জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষঃ নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ গ’ল তিনি সন্ত্ৰাসবাদীৰ

জম্মু-কাশ্মীৰৰ পুঞ্চত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে এক এনকাউণ্টাৰ। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে তিনি সন্ত্ৰাসবাদী সদস্য। জানিব পৰা মতে সন্ত্ৰাসবাদীৰ এটা দলে LoC পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিৰাপত্তা বাহিনীৰ দলে এই অভিযান চলাইছিল।

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষঃ নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ গ’ল তিনি সন্ত্ৰাসবাদীৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 Jan 2025 | 10:42 AM

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী সংগঠনৰ কুচ-কাৱাজ। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। বৃ্হস্পতিবাৰে পুনৰ জম্মু-কাশ্মীৰৰ পুঞ্চত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে এক এনকাউণ্টাৰ। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে তিনি সন্ত্ৰাসবাদী সদস্য। জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ এটা দলে LoC পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

সীমান্তত টহলদাৰী নিৰাপত্তা বাহিনীৰ দলে লগে লগে এই অনুপ্ৰৱেশ বিফল কৰাৰ চেষ্টা চলায় আৰু তিনিগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হয়। প্ৰকাশিত খবৰ অনুসৰি পুঞ্চৰ LoC ৰ সমীপত খাৰমাল অঞ্চলত নিয়োজিত সেনা জোৱানসকলে সীমান্তত অনুপ্ৰৱেশৰ সম্ভাৱনা প্ৰত্যক্ষ কৰি জোৱানসকলে ওচৰৰ নিৰাপত্তা চকীসমূহক সতৰ্ক কৰি দিয়ে আৰু সন্ত্ৰাসবাদী দলটোক দেখা পোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই সংঘৰ্ষত এই পৰ্যন্ত নিৰাপত্তা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে অঞ্চলটোত এতিয়াও বৃহৎ পৰিসৰৰ তালাচী অভিযান অব্যাহত আছে। ইয়াৰ পূৰ্বে ২৪ জানুৱাৰীৰ নিশাও কাঠুৱাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা হৈছিল। অঞ্চলটোত একাংশ সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি মাজনিশা ব্যাপক তালাচী অভিযান আৰম্ভ কৰে নিৰাপত্তা বাহিনীয়ে।

নিশা প্ৰায় ১.৩০ বজাত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ খবৰ লাভ কৰে জোৱানসকলে। ইয়াৰ পিছত সেনাই অভিযান আৰম্ভ কৰে। প্ৰায় আধা ঘণ্টা ধৰি দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হয়। অৱশ্যে এই গুলীচালনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নগ’ল। বিষয়াসকলে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদী দলটোত তিনিজন সদস্য আছিল। অভিযানৰ অন্তত দলটোৱে সমীপৰ অৰণ্যৰ ফালে পলায়ন কৰে।

শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰক্ষী আৰু সেনাই একেলগে সক্ৰিয় সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰায় ২৫টা আত্মগোপন স্থানত অভিযান চলাইছে। এই সময়ছোৱাত দলটোৱে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু আপত্তিজনক সামগ্ৰীও জব্দ কৰে। NIA আদালতৰ পৰা পোৱা ৱাৰেণ্টৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজৌৰী, নৌশ্বেৰা, থানা মণ্ডি, ধৰ হল, কোট্ৰাংকা, বুধল, মাঞ্জাকোট, চিংগাছকে ধৰি বিভিন্ন অঞ্চলত এই অনুসন্ধান অভিযান চলোৱা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...