাই বৈঠকত মিলিত হয়। এই ভ্ৰমণৰ আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক ‘ভাতৃ’ বুলি সম্বোধন কৰাৰ লগতে এই ভ্ৰমণক ভাৰত-আমিৰশ্বাহীৰ সুদৃঢ় বন্ধুত্বৰ প্ৰতীক হিচাপে অভিহিত কৰে।

চৰকাৰী সূত্ৰ মতে, প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ নিমন্ত্ৰণ ৰক্ষা কৰিয়েই আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতত উপস্থিত হৈছিল। যদিও তেওঁ মাত্ৰ তিনি ঘণ্টাৰ বাবেহে ভাৰতত আছিল, তথাপিও এই কম সময়ৰ ভিতৰতে দুয়োপক্ষৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ কূটনৈতিক বিষয়ত আলোচনা হয়।

 

বিদেশ মন্ত্ৰালয়ে জাৰি কৰা এখন তালিকা অনুসৰি, দেশৰ বিভিন্ন ৰাজ্যত বিনিয়োগৰ পৰা আৰম্ভ কৰি মহাকাশ গৱেষণালৈকে— এনে বহুতো গুৰুত্বপূৰ্ণ খণ্ডত ভাৰত আৰু আৰৱ আমিৰশ্বাহী একেলগে কাম কৰিবলৈ সাজু হৈছে। দুয়োখন দেশৰ মাজত এক ডজনৰো অধিক গুৰুত্বপূৰ্ণ চুক্তি আৰু বুজাবুজি স্বাক্ষৰিত হয়।

চুক্তি আৰু আলোচনাৰ মূল বিষয়সমূহ

২০৩২ চনৰ ভিতৰত ভাৰত আৰু আৰৱ আমিৰশ্বাহীৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লক্ষ্য হ’ল ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যৱসায়িক লেনদেন।

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন স্তৰলৈ যাবলৈ দুয়োখন দেশে সন্মতি পত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰিও ভাৰতত ‘ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ’ নিৰ্মাণৰ বাবে আমিৰশ্বাহীয়ে সহযোগিতা আগবঢ়াব।

ভাৰতৰ হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (HPCL) আৰু আবু ধাবিৰ নেচনেল অইল কোম্পানীৰ মাজত গেছ বাণিজ্য সম্প্ৰসাৰণৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে।

গুজৰাটৰ ধোলেৰাত বিশেষ বিনিয়োগ অঞ্চল (Special Investment Region) উন্নয়নৰ বাবে দুয়ো পক্ষ একমত হৈছে। ইয়াৰ উপৰিও গুজৰাটত আবু ধাবি বেংক আৰু ‘ডিপি ৱৰ্ল্ড’ৰ কাৰ্যালয় স্থাপনৰ জৰিয়তে কৰ্মসংস্থাপন বৃদ্ধিৰো প্ৰতিশ্ৰুতি দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভাৰতীয় সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ আবু ধাবিত নিৰ্মাণ কৰা হ’ব ‘হাউচ অৱ ইণ্ডিয়া’। ইয়াৰ লগতে দুয়োখন দেশৰ মাজত শিক্ষা আৰু কৰ্মক্ষেত্ৰত ‘যুৱ বিনিময়’ কাৰ্যসূচী অধিক সক্ৰিয় কৰা হ’ব।

প্ৰতিৰক্ষা খণ্ডৰ বিভিন্ন বিষয়ৰ লগতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰতো দুয়োপক্ষৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন হয়।

খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগতে ‘ডিজিটেল দূতাবাস’ স্থাপনৰ সন্দৰ্ভতো চৰ্চা কৰা হয়।

ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে খাওক এই খাদ্য...
শীতকালত হাড় শক্তিশালী কৰিবলৈ কি কি খাব?
ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...