হৃদয় বিদাৰক! পথত দাওদাওকৈ জ্বলি উঠিল কেইবাখনো বাহন, প্ৰাণ হেৰুৱালে ৮ জন লোকে
জানিব পৰা মতে তিনি-চাৰিখন সৰু বাহনৰ লগতে এখন বাছ আৰু দুখন কণ্টেইনাৰ বাহনৰ সংঘৰ্ষৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ হৈ পৰিছিল যে কেইবাখনো বাহন সম্পূৰ্ণৰূপে ধ্বংস হয়।

প্ৰতিনিধিত্বমূলক ছবি
এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ পুনে-বেংগালুৰু ঘাইপথত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নৱলে দলঙৰ সমীপত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে পথত দাওদাওকৈ জ্বলি উঠে কেইবাখনো বাহন। এনে ঘটনাই মুহূৰ্তৰ ভিতৰতে সেই স্থানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। পোহৰলৈ অহা খবৰ অনুসৰি এই দুৰ্ঘটনাত ৮ জন লোক অগ্নিদগ্ধ হৈ শোকাৱহভাৱে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোককেইজন সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে পুনে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাটাও দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। সন্ধিয়া পথটোত ব্যাপক ভিৰ হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত পুনে-বেংগালুৰু ঘাইপথত দীঘলীয়া যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
নৱলে দলঙত সংঘটিত হয় এই দুৰ্ঘটনা
পুনে চহৰৰ নৱলে দলঙত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে তিনি–চাৰিখন সৰু বাহনৰ লগতে এখন বাছ আৰু দুখন কণ্টেইনাৰ বাহনৰ সংঘৰ্ষৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ হৈ পৰিছিল যে কেইবাখনো বাহন সম্পূৰ্ণৰূপে ধ্বংস হয়। দুৰ্ঘটনাৰ ফলত বাহনকেইখনৰ ভিতৰত বহু লোক বাহনৰ ভিতৰতে আৱদ্ধ হৈ পৰে।
এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী তথা স্থানীয় আৰক্ষীৰ দল আৰু তাৎক্ষণিকভাৱে বাহনৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে। আহত লোকসকলক লগে লগে সমীপৰেৰ ছাছুন আৰু নাভালে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাত ৮ জন নিহত
এই ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মৃত লোককেইজনৰ চিনাক্তকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। ইফালে আহত লোকসকলৰ চিকিৎসা চলি আছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।
অব্যাহত তদন্ত
ঘটনাস্থলীত থকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চালকৰ গাফিলতি বা ব্ৰেক বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে সঠিক কাৰণৰ সন্ধানৰ বাবে তদন্ত অব্যাহত আছে। ইফালে আহত লোককেইজনৰে ভিতৰত কেইজনমান লোকৰ অৱস্থা সংকটজনক আৰু এনে অৱস্থাত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা প্ৰকাশ কৰিছে।