শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাহেকীয়াৰ সময়ত লাভ কৰিব এদিনৰ ছুটী, পাব দৰমহাও; মহিলা কৰ্মচাৰীলৈ চৰকাৰৰ ‘সকাহ’ৰ সিদ্ধান্ত

চৰকাৰে এই সন্দৰ্ভত আনুষ্ঠানিক আদেশ জাৰি কৰিছিল। আদেশত লগতে এই ক্ষেত্ৰত কোনো শিথিলতা দেখুৱাব নালাগে বুলি স্পষ্টকৈ কোৱা হৈছে। যদি আদেশ উলংঘা কৰা হয় বা মহিলা কৰ্মচাৰীৰ দৰমহা সেই সময়ত কৰ্তন কৰা হয়, নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আদেশত উল্লেখ কৰা হৈছে।

মাহেকীয়াৰ সময়ত লাভ কৰিব এদিনৰ ছুটী, পাব দৰমহাও; মহিলা কৰ্মচাৰীলৈ চৰকাৰৰ ‘সকাহ’ৰ সিদ্ধান্ত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 13 Nov 2025 18:12 PM

মহিলা কৰ্মচাৰীসকললৈ এক গুৰুত্বপূৰ্ণ সকাহ আগবঢ়াইছে ৰাজ্য চৰকাৰে মাহেকীয়াৰ সময়ত মহিলা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে এদিনৰ ছুটী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ছুটীৰ দিনটোত কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা নহয় বুলিও চৰকাৰে স্পষ্ট কৰি দিছে অৰ্থা মহিলা কৰ্মচাৰীসকলে মাহত দৰমহাসহ এদিনৰ ছুটী লাভ কৰিব এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে মহিলা কৰ্মচাৰীসকলৰ সকাহৰ বাবে কৰ্ণাটক কেবিনেটে অক্টোবৰ মাহত এই প্ৰস্তাৱত অনুমোদন জনাইছিল।

কেবিনেটৰ এই অনুমোদনৰ পিছত বুধবাৰে চৰকাৰে জাৰি কৰিলে চৰকাৰী নিৰ্দেশ। এই আদেশৰ অধীনত ১৮ৰ পৰা ৫২ বছৰৰ ভিতৰৰ সকলো মহিলা কৰ্মচাৰীক প্ৰতিমাহে এদিনৰ মাহেকীয়া দৰমহাযুক্ত ছুটী প্ৰদান কৰা হ’ব। এই আদেশ স্থায়ী, চুক্তিবদ্ধ আৰু ঠিকাভিত্তিক সকলো মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য ব।

কৰ্ণাটক চৰকাৰে এই সন্দৰ্ভত ১২ নৱেম্বৰত আনুষ্ঠানিক আদেশ জাৰি কৰিছিল। আদেশত এই বিষয়ে উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত কোনো শিথিলতা দেখুৱাব নালাগে বুলি স্পষ্টকৈ কোৱা হৈছে। যদি আদেশ উলংঘা কৰা হয় বা মহিলা কৰ্মচাৰীৰ দৰমহা সেই সময়ত কৰ্তন কৰা হয়, নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদেশত উল্লেখ কৰা হৈছে।

প্ৰতিমাহে এদিন ঋতুস্ৰাৱৰ ছুটী

চৰকাৰী নিৰ্দেশ অনুসৰি মহিলাসকলক প্ৰতিমাহে এদিন ঋতুস্ৰাৱৰ ছুটী লোৱাৰ সুবিধা দিয়া হৈছে। ডেকান হেৰাল্ডৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰী আদেশত কোম্পানীৰ স্বত্বাধীকাৰীসকলক ফেক্টৰী এক্ট, ১৯৪৮, কৰ্ণাটক দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান আইন, ১৯৬১, বাগিচা শ্ৰমিক আইন, ১৯৫১, বিড়ি চিগাৰ ৱৰ্কাৰছ (নিয়োগৰ চৰ্ত) এক্ট, ১৯৬৬ আৰু মটৰ গাড়ী শ্ৰমিক আইন, ১৯৬১ৰ অধীনত সামৰি লোৱা প্ৰতিষ্ঠানসমূহত ১৮-৫২ বছৰ বয়সৰ সকলো মহিলা কৰ্মচাৰীক বছৰি ১২টাকৈ পেইড ছুটীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।