TV9 ASSAM
কিছুদিনৰ পৰা ঘৰুৱা ক্ৰিকেটৰ ক্ষেত্ৰত বিচিচিআইয়ে অতি কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ বিচিচিআইয়ে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীকো ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ দিছে।
এক প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে ৰোহিত আৰু বিৰাট কোহলীক ঘৰুৱা এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ কয়। এই প্ৰতিযোগিতা অহা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।
বিচিচিআইৰ এই নিৰ্দেশৰ পিছতে ৰোহিত শৰ্মাই বিজয় হাজাৰে ট্ৰফীত খেলাৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলিবলৈ সম্পূৰ্ণ সাজু বুলি মুম্বাই ক্ৰিকেট সন্থাক স্পষ্ট কৰি দিছে।
বিজয় হাজাৰে ট্ৰফী ২০২৫ত যদি ৰোহিত শৰ্মাই অংশ লয়, সেয়া তেওঁৰ লগতে অনুৰাগীৰ বাবেও বিশেষ হ’ব, কিয়নো বিগত ৭ বছৰে এই প্ৰতিযোগিতাত তেওঁ এখনো মেচ খেলা নাই।
২০১৮ চনৰ অক্টোবৰ মাহত অন্তিমবাৰৰ বাবে বিজয় হাজাৰে ট্ৰফীত খেলা ৰোহিত শৰ্মাই ২০১৮/১৯ বৰ্ষৰ প্ৰতিযোগিতাত মুম্বাইৰ হৈ দুখন মেচ খেলিছিল আৰু সেই ছিজনত মুম্বাইয়ে খিতাপ দখল কৰিছিল।
ভাৰতৰ ঘৰুৱা ক্ৰিকেটত বিজয় হাজাৰে ট্ৰফী একমাত্ৰ এদিনীয়া প্ৰতিযোগিতা। গতিকে টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱা ৰোহিতৰ বাবে এই প্ৰতিযোগিতাখন অতি গুৰুত্বপূৰ্ণ হ’ব।
পঢ়িবলৈ ক্লিক কৰক
শচীন-কোহলী-দ্ৰাবিড়ৰ তালিকাত গিল!