শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেৰ বিশেষ পদক্ষেপ, ভিৰৰ মাজতো আৰামেৰে কৰিব পাৰিব যাত্ৰা

বহু সময়ত ৰে’লত আসন নথকা বাবে জ্যেষ্ঠ নাগৰিকসকলে ভিৰ মাজত থিয় হৈ যাত্ৰা কৰিব লাগে।  বহুতকে আসন এৰি দিয়াৰ বাবে অনুৰোধ জনাব লাগে। কিন্তু এতিয়াৰে পৰা স্থানীয় ৰে'লত জ্যেষ্ঠ নাগৰিকৰ বাবে সুকীয়া কম্পাৰ্টমেণ্ট থাকিব। যাৰ বাবে ভৰ্তি হোৱা ৰে’লতো জ্যেষ্ঠ নাগৰিকসকলে আৰামেৰে যাত্ৰা কৰিব পাৰিব।

জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেৰ বিশেষ পদক্ষেপ,  ভিৰৰ মাজতো আৰামেৰে কৰিব পাৰিব যাত্ৰা
জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে'লৱেৰ বিশেষ পদক্ষেপ
trishna-kalita
Trishna Kalita | Updated On: 07 Jul 2025 12:57 PM

ট্ৰেইনত ভিৰৰ মাজত যাত্ৰা কৰাতো মহা জ্বালা, বিশেষকৈ স্কুল-কলেজ বা কাৰ্যালয়লৈ যোৱাৰ সময়ত স্থানীয় ৰে’লত ব্যাপক ভিৰ হয়, ভৰি ৰাখিবলৈও কেতিয়াবা ঠাই নোহোৱা হয়। তথাপিওটো নিজৰ কৰ্মক্ষেত্ৰলৈ যাবই লাগিব। কম মূল্যত ভ্ৰমণ কৰিব পাৰি বাবেই বহুতেই ৰে’লত যাত্ৰা কৰে। তাৰ ভিতৰত এনে বহু জ্যেষ্ঠ নাগৰিক আছে যিয়ে নিজৰ প্ৰয়োজনীয় কামৰ বাবে স্থানীয় ৰে’লত যাত্ৰা কৰিবলগীয়া হয়। বহু সময়ত আসন নথকা বাবে জ্যেষ্ঠ নাগৰিকসকলে ভিৰ মাজত থিয় হৈ যাত্ৰা কৰিব লাগে।

বহুত সময়ত আসন এৰি দিয়াৰ বাবে অনুৰোধ জনাব লাগে। কিন্তু এতিয়াৰে পৰা স্থানীয় ৰে’লত জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব সুকীয়া কম্পাৰ্টমেণ্ট। যাৰ ফলত অতি ভিৰ হোৱা ৰে’লতো জ্যেষ্ঠ নাগৰিকসকলে আৰামেৰে যাত্ৰা কৰিব পাৰিব।

জ্যেষ্ঠ নাগৰিকৰ বাবে সুকীয়া দবা সংযোজনৰ পৰিকল্পনা কৰিছে ৰে’লৱে ব’ৰ্ডে । ইতিমধ্যে জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক মাল্টিপল ইউনিট ৰেক (EMU) আৰু বিশেষভাৱে ডিজাইন কৰা দবা প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় ৰে’লৱেই। মুম্বাই উপনগৰীয় নেটৱৰ্কত থকা স্থানীয় ৰে’লসমূহত জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব সুকীয়া দবা। কেন্দ্ৰীয় ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই কয়, ‘‘এয়া প্ৰথম প্ৰ’ট’টাইপ। আমি আৰু অধিক এনেধৰণৰ পৰিৱৰ্তন কৰিম। সকলো বয়সস্থ যাত্ৰীৰ সুবিধাৰ্থে এই সিদ্ধান্ত লোৱা হৈছে।”

ইয়াৰ বাবে মাটুংগা কাৰখানাত জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ দবা নিৰ্মাণ কৰা হৈছে। এই দবাত উঠিবলৈ আৰু নামিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে, যাতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সুবিধা হয়। ২ আৰু ৩ জনকৈ বহিবলৈ ৰখা হৈছে বেঞ্চ । জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ বাবে এই দবাটোত হেণ্ডেলবোৰো তলত ৰখা হৈছে। ভাৰসাম্য ৰক্ষা কৰিবলৈ দুৱাৰৰ সন্মুখত কেইবাটাও গ্ৰেব হেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও দবাটোৰ দুয়োখন দুৱাৰত জৰুৰীকালীন জখলা বা চিৰি থাকিব।

বাকী দবাৰ পৰা পৃথকে চিহ্নিত কৰিবলৈ জ্যেষ্ঠ নাগৰিকৰ দবাটোত পৃথক ভিনাইল ডিজাইন কৰা হৈছে। এতিয়া এই দবাটোৰ সন্দৰ্ভত জ্যেষ্ঠ নাগৰিকসকলৰ পৰা মতামত লোৱা হ’ব। তেওঁলোকৰ মতামতৰ পাছতহে অধিক পদক্ষেপ ল’ব ৰে’লৱেই ৷